বোকাখাতত শুশ্রূষা সেতু শীৰ্ষক বিশেষ স্বাস্থ্য শিৱিৰ : ২৪ গৰাকী চিকিৎসকে পৰীক্ষা কৰিলে ৫ সহস্ৰাধিক লোকৰ স্বাস্থ্য :

বোকাখাতত শুশ্রূষা সেতু শীৰ্ষক বিশেষ স্বাস্থ্য শিৱিৰ : ২৪ গৰাকী চিকিৎসকে পৰীক্ষা কৰিলে ৫ সহস্ৰাধিক লোকৰ স্বাস্থ্য :
Aiidesh Photo
বোকাখাতত শুশ্রূষা সেতু শীৰ্ষক বিশেষ স্বাস্থ্য শিৱিৰ : ২৪ গৰাকী চিকিৎসকে পৰীক্ষা কৰিলে ৫ সহস্ৰাধিক লোকৰ স্বাস্থ্য :
বোকাখাতত শুশ্রূষা সেতু শীৰ্ষক বিশেষ স্বাস্থ্য শিৱিৰ : ২৪ গৰাকী চিকিৎসকে পৰীক্ষা কৰিলে ৫ সহস্ৰাধিক লোকৰ স্বাস্থ্য :

Aiidesh News : 31 October - 2025 :

অসম চৰকাৰৰ স্বাস্থ্য বিভাগে শুশ্রূষা সেতু নামেৰে ৰাজ্যৰ বিধানসভা সমষ্টি ভিত্তিক আয়োজন কৰা বৃহৎ স্বাস্থ্য শিৱিৰ ৩০ অক্টোবৰত বোকাখাত বিধান সভা সমষ্টিতো অনুষ্ঠিত হয় ৷ বোকাখাতৰ ৰাজহুৱা খেলপথাৰত আয়োজিত এই স্বাস্থ্য শিৱিৰত ০-১৮ বছৰ বয়সৰ শিশু তথা কিশোৰ-কিশোৰৰ স্বাস্থ্য পৰীক্ষা কৰাৰ লগতে বিশেষজ্ঞ চিকিৎসকৰ দ্বাৰা চিকিৎসা পৰামৰ্শও প্ৰদান কৰা হয় । স্বাস্থ্য পৰীক্ষাৰ শেষত ৰোগী নিৰ্বাচিত ব্যক্তিক পৰৱৰ্তী চিকিৎসাৰ বাবে  বিভিন্ন চিকিৎসালয়লৈ প্ৰেৰণ কৰাৰ ব্যৱস্থাও গ্ৰহণ কৰা হয় ।

৩০ অক্টোবৰৰ এই শুশ্রূষা সেতু স্বাস্থ্য শিৱিৰৰ ফিটা কাটি উদ্বোধনী কৰে বোকাখাতৰ বিধায়ক তথা কেবিনেট মন্ত্ৰী অতুল বৰাই ৷ উদ্বোধনী অনুষ্ঠানত মন্ত্ৰী অতুল বৰাৰ উপৰিও গোলাঘাটৰ জিলা আয়ুক্ত পুলক মহন্ত, বোকাখাত সমজিলাৰ আয়ুক্ত শিৱানী জেৰ্নগল, গোলাঘাট জিলাৰ স্বাস্থ্য যুটীয়া সঞ্চালক ডাঃ ৰাজীৱ ৰঞ্জন গগৈ, পিছপৰা শ্ৰেণী আয়োগ, অসমৰ উপাধ্যক্ষ দেৱপ্ৰদীপ বৰা, বোকাখাত পৌৰসভাৰ পৌৰপতি ৰত্নেশ্বৰ বৰুৱা , চিকিৎসক, স্বাস্থ্য তথা অন্যান্য সংশ্লিষ্ট বিভাগৰ বিষয়া-কৰ্মচাৰী, প্ৰশাসনিক বিষয়া, জিলা পৰিষদৰ সভানেত্ৰী, সদস্যা, আঞ্চলিক পঞ্চায়তৰ সভানেত্ৰী, পঞ্চায়তৰ প্ৰতিনিধি, সমাজসেৱী জগত চন্দ্ৰ কলিতা, অনিমেষ শইকীয়া আৰু মহকুমা স্বাস্থ্য বিষয়া ডা৹ অজিত কাকতি প্ৰমুখ্যে বিশিষ্ট ব্যক্তিসকল উপস্থিত থাকে । উদ্বোধনী ভাষণত মন্ত্ৰী অতুল বৰাই এই সমষ্টি ভিত্তিক স্বাস্থ্য শিৱিৰৰ বাবে মুখ্যমন্ত্ৰীক প্ৰশংসা কৰাৰ উপৰিও আজিৰ শিৱিৰত জটিল ৰোগ চিনাক্ত হলে প্ৰয়োজনত ৰাজ্যৰ বাহিৰলৈও ৰোগীৰ পঠোৱাৰ ব্যৱস্থা কৰা হব বুলি মন্তব্য কৰে ৷ 

স্বাস্থ্য শিবিৰত হৃদৰোগ, বংশানুক্ৰমিক ৰোগ, যকৃৎ, বৃক্ক, চকু আৰু নাক-কাণৰ ৰোগকে ধৰি ৫০ বিধৰো অধিক ৰোগৰ নিৰ্ণায়ক পৰীক্ষাৰ ব্যৱস্থা কৰা হয় । শুশ্রূষা সেতু নামৰ এই স্বাস্থ্য শিবিৰত ২৪ গৰাকী বিশেষজ্ঞ চিকিৎসকে ৫৭৭৪ গৰাকী লোকৰ স্বাস্থ্য পৰীক্ষা কৰে ৷ ইয়াৰে শূন্যৰ পৰা ১৮ বছৰৰ ৪৪১৪ গৰাকী আৰু ১৮ বছৰ উৰ্দ্ধৰ ১৩৬০ গৰাকী লোকৰ স্বাস্থ্য পৰীক্ষা কৰে । ১৮ বছৰৰ তলৰ জটিল ৰোগত আক্ৰান্ত ৩০৮ গৰাকী কিশোৰ কিশোৰীক চিনাক্ত কৰা হয় । উদ্বোধনী অনুষ্ঠানত কাজিৰঙাৰ শঙ্কৰদেৱ শিশু নিকেতনৰ ছাত্ৰ কপিল গগৈ, মনজিত মণ্ডল আৰু ছাত্ৰী লিপিকা গগৈয়ে যোগাসন প্ৰদৰ্শন কৰি সকলোৰে দৃষ্টি আকৰ্ষণ কৰে ৷ 

********