বোকাখাতত ড্ৰাগচসহ এজন যুৱকক আটক : উদ্ধাৰ কন্টেইনাৰ সহ ১৩ গ্ৰাম হেৰ'ইন :

বোকাখাতত ড্ৰাগচসহ এজন যুৱকক আটক : উদ্ধাৰ কন্টেইনাৰ সহ ১৩ গ্ৰাম হেৰ'ইন  :
Aiidesh photo
বোকাখাতত ড্ৰাগচসহ এজন যুৱকক আটক : উদ্ধাৰ কন্টেইনাৰ সহ ১৩ গ্ৰাম হেৰ'ইন  :

বোকাখাতত ড্ৰাগচ সহ এজন যুৱকক আটক : উদ্ধাৰ কন্টেইনাৰ সহ ১৩ গ্ৰাম হেৰ'ইন  :

 

Aiidesh News : 18 August  :

আজি পুৱাতেই বোকাখাত আৰক্ষীয়ে চলোৱা এক বিশেষ অভিযানত গোলাঘাটৰ পৰা গুৱাহাটীলৈ যোৱা নামবৰ নামৰ বাছ খনৰ পৰা ড্ৰাগচ সহ এজন যুৱকক আটক কৰে ৷

ধৃত যুৱকৰ নাম গৌতম বাঢ়ৈ ৷ ঘৰ নুমলীগড়ৰ ধোদাঙত ৷ ড্ৰাগচ সৰবৰাহকাৰী এই যুৱকৰ পৰা বোকাখাত আৰক্ষীয়ে এটা ড্ৰাগচৰ কঢ়িওৱা চাবোনৰ বাকচসহ ১৩ গ্ৰাম হেৰ'ইন, এটা চিৰিঞ্জ, দুটা খালী কন্টেইনাৰ আৰু দুটা আই ফোন জব্দ ৷ যুৱকজনে AS 05 C 9100 নম্বৰৰ যাত্ৰীবাহী নামবৰ নামৰ বাছখনত গোলাঘাটৰ ৰঙাজানৰ পৰা ২৬ নম্বৰ চিটত বহি গুৱাহাটীলৈ গৈ থকা অৱস্থাত বোকাখাতত আৰক্ষীয়ে ড্ৰাগচসহ আটক কৰে ৷ এক বিশেষ সুত্ৰৰ আধাৰত বোকাখাত আৰক্ষীয়ে বোকাখাত থানাৰ সন্মুখত বাছৰ পৰা ড্ৰাগচসহ আটক কৰে যুৱকজনক ৷ অধিক তথ্যৰ বাবে সম্প্ৰতি জেৰা চলাই আছে বোকাখাত আৰক্ষীয়ে ৷

*******