বিহুৰ ইতিহাস আৰু পৰম্পৰা

বিহুৰ ইতিহাস আৰু পৰম্পৰা
Image Courtesy : Book Print

অসমৰ জাতীয় উৎসৱ বিহুৰ পৰম্পৰা, নাচ, নামক লৈ অসংখ্য গ্রন্থ প্রকাশ পাইছে৷ কিন্তু বিহুৰ ইতিহাস খুঁচৰি লিখা গ্রন্থ নাই বুলি ক’লেও কিজানি অত্যুক্তি কৰা নহ’ব৷ বিহু কেতিয়া উৎপত্তি হৈছিল়, চীন, ম্যানমাৰ, থাইলেণ্ড আদিৰ পৰা অসমলৈ বিহু কেনেকৈ, কি ৰূপত আহিছিল়, বিহুত বজোৱা বাদ্যযন্ত্রবোৰ ক’ৰপৰা, কেনেকৈ সংযোজন হ’ল়, উৎসৱটোত যুগ যুগ ধৰি পালন কৰা পৰম্পৰাবোৰৰ উৎস ক়ি, আজিৰ বিহুক কোনে, কেতিয়া সংগঠিত ৰূপ দিল়ে, বিহুনামত অসমৰ ইতিহাস কেনেকৈ প্রতিফলিত হৈছে– এই সকলো বিষয় পুংখানুপুংখ আৰু বিজ্ঞানসন্মতভাৱে আলোচনা কৰা গ্রন্থৰ সংখ্যা তেনেই তাকৰ৷ শেহতীয়াভাৱে যুক্তিবাদী লেখক নিতুল চাংমাই-এ উল্লিখিত সকলো বিষয় সামৰি ‘বিহুৰ ইতিহাস আৰু পৰম্পৰা’ শীর্ষক এখন গ্রন্থ লিখি উলিয়াইছে৷ চাংমাইৰ এই গ্রন্থখনত মুঠ ২১টা গৱেষণামূলক প্রবন্ধ অন্তর্ভুক্ত হৈছে৷ লেখকে বিহুৰ ‘ইতিহাস’ আৰু ‘পৰম্পৰা’ক প্রধান বিষয় হিচাপে লৈ এই দুয়োটা দিশ সাবলীল আৰু বিজ্ঞানসন্মতভাৱে বিশ্লেষণ কৰি দেখুওৱাৰ লগতে অসমৰ বিভিন্ন জনগোষ্ঠীয়ে পালন কৰা বিহুৰ বিষয়েও উল্লেখ কৰিছে৷ বিহু-বিশেষজ্ঞ জয়কান্ত গন্ধীয়াই পাতনি লিখা গ্রন্থখনত অন্তর্ভুক্ত হোৱা প্রবন্ধসমূহ হ’ল– ‘বিহুৰ বু্যৎপত্তিগত উৎস’, ‘বিহু আৰু লোককথা’, ‘অসম বুৰঞ্জীত বিহুৰ বতৰা’, ‘বিহুনামত ইতিহাসৰ ছবি’, ‘ঊনবিংশ শতিকাৰ মধ্যবিত্তৰ বিহু-চিন্তা’, ‘আহোমৰ দিনৰ খেল-ধেমালি’, ‘দেশে দেশে বসন্তোৎসৱ’, ‘বিহুৰ বাদ্যযন্ত্র’, ‘অসমৰ কেইটামান কৃষি-ভিত্তিক লোক-উৎসৱ’, ‘অসমৰ বিভিন্ন জনগোষ্ঠীৰ বসন্তকালীন উৎসৱ’, ‘বহাগ বিহুৰ লোকাচাৰ আৰু ইয়াৰ অৱদান’, ‘লোকবিশ্বাসত কণী আৰু যঁুজোৱাৰ নিয়ম’, ‘কাতি বিহুৰ বিশ্বাস আৰু পৰম্পৰা’, ‘মাঘ বিহু আৰু মেজি সজাৰ পৰম্পৰা’, ‘বিভিন্ন জনগোষ্ঠীৰ মাঘ বিহুৰ লোকাচাৰ’, ‘খামতিসকলৰ মাঘ বিহুৰ পৰম্পৰা’, ‘হাজোৰ বুলবুলি চৰাইৰ যঁুজ’, ‘বিহু আৰু নাৰী’, ‘বিহু ঃ আর্য-অনার্য’, ‘বিহু ঃ এনাজৰীৰ এক বৃহৎ শক্তি’ আৰু ‘বিহু-কোষ’৷ সংস্কৃত শব্দ ‘বিষু’, ‘বিষুৱ’, ‘বিষুৱণ’ৰপৰা ‘বিহু’়, ‘মেধ্য’ৰপৰা ‘মেজি’়, ‘মেষগৃহ’ৰপৰা ‘ভেলাঘৰ’ অহা়, মেজিৰ জুইকুৰা ‘অগ্নিপূজা’ আৰু ভীষ্মৰ চিতা়, গৰুৰ গা ধুওৱা কার্যক ‘গো-পূজা’, বিহুনামবোৰ সামবেদৰ ‘বেয়গীত’ৰ লগত সম্পর্ক আছে বুলি একাংশ পণ্ডিতে মতপোষণ কৰি অহা দিশটোক লেখক চাংমায়ে বিজ্ঞানসন্মত প্রবল যুক্তিৰে বিৰোধিতা কৰি সেইসমূহক নাকচ কৰিছে৷ ইয়াৰ পৰিৱর্তে লেখকে বিহুৰ উৎস সন্ধান কৰিবলৈ গৈ ভাৰতৰ উত্তৰ-পূবলৈ প্রব্রজন ঘটা অনার্যসকলৰ প্রসংগ টানি আনি দক্ষিণ চীন, ম্যানমাৰ, থাইলেণ্ড আদিৰ দেশৰ সংস্কৃতিৰ সৈতে বিহুৰ কি সম্পর্ক আছে, তাক যুক্তিসহকাৰে ফঁহিয়াই দেখুৱাইছে৷ লেখকে এই যুক্তি কেৱল নিজৰ দৃষ্টিকোণৰপৰাই দাঙি ধৰা নাই়, বিভিন্ন পণ্ডিত তথা গৱেষকে দাঙি ধৰা মতক সবলভাৱে উল্লেখ কৰিছে৷ লেখকৰ দৃঢ় মত– “আমাৰ এই গ্রন্থত বিহুৰ ইতিহাস সম্পর্কে আলোচনা কৰা হৈছে আৰু বিহু আর্যসকলৰ অৱদান বুলি ছীল-মোহৰ মাৰিব খোজা পৰম্পৰাক নাকচ কৰা হৈছে৷” লেখকৰ ইতিহাসসম্বলিত প্রবন্ধ ‘বিহুৰ বু্যৎপত্তিগত উৎস’ৰ উপৰি ‘বিহু আৰু লোককথা’ত বিভিন্ন জনগোষ্ঠীৰ মাজত বিহুক লৈ প্রচলিত হৈ থকা লোক-কাহিনীৰ বিৱৰণ দিয়া হৈছে৷ ‘অসম বুৰঞ্জীত বিহুৰ বতৰা’ শীর্ষক লেখাটোত আহোমসকলৰ ৰাজত্ব কালত বিহু পালন কৰা, শত্রুক বশ কৰিবলৈ বিহুক ঢাল হিচাপে লোৱাৰ বিষয়ে আলোচনা কৰা হৈছে৷ ‘বিহুনামত ইতিহাসৰ ছবি’ শীর্ষক সুদীর্ঘ প্রবন্ধটোত চু্যকাফা আগমনৰপৰা মুছলমানৰ অসম আক্রমণ, মানৰ অত্যাচাৰ, ব্রিটিছৰ আগ্রাসন, স্বাধীনতা আন্দোলন, চীন-ভাৰতৰ যুদ্ধ, আলফাৰ বিৰুদ্ধে সেনাবাহিনীৰ বজৰংগ অপাৰেশ্যনলৈকে বিহুনামত থকা ইতিহাসৰ ছবিখন পুংখানুপুংখভাৱে আলোচনা কৰা হৈছে৷ ঊনবিংশ শতিকাত বিহুলৈ অহা সংকটৰ বিষয়ে আলোচনা কৰিছে ‘ঊনবিংশ শতিকাৰ মধ্যবিত্তৰ বিহু-চিনা’ত৷ প্রবন্ধটোত সেই সময়ত সমাজৰ দিশ নির্ণায়কৰ ভূমিকা লোৱা বৌদ্ধিকমহলৰ একাংশই বিহু অশ্লীল আৰু ইতৰজনৰ গীত-মাত বুলি নাক কোঁচাই তাক নিষিদ্ধ কৰিবলৈ ব্রিটিছ চৰকাৰলৈ চিঠি লিখা়, আন একাংশই বিহুৰ পৰিৱর্তে দুর্গা পূজাক অসমৰ জাতীয় উৎসৱ হিচাপে নিক্ষেপ কৰিব বিচৰা়, ইয়াৰ পৰিৱর্তে জাতীয় চেতনাৰে উদ্বুদ্ধ একাংশই বিহুক সুৰক্ষা দিবলৈ গৈ কেনেদৰে যুঁজ কৰিব লগা হৈছিল আদি দিশবোৰ ফঁহিয়াই চোৱা হৈছে৷

বিহুৰ মূল দিশটো হৈছে পৰম্পৰা৷ পৰম্পৰাক বাদ দি কোনো এটা লোক-উৎসৱে পূর্ণতা নাপায়৷ লেখক চাংমায়ে বিহুৰ পৰম্পৰাক মননশীল আৰু বিশদভাৱে আলোচনা কৰিছে৷ লগতে অসমৰ বিভিন্ন জনগোষ্ঠীয়ে বিহুত পালন কৰা পৰম্পৰা়, পৰম্পৰাত নিহিত হৈ থকা লোকবিশ্বাসসমূহৰ উৎস আৰু ইয়াৰ তাৎপর্য সম্পর্কেও বিতংভাৱে উল্লেখ কৰিছে৷ ‘অসমৰ বিভিন্ন জনগোষ্ঠীৰ বসন্তকালীন উৎসৱ’ শীর্ষক লেখাটোত অসমৰ ষোল্লটা জনগোষ্ঠীয়ে বসন্তকালত পালন কৰা বিহুৰ চমু আভাস দিছে৷ তদুপৰি আন এটা লেখাত কৃষি-ভিত্তিক উৎসৱ হিচাপে হুদুমদেও পূজা, ভঠেলি উৎসৱ, খেৰাই পূজাৰ বিষয়েও আলোচনা কৰিছে৷ খামতিসকলৰ মাঘ বিহু, আহোমৰ দিনৰপৰা চলি অহা হাজোৰ বুলবুলি চৰাইৰ যুঁজ, আহোম ৰজাৰ দিনত পতা বিভিন্ন খেল-ধেমালি, কণীযুঁজ, বিহুত বজোৱা বাদ্যযন্ত্রৰ বিৱৰণ আৰু ইয়াৰ উৎস়, বিহুত নাৰীয়ে পালন কৰা ভূমিকা, বসন্তকালত বিভিন্ন দেশত উদ৲যাপন কৰা উৎসৱ আদি বিষয়েও গ্রন্থখনত সুকীয়া সুকীয়াকৈ, সুন্দৰ আৰু সাৱলীলভাৱে আলোচনা কৰা হৈছে৷ ‘বিহু-কোষ’ শীর্ষক লেখাটো গ্রন্থখনৰ আন এটা উল্লেখযোগ্য প্রবন্ধ৷ প্রবন্ধটোত বিহুৰ সৈতে জড়িত হৈ থকা তথা ব্যৱহাৰ হোৱা ৬১টা বিভিন্ন ব্যাৱহাৰিক বিষয়ৰ চমু পৰিচয় দাঙি ধৰিছে৷ লগতে মঞ্চ-বিহুৰ ক্রমবিকাশৰ এখন তালিকাও দিছে৷ ২৬৪ পৃষ্ঠাৰ গ্রন্থখনত ৬ পৃষ্ঠাৰ আলোকচিত্র সংযোজন কৰা হৈছে৷ বিজ্ঞানসন্মত যুক্তি আৰু তথ্যৰ ভিত্তিত যুগুত কৰা চাংমাইৰ এই গ্রন্থখন প্রকাশ কৰিছে ষ্টুডেণ্টছ ষ্ট’ৰছে৷