প্ৰদূষিত পৰিৱেশ, সমাজ, আইন,ইত্যাদি
মণ্টু বৰুৱাঃকেওফালে প্ৰদূষণ। কি ৰাজনীতি, কি সমাজনীতি, কি ধৰ্ম, কি সংস্কৃতি, কি সাহিত্য সকলোতে এক অৰাজক পৰিস্থিতি। ক'বলৈ গ'লে আমি কোনোফালে চাবই নোৱাৰো। সকলোতে প্ৰদূষণ। আমি পৰিৱেশ প্ৰদূষণ, শব্দ প্ৰদূষণক লৈ অকণমান হ'লেও চিন্তা কৰিবলৈ শিকিছোঁ, কিন্তু এই যে সমাজখন প্ৰদূষিত হৈছে তালৈ কাৰো কাণসাৰেই নাই। দিনক দিনে সমাজখনত অপৰাধীৰ সংখ্যা অভাৱনীয় হাৰত বৃদ্ধি পাইছে। অন্য জীৱ-জন্তুতকৈ মানুহে যিটো কাৰণত পৃথক হৈছিল বা নিজে নিজকে জীৱশ্ৰেষ্ঠ হিচাপে দাবী কৰিছিল সেইটো হৈছে বিবেক। কিন্তু, এতিয়া যেন বিবেক থাকিও কামত নলগা হৈছে। পশুতকৈও অধম স্তৰলৈ গতি কৰিছে মানৱ সমাজ। ধৰ্ষণ, হত্যাৰ পৰিসংখ্যাই যেন ইয়াকে প্ৰমাণ কৰিছে । মানৱ সমাজত যিমান খিয়লা-খিয়লি সেয়া ইতৰ প্ৰাণীৰ মাজতো দেখা নাযায়। নৈতিকতা, মানৱীয় গুণখিনিৰ অৱনতিয়ে যেন মানৱ সমাজক আদিম স্তৰলৈহে লৈ গুচি গৈছে। বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাৰ বিকাশে পৃথিৱীখনক এখন গাঁৱলৈ ৰূপান্তৰিত কৰিছে। ভৌগোলিক দূৰত্বই এতিয়া সম্পৰ্ক স্থাপনৰ ক্ষেত্ৰত কোনো কাৰণতে হেঙাৰ কৰিব নোৱাৰে। এনে সময়ছোৱাত মানুহৰ মাজত আত্মিক সম্পৰ্ক অধিক কটকটীয়া হওক ছাড়ি অলপতে সম্পৰ্ক বিলাকত কেৰোণ লাগে। মানুহতকৈ ম'বাইটোহে আপোন হৈ পৰিছে। ই সঁচাই দূৰ্ভাগ্যজনক নহয়নে বাৰু
‘সকলোবোৰ মোকহে লাগে' এনে এটা ভাৱ সকলোতে গা কৰি উঠিছে। আনৰ কথা ভাবিবলৈ কাৰো সময় নাই, সেই নিৰাহাৰে, অনিদ্ৰায়ে জীৱন ধাৰণ কৰাজনৰ প্ৰতি সামান্যতমো সহানুভূতি নাইকিয়া হৈছে। ভোগবাদৰ কবলত পৰি যেতিয়াই বিচাৰাটো নাপাইছে তেতিয়াই হতাশ হৈছে, কাৰোবাৰ লগত শাৰী পুৰাব নোৱাৰি হীনমন্যতাবোধত ভুগি আত্মহত্যা কৰিছে। কিমানৰ ঘৰত ম'বাইল, মটৰ চাইকেলক লৈ ভাত-পানী লঘোণ হৈছে তাৰ হয়তো সীমা সংখ্যা নাই। ইমানতে শাম কটা হ'লেও সকলো ঠিকেই আছিল ইয়াৰ পিছতো যেতিয়া দেউতাকে এটা ম'বাইল কিনি দিব নোৱাৰাৰ বাবে শিক্ষাৰ্থীয়ে আত্মহত্যা কৰে ইয়াতকৈ দূৰ্ভাগ্যজনক কি হ'ব পাৰে• এটা সামান্য ম'বাইলৰ বাবে নিজৰ জীৱনটোকো শেষ কৰিবলৈ কুণ্ঠাবোধ নকৰাটোৱে আমাৰ মানসিকতা ক'লৈ গতি কৰিছে সেইটোকে নিৰ্ণয় কৰা নাইনে• অনুশাসন বোলা একো নাইকিয়া হৈছে। আগতে ঘৰৰ বৃদ্ধজনৰ কথা সকলোৱে শুনিছিল। কিন্তু এতিয়া • এতিয়া যদি ঘৰখনলৈ ভালকৈ চকুফুৰোৱা হয় আটাইতকৈ অৱহেলিত, নিসংগ মানুহজন বৃদ্ধজন নহয়নে • এতিয়া নাতিনীয়েকৰ ককাকৰ লগত সময় কটাবলৈ আহৰি নাই। গুগুল টিপিলেই সকলো পায়। সেয়ে এতিয়া আমিহে সকলো জানো, তেওঁলোকে একো নাজানে। তেওঁলোকে বাস্তৱৰ পৰা আহৰণ কৰা শিক্ষাৰ গুৰুত্বও আমাৰ ওচৰত নাই। এতিয়া আহি আহি আমি এনে এটা পৰ্যায় পাইছোহি যি শিক্ষক বুলিলে মূৰ নিজে নিজে দো খাই গৈছিল সেই শিক্ষকৰ নাম এতিয়া যৌন কেলংকাৰীত সোমাই পৰিছে, যিজন চিকিৎসকক ইশ্বৰ দেখাৰ দৰে দেখিছিলো সেইজন চিকিৎসক এতিয়া ৰাইজৰ ৰোষত পৰিব লগীয়া হৈছে। যিজন সাহিতি্যকক সকলোৱে সন্মান কৰিছিল সেইজন মানুহৰ ভিতৰৰ কুন্ধচ মুখখন দেখি সকলোৱে ঘিণাত নাক কোচাইছে। আচলতে হৈছে কি• সমাজত প্ৰকৃত সৎ মানুহৰ সংখ্যা বৰকৈ কমিছে। সমাজক নিস্বাৰ্থ ভাৱে ভালপোৱা মানুহৰ সংখ্যা কমিছে। ৰাজনীতিকৰ পৰা সাধাৰণ জনতালৈ আমি সকলোৱে এতিয়া একো একোখন মুখা পিন্ধি নিজকে সৎ ভাল মানুহ বোলাই আছো। মুখাৰ আঁৰত নিজৰ আচল ৰূপ লুকুৱাই ৰাখি সংশোধনৰ ব্যৱস্থা নকৰাৰ বাবেই আজি মানৱ সমাজৰ এই অৱনতি।
এনে এটা প্ৰদূষিত পৰিৱেশৰ মাজতো যি সকলে নিষ্ঠা, সততা আৰু একাগ্ৰতাৰে সমাজখনৰ কিবা এটা হওক। তেওঁলোকে বাৰে বাৰে অগ্নি পৰীক্ষাত অৱতীৰ্ণ হ'ব লগা হৈছে। যিটো সময়ত মহিলাই মহাকাশ পাইছেগৈ সেইখিনি সময়তো নাৰী কেৱল ভোগৰ আহিলা হৈয়ে থাকিল। এটা প্ৰদূষিত পৰিৱেশত কিদৰে সুস্থ মানুহ জীয়াই থাকিব পাৰে। ৰাষ্ট্ৰসংঘৰ তথ্য মতে প্ৰতি চাৰিজন মানুহৰ বিপৰীতে এজন মানসিকভাৱে বিকাৰগ্ৰস্থ। মানসিক বিকাৰগ্ৰস্থতাৰ বিভিন্ন কাৰণৰ মাজতে এই প্ৰদূষিত পৰিৱেশটোও অন্যতম। আপুনি মই নজনাকৈয়ে এই প্ৰদূষিত পৰিৱেশটোৱেই আপোনাৰ মোৰ চিন্তাধাৰাত প্ৰভাৱ পেলাইছে। পূৰ্তি-গন্ধময় ঠাইত এদিন গ'লেহে গোন্ধ পোৱা যায়। সদায় যেতিয়া থাকিবলগীয়া হয় সেই গোন্ধ আমি নোপোৱা হৈ যাওঁ বা সহ্য কৰিব পৰা হও। এয়া স্বাভাৱিক প্ৰক্ৰিয়া। ঠিক তেনেদৰেই আমি এনে প্ৰদূষিত পৰিৱেশটোৰ লগত সহাৱস্থান কৰিছো। কিন্তু, এনেদৰে সমাজখন আৰু প্ৰদূষিত হৈহে যাব। সকলোৱে অপৰাধীৰ শাস্তিৰ কথা কয়। কিন্তু অপৰাধীৰ সৃষ্টি কৰা প্ৰদূষিত সমাজখনৰ কথা কোনেও নকয়। প্ৰকৃততে অপৰাধীৰ লগতে সৃষ্টি কৰা প্ৰদূষিত সমাজখনো দায়ী। মানুহৰ মনবিলাক সুস্থ কৰিবলৈ হ'লে প্ৰথমতেই এটা সুস্থ পৰিৱেশ লাগিব। কেৱল কেইখনমান আইন প্ৰণয়ণ কৰি অপৰাধ ৰোধ কৰিব নোৱাৰি। এতিয়া সমাজ ব্যৱস্থাটোৱে আমাক দৌৰিবলৈ শিকাইছে। আমি একো নভৱা নগুণাকৈ দৌৰিছোঁ। সেই দৌৰত আমি যদি নিজৰ শৰীৰ কাপোৰ কানি খোল খাই পৰিছে সেয়াও মন কৰিবলৈ সময় নাই। অথচ আমি ক'লৈ দৌৰিছো সেয়া নিজেই নাজানো। বিবেকহীন, অনুভূতিহীন, মানুহে আইনলৈ ভয় নকৰে। এতিয়া ন্যায় পালিকা, কাৰ্যপালিকা, প্ৰশাসন আৰু জনসাধাৰণ সকলোৱে মিলি এটা সুস্থিৰ, প্ৰদূষণ মুক্ত পৰিৱেশ গঢ়ি তোলাটো অতীৱ প্ৰয়োজন। যাতে ভৱিষ্যতৰ দিনত আমাৰ কোনো অপৰাধবোধত ভূগিব লগা নহয়। ব্যক্তি হিচাপে সকলোৱেই পাবলগীয়া প্ৰাপ্য সন্মানখিনি যাতে পায়। সমাজলৈ পুনৰ ঘূৰি আহক নৈতিকতা, সমাজৰ সকলোৰে মনত জাগি উঠক মূল্যবোধ তেতিয়াহে সমাজত প্ৰকৃতাৰ্থত অপৰাধপ্ৰৱণতা হ্ৰাস পাব।