ভাৰতত পেট্রল, ডিজেলৰ চাহিদা ৬৬ শতাংশ হ্রাস, এ টি এফৰ চাহিদা হ্রাস ৯০ শতাংশ

ভাৰতত পেট্রল, ডিজেলৰ চাহিদা ৬৬ শতাংশ হ্রাস, এ টি এফৰ চাহিদা হ্রাস ৯০ শতাংশ
পেট্রল, ডিজেলৰ চাহিদা

কৰ’না ভাইৰাছৰ মহামাৰীৰ কাৰণে সমগ্র দেশখনত লকডাউন ঘোষণা কৰাৰ ফলত অর্থনৈতিক কাম-কাজ আৰু ভ্রমণ বন্ধ হৈ পৰিছে৷ তাৰ কাৰণে ভাৰতত ইন্ধনৰ ব্যৱহাৰ এপ্রিলত ৬৬ শতাংশৰো বেছি হ্রাস পাইছে৷ কাৰণ ইন্ধনৰ চাহিদা কমি গৈছে৷

এপ্রিলত পেট্রল আৰু ডিজেলৰ চাহিদা ৬৬ আৰু বিমানৰ ইন্ধনৰ (এ টি এফ) চাহিদা ৯০ শতাংশ কমিছে৷ ২০১৯ চনৰ এপ্রিলত ভাৰতত ২.৪ মিলিয়ন টন পেট্রল আৰু ৭.৩ মিলিয়ন টন ডিজেল ব্যৱহাৰ হৈছিল৷ সেই বছৰৰ সেই মাহত এ টি এফ ব্যৱহাৰ কৰা হৈছিল ৬,৪৫,০০০ টন৷

তেল উদ্যোগ আৰু চৰকাৰৰ তথ্য মতে মার্চতো ইন্ধনৰ চাহিদা কমিছিল৷ মার্চত পেট্রল, ডিজেল আৰু এ টি এফৰ চাহিদা ১৭.৭৯ শতাংশ কমি ১৬.০৮ মিলিয়ন টন হৈছিল৷ চাহিদা বৃদ্ধি পোৱা একমাত্র ইন্ধন হ’ল ৰন্ধন গেছ৷ মার্চত ৰন্ধন গেছৰ বিক্রী ১.৯ শতাংশ বাঢ়ি ২.৩ মিলিয়ন টন হৈছিল৷