মাত্ৰ এজন আক্ৰান্তৰ পৰা ৩০ দিনত ৪০৬ জনৰ দেহলৈ বিয়পে কোৰোণা ভাইৰাছ!

মাত্ৰ এজন আক্ৰান্তৰ পৰা ৩০ দিনত ৪০৬ জনৰ দেহলৈ বিয়পে কোৰোণা ভাইৰাছ!
Corona Virus

মাত্ৰ এজন ৰোগীৰ পৰা ৩০ দিনত  ৪০৬ জনৰ দেহলৈ বিয়পিব পাৰে কোৰোণা ভাইৰাছ। যদি দেশত ল’ক ডাউন বা সামাজিক দুৰত্বৰ নিয়ম চৰকাৰে বান্ধি নিদিলে হেতেন তেন্তে ভাৰতবৰ্ষত কোৰোণাই এতিয়াতকৈও ভয়াৱহ ৰূপ ধাৰণ কৰিল হেতেন। এক গৱেষণাৰ অন্তত এই কথা জনাইছে ভাৰতীয় চিকিত্‍সা অনুসন্ধান পৰিষদে।

ইফালে ল’ক ডাউনৰ মাজতো দেশত উদ্বেগজনক ভাবে বৃদ্ধি পাইছে কোৰোণা ভাইৰাছত আক্ৰান্তৰ সংখ্যা। দেশত ৫২০০ জনলৈ বৃদ্ধি পালে কোৰোণা ভাইৰাছত আক্ৰান্ত হোৱা লোকৰ সংখ্যা। বুধবাৰৰ দিনটোতে দিল্লীত নতুনকৈ ৫১ জনৰ দেহত ধৰা পৰিছে কোৰোণা ভাইৰাছৰ অৱস্থিতি। ইয়াৰ ভিতৰত ৩৫ জন বিদেশী।