কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান ও ব্যাঘ্ৰ সংৰক্ষিত বনাঞ্চলৰ কাষৰীয়া গাওঁৰ শিপিনী আৰু হস্ত শিল্পীৰ বাবে উদ্যান কৰ্তৃপক্ষৰ উদ্যোগত ভাৰত চৰকাৰৰ হস্ততাঁত মন্ত্ৰালয় আৰু কেন্দ্ৰীয় হস্ত শিল্প মন্ত্ৰালয়ৰ বিশেষ সহযোগত দক্ষতা বিকাশৰ দুটাকৈ প্ৰশিক্ষণৰ শুভাৰম্ভ :

Aiidesh News : 25 October 2024  :

হস্ততাঁত মন্ত্ৰালয়ৰ সমৰ্থ আঁচনিৰ উদ্যোগত ৰেচম আৰু মুগা শিল্পৰ আৰু হস্তশিল্প মন্ত্ৰালয়ৰ ৰাষ্ট্ৰীয় হস্ত শিল্প উন্নয়ন আঁচনিৰ অধীনত গুৰু-শিষ্য পৰম্পৰাৰে দক্ষতা বৃদ্ধিৰ হস্তশিল্প প্রশিক্ষণ কাৰ্যসূচীৰ দুমহীয়া প্ৰশিক্ষণৰ বৃহস্পতি বাৰে শুভাৰম্ভ কৰা হয় ৷ এই উপলক্ষে কাজিৰঙাৰ ৰাষ্ট্ৰীয় উদ্যানৰ কঁহৰাত থকা বন বিভাগৰ প্ৰেক্ষাগৃহত আয়োজিত বিশেষ অনুষ্ঠানত মুখ্য অতিথি হিচাবে উপস্থিত থাকে কেন্দ্ৰীয় চৰকাৰৰ বস্ত্ৰশিল্প  আৰু বৈদেশিক পৰিক্রমা বিভাগৰ ৰাজ্যিক মন্ত্রী পবিত্ৰ মাৰ্ঘেৰিতাই ৷ 

গাম্ভীৰ্যপুৰ্ণ এই অনুষ্ঠানত কৃষি আৰু পশুপালন মন্ত্ৰী অতুল বৰা মন্ত্রী, পৰিবহন আৰু বিজ্ঞান ওপ্ৰযুক্তি বিভাগৰ মন্ত্ৰী কেশৱ মহন্ত, হস্ততাঁত আৰু বস্তুশিল্প বিভাগৰ মন্ত্ৰী উখাও গৌড়া ব্রহ্ম, পৰিৱেশ আৰু বনমন্ত্ৰী চন্দ্রমোহন পাটোৱাৰী মন্ত্রী, কাজিৰঙা লোকসভা সমষ্টিৰ সাংসদ কামাখ্যা প্রসাদ তাছা, কেন্দ্ৰীয় ৰেচম বিভাগৰ সচিব পি শিৱকুমাৰ, গোলাঘাট জিলাৰ আয়ুক্ত পুলক মহন্ত, আৰক্ষী অধীক্ষক সকলকে ধৰি বিভাগীয় বিষয়া কৰ্মচাৰীৰ আৰু কাষৰীয় গাওঁৰ শতাধিক শিপিনী আৰু হস্তশিল্পৰ শিল্পী সকল উপস্থিত থাকে ৷

বন্তি প্ৰজ্বলন আৰু জাতীয় সংগীতেৰে আৰম্ভ হোৱা অনুষ্ঠানত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান ও ব্যাঘ্ৰ সংৰক্ষিত বনাঞ্চলৰ ক্ষেত্ৰ সঞ্চালক ড৹ সোনালী ঘোষে সকলোকে আদৰণি জনায় ৷ কেন্দ্ৰীয় ৰেচম আয়োগৰ প্ৰধান সচিব পি শিৱকুমাৰে উদ্দেশ্য বাখ্যা কৰা এই অনুষ্ঠানতে বয়ন শিল্পত অৰিহনা আগবঢ়োৱা ৫ গৰাকী শিপিনীক সম্বৰ্ধনা জনোৱাৰ উপৰিও ৬ গৰাকী হস্তশিল্পৰ ভাস্কৰ্য শিল্পীক কেন্দ্ৰীয় চৰকাৰৰ পৰা শিল্পীৰ পৰিচয় পত্ৰ প্ৰদান কৰে ৷ উল্লেখ্য যে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ বোকাখাত বনাঞ্চলৰ পানবাৰী, ৰজাবাৰী আৰু বৰভেটা গাওঁৰ লগতে অগৰাতলি বনাঞ্চলৰ ধোৱাআতি বেলগুৰি গাওঁত পাৰিপাৰ্শ্বিক উন্নয়ন সমিতিৰ সহযোগত ৰেচম আৰু মুগাৰ হস্ততাঁত আৰু হস্তশিল্পৰ দুমহীয়া প্ৰশিক্ষণ আৰম্ভ কৰা হৈছে ৷ পৰৱৰ্তী পৰ্যায় এই প্ৰশিক্ষণ ৰাষ্ট্ৰীয় উদ্যানখনৰ বাকী বনাঞ্চললৈও প্ৰসাৰিত কৰা হ’ব বুলি জনাইছে সঞ্চালক ড০ সোনালী ঘোষে ৷ একেদৰে বৰভেটা আৰু কান্ধুলিমাৰী গাওঁৰ মহিলা গোটক ভোট জলকীয়াৰ আচাৰ বনোৱাৰো প্ৰশিক্ষণ প্ৰদান কৰা হৈছে ৷ গাওঁ মহিলাই বনোৱা এই ভোট জলকীয়া আচাৰে কাজিৰঙাৰ ইক’ চ'পত সম্প্ৰতি প্ৰচুৰ জনপ্ৰিয় হৈছে ৷ দেশী বিদেশী পৰ্যটকে ক্ৰয় কৰিছে এই আচাৰ ৷

**********