গোলাঘাট জিলাত নিষিদ্ধ কৰা হৈছে এবাৰ ব্যৱহাৰ্য প্লাষ্টিক, পি ভি চি বেনাৰ আৰু থাৰ্মকলৰ ব্যৱহাৰ :

গোলাঘাট জিলাত নিষিদ্ধ কৰা হৈছে এবাৰ ব্যৱহাৰ্য প্লাষ্টিক,  পি ভি চি বেনাৰ আৰু থাৰ্মকলৰ ব্যৱহাৰ  :
Aiidesh Photo

গোলাঘাট জিলাত নিষিদ্ধ কৰা হৈছে এবাৰ ব্যৱহাৰ্য প্লাষ্টিক,  পি ভি চি বেনাৰ আৰু থাৰ্মকলৰ ব্যৱহাৰ  :

Aiidesh News : 23 June  :

ভাৰতীয় দণ্ডবিধি আইনৰ ফৌজদাৰী কাৰ্যবিধিৰ ১৪৪ ধাৰাৰ অধীনত সমগ্ৰ গোলাঘাট জিলাত এবাৰ ব্যৱহাৰযোগ্য প্লাষ্টিকৰ সামগ্ৰী যেনে প্লেট, কাপ, গিলাছ, চামুচ, প্লাষ্টিকৰ ষ্টিক থকা এয়াৰ বাড, বেলুনত লগোৱা প্লাষ্টিকৰ ষ্টিক, প্লাষ্টিকৰ পতাকা, কেণ্ডি, আইচক্ৰীম আদিৰ ষ্টিক, প্লাষ্টিক ষ্টাৰাৰ্ছ আদিৰ প্ৰস্তুতকৰণ, আমদানি, মজুতকৰণ, বিতৰণ, বিক্ৰী আৰু ব্যৱহাৰত নিষেধাজ্ঞা আৰোপ কৰিছে জিলা প্ৰশাসনে ৷

গোলাঘাট জিলাৰ অতিৰিক্ত জিলা দণ্ডাধীশ কুলদীপ হাজৰিকাই সমগ্ৰ গোলাঘাট জিলাতে অহা পহিলা জুলাইৰ পৰা কাৰ্যকৰী হোৱাকৈ এই নিষেধাজ্ঞা আৰোপ কৰিছে । সেই অনুসৰি সৌন্দৰ্য বৰ্ধনৰ বাবে থাৰ্মকলৰ ব্যৱহাৰো সমগ্ৰ জিলাতে নিষিদ্ধ কৰা বুলি নিৰ্দেশটোত উল্লেখ কৰিছে । একেদৰে  মিঠাইৰ বাকচ, নিমন্ত্ৰণী পত্ৰ আৰু চিগাৰেটৰ পেকেটৰ ওপৰত ফিল্ম মেৰিওৱাতো  নিষেধাজ্ঞা আৰোপ কৰিছে প্ৰশাসনে । ইয়াৰ লগতে ১০০ মাইক্রণতকৈ কম ঘনত্বৰ প্লাষ্টিক বা পি ভি চি বেনাৰো নিষিদ্ধ কৰা হৈছে এই  নিৰ্দেশযোগে । এই নিষেধাজ্ঞা অমান্য কৰা লোকৰ বিৰুদ্ধে ভাৰতীয় দণ্ডবিধিৰ ১৮৮ ধাৰাৰ অধীনত ব্যৱস্থা গ্ৰহণ কৰা হ’ব বুলি নিৰ্দেশনাটোত উল্লেখ কৰা হৈছে ।

******