কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ ক্ষেত্ৰ সঞ্চালক হিচাবে ভাৰতীয় বন সেৱাৰ ড৹ সোনালী ঘোষক নিযুক্তি : শতবৰ্ষ গঢ়কা কাজিৰঙাত প্ৰথম গৰাকী মহিলা সঞ্চালক হিচাবে দায়ীত্ব গ্ৰহন কৰিব ড৹ সোনালী ঘোষে :

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ ক্ষেত্ৰ সঞ্চালক হিচাবে ভাৰতীয় বন সেৱাৰ ড৹ সোনালী ঘোষক নিযুক্তি  : শতবৰ্ষ গঢ়কা কাজিৰঙাত প্ৰথম গৰাকী মহিলা সঞ্চালক হিচাবে দায়ীত্ব গ্ৰহন কৰিব ড৹ সোনালী ঘোষে  :
Collected

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ ক্ষেত্ৰ সঞ্চালক হিচাবে ভাৰতীয় বন সেৱাৰ ড৹ সোনালী ঘোষক নিযুক্তি  : শতবৰ্ষ গঢ়কা কাজিৰঙাত প্ৰথম গৰাকী মহিলা সঞ্চালক হিচাবে দায়ীত্ব গ্ৰহন কৰিব ড৹ সোনালী ঘোষে  : 

Aiidesh News  : 27 August 2023 : 

অসম চৰকাৰে ভাৰতীয় বন সেৱাৰ বিষয়া ড৹ সোণালী ঘোষক কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান আৰু ব্যাঘ্ৰ সংৰক্ষিত বনাঞ্চলৰ পৰৱৰ্তী ক্ষেত্ৰ সঞ্চালক হিচাপে মনোনীত কৰাছে ৷ বৰ্তমানৰ ক্ষেত্ৰ সঞ্চালক যতীন্দ্ৰ শৰ্মাৰ স্থানত ড৹ সোনালী ঘোষক নিযুক্তি দিয়া হৈছে ৷ ভাৰতীয় বন সেৱাৰ বিষয়া হিচাবে কাজিৰঙাতেই কৰ্ম জীৱনৰ পাতনি মেলা ড৹ সোনালী ঘোষ কাজিৰঙাৰ ১১৮ বছৰীয়া ইতিহাসত ক্ষেত্ৰ সঞ্চালক পদত অধিষ্ঠিত হোৱা প্ৰথম গৰাকী মহিলা বিষয়া হিচাপে পৰিগণিত হৈছে । ৩১ আগষ্টত অৱসৰ ল'বলৈ সাজু হোৱা বৰ্তমানৰ সঞ্চালক যতীন্দ্ৰ শৰ্মাৰ পৰা ১ ছেপ্টেম্বৰত আনুষ্ঠানিকভাৱে দায়ীত্বভাৰ গ্ৰহণ কৰিব সোনালী ঘোষে ৷ 

বৰ্তমান গৱেষণা, শিক্ষা আৰু কাৰ্য পৰিকল্পনাৰ মুখ্য বন সংৰক্ষক হিচাপে কাৰ্যনিৰ্বাহ কৰি থকা ড৹ সোনালী ঘোষ বন আৰু বন্যপ্ৰাণী সংৰক্ষণ ক্ষেত্ৰৰ এগৰাকী চিনাকী বিষয়া ৷ অভিজ্ঞ আৰু অৰ্হতা সম্পন্ন ড৹ সোনালী ঘোষ মানাহ ৰাষ্ট্ৰীয় উদ্যানৰ ইণ্ডো-ভূটান লেণ্ডস্কেপত বাঘৰ বাবে বাসস্থানৰ উপযুক্ততা মূল্যাঙ্কন কৰাৰ ওপৰত গুৰুত্ব দি ৰিম'ট-চেঞ্চিং প্ৰযুক্তিত ডক্টৰেট ডিগ্ৰী লাভ কৰিছে ৷

সামৰিক বিষয়াৰ এটা পৰিয়ালত জন্ম গ্ৰহণ কৰা ড৹ সোনালী ঘোষৰ শৈশৱৰে পৰাই বন আৰু বন্যপ্ৰাণী সংৰক্ষণৰ প্ৰতি আসক্তি আছিল। ড৹ সোনালী ঘোষে ২০০২-০৩ বৰ্ষত ভাৰতীয় বন সেৱাত শীৰ্ষস্থান লাভ কৰি বনবিভাগত যোগদান কৰিছিল ৷ বন আৰু বন্যপ্ৰাণী বিজ্ঞানকে ধৰি একাধিক স্নাতকোত্তৰ ডিগ্ৰীৰ উপৰিও ভাৰতৰ  সন্মানীয় ৰাষ্ট্ৰীয় আইন বিদ্যালয়ৰ পৰা পৰিৱেশ আইনত স্নাতকোত্তৰ ডিপ্লোমাও লাভ কৰিছিল ৷

ড৹ সোনালী ঘোষৰ কাৰ্য কালত কাজিৰঙাই বন গৱেষণা আৰু সংৰক্ষণৰ ক্ষেত্ৰত অন্য এক মাত্ৰা লাভ কৰিবলৈ সক্ষম হ'ব বুলি সকলো আশাবাদী  ৷

*******