আঠগাঁও কবৰস্থান মছজিদ অৱৰূদ্ধ,আৰোগ্য নিধিত জমা হৈছে ৭৫ কোটি ৮৭ লাখ ৭২ হাজাৰ টকা

আঠগাঁও কবৰস্থান মছজিদ  অৱৰূদ্ধ,আৰোগ্য নিধিত  জমা হৈছে ৭৫ কোটি ৮৭ লাখ ৭২ হাজাৰ টকা
Image Courtesy : News Live

আজি এইপর্যন্ত ৰাজ্যত কভিড-১৯ আক্রান্ত নতুন ৰোগী চিনাক্ত হোৱা নাই যদিও কৰ’না সংক্রমণৰ আশংকা দূৰ হোৱা নাই৷ ইতিমধ্যে এজন ৰোগীৰ মৃত্যুৱে ৰাজ্যবাসীক চিন্তিত কৰি তুলিছে৷ কৰ’না আক্রান্ত বুলি কালি চিনাক্ত হোৱা বিলাসীপাৰাৰ ৰহিম উদ্দিন নামৰ ৰোগীজনক আজি এম এম চিলৈ স্থানান্তৰ কৰা হৈছে৷

তেনে সময়তে আন এক চাঞ্চল্যকৰ খবৰে আতংকৰ সৃষ্টি কৰিছে৷ নিজামুদ্দিন মার্জৰ জামাতৰ পৰা উভতি অহা ৮জনকৈ জামাতীৰ উপস্থিতিত গুৱাহাটীৰ আঠগাঁও মছজিদত অনুষ্ঠিত হৈছিল এখন ধর্মীয় বৈঠক৷

য’ত অংশ লৈছিল ১০০জন লোকে৷ এইসকলৰ মাজত আছে ইতিমধ্যে মৃত্যু হোৱা ফাইজুল হক বৰভূঞাৰ উপৰি জামাল উদ্দিন হাজি আৰু ৰহিম উদ্দিন নামৰ কৰ’না আক্রান্তকেইজন৷ ইমানদিনে পোহৰলৈ নহা উক্ত বৈঠকৰ বিষয়ে আজি ৰাজহুৱা কৰে মন্ত্রী হিমন্ত বিশ্ব শর্মাই৷

নিজামুদ্দিন মার্জৰ জামাতত অংশগ্রহণ কৰা ৮জন লোকে ১২ মার্চৰ নিশা আঠগাঁৱৰ মছজিদত আশ্রয় লৈছিল৷ উক্ত বৈঠকত অংশগ্রহণ কৰি জামাতলৈ নোযোৱা সত্ত্বেও ৰহিম উদ্দিন নামৰ বিলাসীপাৰাৰ লোকজন কৰ’নাত আক্রান্ত হৈছে৷

আশ্চর্যজনকভাৱে ১২ মার্চৰ উক্ত বৈঠকৰ বিষয়ে অংশগ্রহণকাৰী কিম্বা কৰ’না আক্রান্ত ৰোগীয়েও ইমানদিনে লুকুৱাই ৰাখিছিল৷ আজি সংবাদমেলযোগে এই কথা ৰাজহুৱা কৰিছে স্বাস্থ্য মন্ত্রী হিমন্ত বিশ্ব শর্মাই৷

ৰাজ্য চৰকাৰে শেহতীয়াকৈ এই বিষয়ে অৱগত হোৱাৰ লগে লগেই আঠগাঁও কবৰস্থান মছজিদ ছীল কৰাৰ নির্দেশ দিছে৷ তদুপৰি জামাতীসকলৰ উপৰি বৈঠকত অংশগ্রহণ কৰাসকলৰ সন্ধান অব্যাহত ৰাখিছে৷ ইতিমধ্যে মাছোৰা কিম্বা ধর্মীয় বৈঠকত অংশগ্রহণ কৰা ৫৮জন লোকক প্রশাসনে চিনাক্ত কৰিছে৷

কৰ’না আক্রান্তৰ সৈতে বৈঠকত ভাগ লোৱাসকলৰ মাজত আছে কেইবাজনো স্থানীয় লোক৷ সংবাদমেলত মন্ত্রী হিমন্ত বিশ্ব শর্মাই প্রকাশ কৰা অনুসৰি, আঠগাঁও মছজিদত মাছোৰা কিম্বা বৈঠকখনৰ আয়োজক আছিল মৰিগাঁও জিলাৰ ভূৰাগাঁৱৰ চামচুল আলম নামৰ এজন লোক৷

চিনাক্তসকলৰ মাজৰ কেইজনমানক ইতিমধ্যে কুৱাৰেণ্টাইন কৰা হৈছে৷ ৰাজ্য চৰকাৰে আজি আঠগাঁও কবৰস্থান মছজিদক ছেল৲ফ কনটেইনমেণ্ট জ’ন হিচাপে ঘোষণা কৰিছে আৰু আগন্তুক ১৪ দিনলৈ জিলা প্রশাসনে মছজিদটো ছীল কৰিছে৷

স্বাস্থ্য মন্ত্রী হিমন্ত বিশ্ব শর্মাই সংবাদমেলত কয় যে কোনোবা যদি এতিয়াও মছজিদৰ ভিতৰত আছে তেওঁলোক তাতেই আবদ্ধ হৈ থাকিব লাগিব৷ সংবাদমেলত মন্ত্রী শর্মাই আৰু কয় যে কৰ’না আক্রান্তকেইজনে ১২ মার্চত আঠগাঁও কবৰস্থান মছজিদত আশ্রয় লোৱা বুলি কৈছিল যদিও ঘুণাক্ষৰেও উক্ত নিশাৰ বৈঠকৰ বিষয়ে জনোৱা নাছিল৷

আনহাতে কৰ’না আক্রান্ত হৈও নিজৰ লক্ষণসমূহ লুকুৱাই তিনি ঠাইত চিকিৎসকৰ কাষ চাপিছিল জামালুুদ্দিন হাজি নামৰ ৰোগীজন৷ জামালুদ্দিনৰ বিৰুদ্ধে গোচৰ ৰুজু হোৱাৰ কথা অৱগত কৰে মন্ত্রী হিমন্ত বিশ্ব শর্মাই৷

এই কথা পুনৰবাৰ স্পষ্ট হৈ পৰিল যে ধর্মান্ধ জামাতীসকলে কভিড-১৯ৰ বিৰুদ্ধে যুঁজখনত চৰকাৰক সহযোগ নকৰাৰ বাবেই নিত্য-নতুন সমস্যাৰ উদ্ভৱ হৈছে আৰু গণ সংক্রমণৰ আশংকা ঘনীভূত হৈছে৷

আজি পর্যন্ত ৰাজ্যৰ ২৯জন কৰ’না আক্রান্তৰ ভিতৰত এজনৰ মৃত্যু হ’ল যদিও ২৮জনৰ ভিতৰত ৫জন ৰোগীৰ শেহতীয়া পৰীক্ষাৰ ফল নিগেটিভ হোৱাটো আশাব্যঞ্জক খবৰ বিবেচিত হৈছে৷ গুৱাহাটীৰ স্পেনিছ গার্ডেনৰ কৰ’না আক্রান্ত মনীষ তিব্রেয়ালৰ বিগত দুদিনৰ পৰীক্ষাৰ ফল নিগেটিভ আহিছে৷ অন্য ৰোগীসকলৰো স্বাস্থ্যৰ অৱনতি ঘটা নাই বুলি সংবাদমেলযোগে জনায় মন্ত্রী হিমন্ত বিশ্ব শর্মাই৷

আজি সংবাদমেলত হিমন্ত বিশ্ব শর্মাই ঘোষণা কৰে যে যিবিলাক ঠাইত কৰ’না ৰোগী চিনাক্ত হৈছে কিম্বা বিভিন্নজনক কুৱাৰেণ্টাইন কৰা হৈছে, সেইবোৰ স্থানত অধিক ৰোগী থকাৰ সন্দেহত চৰকাৰে ৰেপিড টেষ্টৰ ব্যৱস্থা কৰিব৷ ৰাজ্য চৰকাৰে ইয়াৰ বাবে ১ লাখ ৰেপিড টেষ্ট কিট ক্রয় কৰিব৷

অর্থাৎ ১ লাখ লোকৰ ৰেপিড টেষ্ট কৰিব চৰকাৰে৷ আগন্তুক সময়ত ২ লাখ পি পি ই মজুত ৰাখিব বুলিও আজি হিমন্ত বিশ্ব শর্মাই ঘোষণা কৰে৷ তিনি দিনৰ ভিতৰত উপলব্ধ হ’ব ৫০ হাজাৰ পি পি ই৷

আজিৰ সংবাদমেলতে স্বাস্থ্য মন্ত্রীয়ে ঘোষণা কৰে যে বহিঃৰাজ্যত চিকিৎসাৰ বাবে গৈ লকডাউনৰ ফলত আবদ্ধ ৰাজ্যৰ কর্কট, কিডনী আৰু হূদৰোগীসকলক আর্থিক সাহায্য আগ বঢ়াব চৰকাৰে৷ মুম্বাইৰ অসম ভৱনত ১৫০জন এনে ৰোগী আবদ্ধ হৈ থকাৰ কথা তেওঁ প্রকাশ কৰে৷ যাতায়াত ব্যৱস্থাৰ ব্যাহতৰ বাবে ৰৈ থকা এনে ৰোগীক ০৩৬১২৫৫৮৯৫৫ নম্বৰত যোগাযোগ কৰিবলৈ মন্ত্রীগৰাকীয়ে আহবান জনাইছে৷

আজি কৰ’না আক্রান্ত নতুন ৰোগী চিনাক্ত নোহোৱাত তেওঁ সন্তোষ প্রকাশ কৰে৷ আনহাতে ৩৪,২০৯জনৰ বৰঙনি আৰু ৰাজ্যিক কর্মচাৰীৰ এদিনৰ দৰমহাসহ অসম আৰোগ্য নিধিত আজিলৈকে জমা হৈছে ৭৫ কোটি ৮৭ লাখ ৭২ হাজাৰ টকা