প্রতিজন কৃষকৰ ৩ লাখ টকা পর্যন্ত ক্ষতি

প্রতিজন কৃষকৰ ৩ লাখ টকা পর্যন্ত ক্ষতি

খেতিয়কে ফচলৰ উচিত মূল্য নাপায়– সততে উঠা এই অভিযোগৰ সময়তে এইবাৰ ভূতৰ ওপৰত দানহ পৰাদি পৰা কৰ’না ভাইৰাছৰ সন্ত্রাসে খেতিয়কসকলৰ মূৰত শোধাইছে ৰাম টাঙোন৷ কৰ’না ভাইৰাছৰ সংক্রমণৰ পৰা দেশৰ লগতে ৰাজ্যখনৰ জনসাধাৰণক ৰক্ষা কৰিবৰ বাবে চৰকাৰে ঘোষণা কৰা একৈশ দিনীয়া লকডাউনে জুৰুলা কৰিছে সাধাৰণ কৃষক ৰাইজক৷

ৰাজ্যখনৰ আন আন জিলাৰ লগতে শোণিতপুৰ জিলাৰ বৃহত্তৰ জামুগুৰিহাটৰ শ শ কৃষকক এনেভাৱে মূৰত কোব শোধাইছে যে যি কোবত কেইবাশ কৃষক পৰিয়ালৰ জীৱনলৈ নামি আহিছে ঘণঘোৰ অন্ধকাৰ৷

বিঘাই বিঘাই মাটিত লহপহকৈ হোৱা পাচলিৰ খেতি বজাৰৰ অভাৱত গছতে বুঢ়া হোৱাই নহয় গেলি-পচি যোৱাত মূৰে-কপালে হাত দিছে এতিয়া কৃষক ৰাইজে৷ চতিয়া বিধানসভা সমষ্টিৰ নদুৱাৰ ৰাজহ চক্রৰ অন্তর্গত জামুগুৰিহাটৰ কেতবোৰ অঞ্চলত ফুলে-ফলে জাতিষ্কাৰ হৈ থকা শাক-পাচলিৰ পথাৰবোৰ এফালৰ পৰা জহি-খহি যোৱাৰ দৃশ্য সঁচাকৈয়ে মর্মান্তিক ৷

উল্লেখযোগ্য যে অঞ্চলটোৰ কেইবাটাও কৃষিপ্রধান এলেকাত প্রত্যেকজন কৃষকে কমেও দহ-পোন্ধৰ বিঘা মাটিত কবি, বেঙেনা, বিলাহী, জলকীয়া, তিয়ঁহ আদিৰ খেতি কৰিছিল৷ কিন্তু অতি দৰিদ্র কৃষকসকল এতিয়া দিশহাৰা হৈ পৰা পৰিলক্ষিত হৈছে৷ লকডাউনৰ বাবে এই ফচলবোৰ বিক্রী কৰিব নোৱাৰি কপালৰ ঘাম মাটিত পেলাই উৎপাদন কৰা ফচল এতিয়া গৰু-ছাগলীক খুৱাবলগীয়া হৈছে৷ লমা-লমে লাগি থকা বিলাহী, জলকীয়া, তিয়ঁহ, কবি পূৰঠ হৈ গছতে পকিছে আৰু গেলি-পচি গৈছে৷

কেৱল কৃষি কার্যৰ জৰিয়তে পৰিয়াল পোহপাল দি অহা অঞ্চলটোৰ শ শ কৃষক এতিয়া অনিশ্চিত ভৱিষ্যতক লৈ শংকিত হৈ পৰিছে৷ অঞ্চলটোৰ প্রায় সমূহ কৃষকৰ এতিয়া পানী হঁাহ নচৰা অৱস্থা৷ অঞ্চলটোৰ চকীঘাট বালি চাপৰি, গোৱাল বালি চাপৰি, দীঘলী চাপৰি, লালেটাপু, ভৈৰৱী, গতাইমাৰীকে ধৰি একাধিক অঞ্চলত সম্প্রতি বিঘাই বিঘাই খেতি নষ্ট হৈ পৰিছে৷

উক্ত অঞ্চলৰ কৃষক মিৰ হুছেইন, সূৰুয আলী, সুৰহাব আলী, হাতেব আলী, নাজিবুৰ ৰহমানকে ধৰি অসংখ্য কৃষকৰ লাখ লাখ টকা মূল্য ফচল গছতে নষ্ট হৈ পৰা পৰিলক্ষিত হৈছে৷ মন কৰিবলগীয়া যে একোজন খেতিয়কৰ দুই-তিনি লাখ টকাৰ মূল্যতকৈ ক্ষতি হৈছে বুলি কৃষকসকলে আজি এই প্রতিবেদকক জানিবলৈ দিছে৷

তদুপৰি অঞ্চলটোৰ ধলাইবিল, ৰঙাচকুৱা, টুপীয়া, মৰিসুঁতি, হাতীঙা, কুসুমটোলা, চামধৰাকে আদি কৰি কৃষি কর্মৰে জীৱন নির্বাহ কৰা একাংশ কৃষকৰো উৎপাদিত ফচল গছতে নষ্ট হৈ পৰাত আহি থকা দিনক লৈ শংকিত হৈ পৰা দেখা গৈছে কৃষকসকল৷

ইফালে কঠোৰ পৰিশ্রম কৰিও কৰ’না ভাইৰাছক কেন্দ্র কৰি সৃষ্টি হোৱা এক অনাকাংক্ষিত পৰিস্থিতিৰ বাবে উৎপাদিত ফচল বজাৰত বিক্রী কৰিব নোৱাৰি পেলাই দিব লগা হোৱাত কৃষকসকলৰ জীৱনলৈ নামি অহা এনে অনিশ্চয়তা দূৰীকৰণৰ বাবে চৰকাৰক ইতিবাচক পদক্ষেপ গ্রহণৰ বাবে আহবান জনাইছে হতভগীয়া কৃষকসকলে৷