মৰিগাঁৱৰ উপায়ুক্ত, আৰক্ষী অধীক্ষকসহ আৰু সাংবাদিক সহ ১৫জন ব্যক্তি কোৱাৰানটাইনলৈ

মৰিগাঁৱৰ উপায়ুক্ত, আৰক্ষী অধীক্ষকসহ আৰু সাংবাদিক সহ ১৫জন ব্যক্তি কোৱাৰানটাইনলৈ
১৫জন ব্যক্তি কোৱাৰানটাইনলৈ
মৰিগাঁৱৰ উপায়ুক্ত, আৰক্ষী অধীক্ষকসহ আৰু সাংবাদিক সহ ১৫জন ব্যক্তি কোৱাৰানটাইনলৈ

কোৰোণা সংক্ৰমণ আৰু উদ্ভৱ হোৱা পৰিস্থিতিৰ কাৰণে মৰিগাঁৱৰ উপায়ুক্ত, আৰক্ষী অধীক্ষক লাহৰীঘাটৰ কেইবাজনো সাংবাদিকসহ মুঠ ১৫জন লোক কোৱাৰানটাইনলৈ যাব লগীয়া হৈছে। কোভিড১৯ ৰোগীৰ সংস্পৰ্শলৈ অহাৰ বাবেই আটাইকেইজন ব্যক্তিক কোৱাৰানটাইনলৈ যোৱাৰ পৰামৰ্শ দিয়া হৈছে। সংবাদ সূত্ৰ মতে জিলাখনৰ আৰক্ষী অধীক্ষক আৰু উপায়ুক্তই ছেল্ফ কোৱাৰানটাইন লৈ এক বাৰ্তা দিবলৈ বিচাৰিছে আৰু সেয়েহে তেওঁলোকে নিজে আগুৱাই আহি কোৱাৰানটাইন লয়। আনহাতে লাহৰীঘাটৰ স্থানীয় আৰক্ষী বিষয়া আৰু সাংবাদিককো কোৱাৰানটাইনলৈ যোৱাৰ পৰামৰ্শ দিয়া হয়।