কাজিৰঙাত অসম বিধান সভাৰ আইন প্ৰণয়ন সমিতিৰ সঁজাতি দল : কাজিৰঙাৰ চৌকাষৰ আৱৰ্জনা নিষ্কাশন ব্যৱস্থা নিৰীক্ষণ : নুমলীগড় শোধনাগাৰৰ সামাজিক দায়বদ্ধতাৰ পুঁজি কাজিৰঙাৰ স্বচ্চতাৰ বাবে বিনিয়োগৰ পৰামৰ্শ :

কাজিৰঙাত অসম বিধান সভাৰ আইন প্ৰণয়ন সমিতিৰ সঁজাতি দল  : কাজিৰঙাৰ চৌকাষৰ আৱৰ্জনা নিষ্কাশন ব্যৱস্থা নিৰীক্ষণ  : নুমলীগড় শোধনাগাৰৰ সামাজিক দায়বদ্ধতাৰ পুঁজি কাজিৰঙাৰ স্বচ্চতাৰ বাবে বিনিয়োগৰ পৰামৰ্শ  :
Janasongyug
কাজিৰঙাত অসম বিধান সভাৰ আইন প্ৰণয়ন সমিতিৰ সঁজাতি দল  : কাজিৰঙাৰ চৌকাষৰ আৱৰ্জনা নিষ্কাশন ব্যৱস্থা নিৰীক্ষণ  : নুমলীগড় শোধনাগাৰৰ সামাজিক দায়বদ্ধতাৰ পুঁজি কাজিৰঙাৰ স্বচ্চতাৰ বাবে বিনিয়োগৰ পৰামৰ্শ  :

Aiidesh News  :  23 November  2023 : 

খুমটাই সমষ্টিৰ বিধায়ক মৃণাল শইকীয়াৰ নেতৃত্বত গোলাঘাটত উপস্থিত হোৱা অসম বিধান সভাৰ আইন ৰূপায়ন সমিতিৰ সদস্যসকলে ২২ আৰু ২৩ নবেম্বৰত বিশ্ব ঐতিহ্য ক্ষেত্ৰ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ কাষৰীয় বিভিন্ন স্থান পৰিভ্ৰমণ কৰি   বিশ্ব ঐতিহ্য ক্ষেত্ৰৰ স্বচ্ছতা আৰু আৱৰ্জনা নিষ্কাশন ব্যৱস্থা সমূহ নিৰীক্ষণ কৰে ৷ আইন ৰূপায়ন সমিতিৰ সদস্য সকলে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ সমীপৰ কঁহৰাৰ বনভোজথলি , কঁহৰা নদী, হোটেল, ৰিজৰ্ট আৰু ৰাষ্ট্ৰীয় উদ্যানৰ ভিতৰ ভাগৰো আৱৰ্জনা নিষ্কাশন ব্যৱস্থা আৰু পৰিস্কাৰ পৰিচ্ছন্নতাৰ প্ৰতি জিলা প্ৰশাসন আৰু সংশ্লিষ্ট  কৰ্তৃপক্ষই লোৱা ভূমিকা নিৰীক্ষণ কৰে ৷ কাজিৰঙাৰ লগতে নুমলীগড় শোধনাগাৰো আৱৰ্জনা নিষ্কাশন ব্যৱস্থাও পৰিদৰ্শন কৰে আইন ৰূপায়ন সমিতিৰ সদস্য সকলে ৷  

বিধান সভাৰ আইন ৰূপায়ন সমিতিৰ সঁজাতিৰ দলে গোলাঘাট জিলা প্ৰশাসন আৰু গোলাঘাট পশ্চিম উন্নয়ন খণ্ডই বিগত সময়ত কাজিৰঙাৰ বিভিন্ন অঞ্চল পৰিস্কাৰ কৰাৰ বাবে গ্ৰহন কৰা  পদক্ষেপক প্ৰশংসা কৰে ৷ ২৩ নবেম্বৰত  কাজিৰঙাত আয়োজিত এক বৈঠকত নুমলীগড় শোধনাগাৰৰ পৰিচালন সঞ্চালক ভাস্কৰজ্যোতি ফুকন, জিলা উপায়ুক্ত ডা৹ পি উদয় প্ৰবীন, গোলাঘাট জিলা পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়া ধীৰাজ দাস, বোকাখাতৰ মহকুমাধিপতি চিমি কৰন , গোলাঘাট পশ্চিম উন্নয়ন খণ্ডৰ খণ্ড উন্নয়ন বিষয়া পাৰ্থজিৎ গগৈ, বন বিষয়া আৰু বিভিন্ন বিভাগীয় বিষয় ববীয়াৰ সৈতে  অসম বিধান সভাৰ আইন ৰূপায়ন সমিতিৰ সদস্য সকলে মত বিনিময় কৰি নুমলীগড়  তেল শোধনাগাৰৰ সামাজিক দায়বদ্ধতা শিতানৰ পূঁজি তথা জিলা প্ৰশাসন আৰু সংশ্লিষ্ট কৰ্তৃপক্ষৰ প্ৰচেষ্টাৰে সমগ্ৰ কাজিৰঙা অঞ্চল পৰিস্কাৰ কৰি ৰখাৰ ওপৰত পৰামৰ্শ আগবঢ়ায় ৷   

**********