গাভাস্কাৰে দিলে ৫৯ লাখ টকাৰ অনুদান

গাভাস্কাৰে দিলে ৫৯ লাখ টকাৰ অনুদান
গাভাস্কাৰে দিলে ৫৯ লাখ টকাৰ অনুদান

কৰ’না ভাইৰাছৰ দ্রুত সম্প্রসাৰণৰ ফলত গোটেই দেশেই এক কঠিন সময় অতিবাহিত কৰিবলৈ বাধ্য হৈছে৷ আনকি এই ভাইৰাছক ৰোধ কৰাৰ স্বার্থত স্বয়ং প্রধানমন্ত্রী নৰেন্দ্র মোদীয়ে ২১ দিনীয়া দেশব্যাপি লকডাউনৰ আহবান কৰিবলগীয়া পৰিস্থিতিৰ উদ্ভৱ হৈছে৷ কৰ’না ভাইৰাছৰ বিৰুদ্ধে দেশৰ এই সর্বস্তৰৰ যুঁজলৈ সমাজৰ বিভিন্ন ক্ষেত্রৰ ব্যক্তিয়ে সহায়ৰ হাত আগবঢ়াইছে৷

এইক্ষেত্রত পিছ পৰি নৰ’ল ভাৰতৰ ক্রিকেট দলটোৰ প্রাক্তন অধিনায়ক তথা লিটল মাষ্টাৰ খ্যাত সুনীল গাভাস্কাৰো৷ এই দিশত গাভাস্কাৰক কিছু ব্যতিক্রমো বুলিব পাৰি৷ কিয়নো তেওঁ আগবঢ়োৱা সাহায্যৰ বিষয়ে ভুলতো ক’তো প্রকাশ কৰা নাছিল৷

পিছে মুম্বাইৰ প্রাক্তন অধিনায়ক অমল মজুমদাৰৰ এক টুইটেহে এই কথা পোহৰলৈ আনে৷ ‘এইমাত্র শুনিলোঁ যে সুনীল মনোহৰ গাভাস্কাৰে কভিড সাহায্য পুঁজিলৈ ৫৯ লাখ টকা দান দিছে৷ ইয়াৰ ৩৫ লাখ টকা প্রধানমন্ত্রী সাহায্য পুঁজিলৈ আৰু ২৪ লাখ টকা মহাৰাষ্ট্রৰ মুখ্যমন্ত্রী সাহায্য পুঁজিলৈ আগবঢ়াইছে৷

প্রশংসনীয় কাম ছাৰ৷’ মজুমদাৰে এইদৰে টুইট কৰে৷ ইফালে কভিড-১৯ৰ সংক্রমণৰ বিৰুদ্ধে যুঁজলৈ ভাৰতীয় টেষ্ট দলৰ নির্ভৰযোগ্য মিডল অর্ৰ বেটছমেন চেতেশ্বৰ পূজাৰাইও সহযোগ আগবঢ়াইছে৷ তেওঁ কিমান টকাৰ সাহায্য আগবঢ়াইছে প্রকাশ নকৰিলেও দেশৰ জনসাধাৰণক এইক্ষেত্রত আগবাঢ়ি আহিবলৈ আহবান জনায়৷