লক ডাউনত সেৱা আগবঢ়োৱা বোকাখাতৰ সমুহ সাংবাদিকক সম্বৰ্ধনা জনাই মাক্স প্ৰদান যুৱ নেতা আকাশ ফুকনৰ :

লক ডাউনত সেৱা আগবঢ়োৱা বোকাখাতৰ সমুহ সাংবাদিকক সম্বৰ্ধনা জনাই মাক্স প্ৰদান  যুৱ নেতা আকাশ ফুকনৰ  :
Photo by Uttam Saikia.

লক ডাউনত সেৱা আগবঢ়োৱা বোকাখাতৰ সমুহ সাংবাদিকক সম্বৰ্ধনা জনাই মাক্স প্ৰদান  যুৱ নেতা আকাশ ফুকনৰ  :

AIIDESH NEWS : 29 April :

বোকাখাতৰ নৱ প্ৰজন্মৰ মাজত জনপ্ৰিয় যুৱ নেতা ভাৰতীয় জনতা যুৱ মৰ্চাৰ ৰাজ্যিক সদস্য বোকাখাতৰ আকাশ ফুকনে আজি বোকাখাতৰ সমুহ সাংবাদিকক মাক্স আৰু একোখন কৈ গামোছাৰে সম্বৰ্ধনা জনায় ৷ লক ডাউনৰ সময়ত নিজৰ জীৱনকো তুচ্ছ কৰি ৰাজ্য বিভিন্ন প্ৰান্তৰৰ সাংবাদিকৰ লগতে বোকাখাতৰ সাংবাদিক সকলে জনসাধাৰণৰ বাবে আগবঢ়োৱাৰ যসেৱাৰ বাবেই আকাশ ফুকনে সাংবাদিক সকলক বিশেষ ভাৱে কৃতজ্ঞতা জনায় ৷ বোকাখাতৰ গড়কপ্তানি বিভাগৰ পৰিদৰ্শন ভৱন প্ৰাংগনত সম্পুৰ্ণ সামাজিক দুৰত্ব বজাই ৰাখি সমবেত হোৱা সাংবাদিক সকলক আকাশ ফুকনে নিজ হাতেৰে একোখনকৈ মাক্স প্ৰদান কৰি গামোছাৰে সম্বৰ্ধনা জনায় ৷ সংবাদকৰ্মী সকলক উদ্দেশ্যি দিয়া বক্তব্যত যুৱনেতা গৰাকীয়ে সাম্প্ৰতিক সময়ত সংবাদিক সকলে বাতৰি সংগ্ৰহ তথা সজাগতাৰ বাবে নিজৰ জীৱন বিপদাপন্ন কৰি ওলাই অহাৰ বাবে সংবাদকৰ্মী সকললৈ কৃতজ্ঞতা জ্ঞাপন কৰে লগতে লক-ডাউনৰ সময়ত কৰ্মহীন হৈ পৰা ৰ্বসাধাৰণক সহায় কৰিবলৈ  আগবাঢ়ি অহা সচেতন ৰাইজলৈকো সংবাদিক সকলৰ জড়িয়তে ধন্যবাদ জ্ঞাপন কৰে  উল্লেখ্য যে অকল লক ডাউনৰ সময়তেই নহয় বোকাখাত সমষ্টিৰ বিভিন্ন প্ৰান্তৰ ৰোগাকান্ত দৰিদ্ৰ লোকক চিকিৎসাৰ ক্ষেত্ৰতেই হওঁক বা অনান্য বিপদত সহায় কৰাৰ উপৰিও লক ডউনৰ সময়তো বহু দৰিদ্ৰ পৰিয়ালক সহায় কৰিছে আকাশ ফুকনে ৷ আজিৰ এই অনুষ্ঠানত অসম ৰাজ্যিক সাংবাদিক সন্থাৰ সভাপতি জিতু শৰ্মাই সমাজকৰ্মী আকাশ ফুকনলৈ ধন্যবাদসূচক বক্তব্য আগবঢ়োৱাৰ  গতে কৰ'ণা প্ৰতিৰোধ সজাগতাৰ বাবে ফ্ৰণ্ট লাইনত কাম কৰি থকা ৰাজ্যৰ সাংবাদিক সকললৈ ৰাজ্য চৰকাৰে আগবঢ়োৱা ৫০ লাখ টকাৰ বীমাৰ উপৰিও বিশেষ পেকেজৰ ব্যৱস্থা কৰিবলৈ অসম চৰকাৰ অনুৰোধ জনায়   অনুষ্ঠানত আকাশ ফুকনৰ লগত  যুৱ মৰ্চাৰ হৈ ক্ৰমে প্ৰসেনজিৎ মৰাং, তাপস ঘোষ, হোমেন দাস, ৰহিমুদ্দিন আহমেদ, নৱজ্যোতি দত্ত, কৃষ্ণ শৰ্মা, মনোজ ঘোষ, জীৱন দাস আৰু মনজিৎ ৰাজবংশীও  উপস্থিত থাকে