নুমলীগড় শোধনাগাৰ শাখা সাহিত্য সভাৰ অন্তৰঙ্গ গধূলি : বার্তালোচনী 'দোকমোকালি' উন্মোচন :
Aiidesh News : 11 May - 26 :
অসম সাহিত্য সভাৰ শ্ৰেষ্ঠ শাখাৰ সন্মানপ্রাপ্ত, ৰূপালী জয়ন্তী বর্ষ গৰকা নুমলীগড় শোধনাগাৰ শাখা সাহিত্য সভাৰ নিয়মীয়া অনুষ্ঠান 'অন্তৰঙ্গ গধূলি' গীতে-মাতে-কবিতাৰে যোৱা শনিবাৰে অনুষ্ঠিত হৈ যায় । বিশিষ্ট মহিলা মায়াশ্ৰী বৰা আৰু শাখাৰ সভাপতি ড° কাজল শইকীয়াই বন্তি প্রজ্বলনেৰে শুভাৰম্ভ কৰা আৰু সংগম পঞ্চাননে আঁত ধৰা অনুষ্ঠানৰ আৰম্ভণিতে দিল্লী পাব্লিক স্কুলৰ ছাত্ৰীসকলে চেতাৰ বাদন কৰে । ইয়াৰ পিচতে গোলাঘাটৰ শিল্পী অভিশ্রুতি শর্মাই গীত পৰিৱেশন আৰু তানিষ্ঠা দুৱৰাই কবিতা আবৃত্তি কৰে । উক্ত অনুষ্ঠানত কমাৰগাঁও প্ৰেছ ক্লাব, কমাৰগাঁও আঞ্চলিক সাংবাদিক সম্মিলন, মৰঙি প্ৰেছ ক্লাব, দৈগ্রোং শাখা সাহিত্য সভা, মৰঙি শাখা সাহিত্য সভা, নুমলীগড় ভাস্বতী শাখা সাহিত্য সভা, কালিয়নী শাখা সাহিত্য সভা, কমাৰগাঁও আঞ্চলিক সাহিত্য সভাৰ প্ৰতিনিধিসকল উপস্থিত থাকে । এই অনুষ্ঠানতে নুমলীগড় শোধনাগাৰ শাখা সাহিত্য সভাৰ উপদেষ্টা মায়াশ্ৰী বৰা আৰু সভাপতি ড° কাজল শইকীয়াই বংকুমনি শইকীয়াৰ সম্পাদনাত প্রকাশিত শাখাৰ বার্তালোচনী 'দোকমোকালি' আৰু অসমীয়া 'বর্ষপঞ্জী' উন্মোচন কৰে । গোলাঘাটৰ বিশিষ্ট কবি পলাশ লইং আৰু গায়িকা ৰিছামণি কৌশিকৰ পয়েটিকাই কবিতা আৰু গীতৰ যুগলবন্দী অনুষ্ঠান পৰিৱেশন কৰি অনুষ্ঠানটি জীপাল কৰি তোলে । শাখাৰ সম্পাদক প্ৰণৱজ্যোতি শইকীয়াই শলাগ জ্ঞাপন কৰা আৰু জাতীয় সংগীতেৰে সামৰণি পৰা অন্তৰঙ্গ গধূলিৰ এই অনুষ্ঠানত শিক্ষয়িত্ৰী সুস্মিতা বৰুৱা, সাংবাদিক হেমন্ত কুমাৰ শইকীয়া, পূৰ্ণ বৰুৱা, অনিল শইকীয়া প্ৰমুখ্যে বিশিষ্ট ব্যক্তিসকলে অন্তৰঙ্গ আলাপত অংশগ্ৰহণ কৰে।
*********



