মৰিয়নীত চৰকাৰী নিৰ্দেশনাক অমান্য কৰি চলাই আছে ব্যক্তিগত বিদ্যালয়

মৰিয়নীত চৰকাৰী নিৰ্দেশনাক অমান্য কৰি চলাই আছে  ব্যক্তিগত বিদ্যালয়

 

বৰ্তমান ৰাজ্যত চতুৰ্থ প্ৰয্যাৰ্য়ৰ লক ডাউন চলি থকাৰ মাজতে শিক্ষাবিভাগৰ নিৰ্দেশনাক ভেঙুচালি কৰি চলাই আছে  মন  ইণ্টাৰনেচনেল নামৰ ব্যক্তিগত বিদ্যালয় খন ।  দৈনিক চলাই গৈছে নিয়মীয়া পাঠদান।

প্ৰশাসনৰ চকুত ধূলি দি স্কুল বেগৰ পৰিবৰ্তে বজাৰ কৰা বেগ ব্যৱহাৰ কৰিছে বিদ্যালয়লৈ আহিবৰ বাবে ।সমগ্ৰ ভাৰত বৰ্ষতে দৈনিক মহামাৰী কৰণা  সংক্ৰমন  অভাৱনীয় হাৰত বৃদ্ধি হৈছে ফলত কেন্দ্ৰীয় চৰকাৰৰ নিৰ্দেশ মৰ্মে দেশৰ সকলো ধৰণৰ সৰু বৰ শিক্ষানুষ্ঠান শিক্ষাদান কাৰ্য্যৰ পৰা বিৰত আছে ঠিক সেই সময়তে মৰিয়নীৰ এখন ব্যক্তিগত বিদ্যালয়ে প্ৰশাসনৰ নিৰ্দেশনাক আওকান কৰি দৈনিক চলাই গৈছে পাঠদান কায্যসূচী । নিয়মিত ভাৱে লৰা ছোৱালীক বিদ্যালয় লৈ মাটি পাঠদান কৰিছে এই বিদ্যালয় খনে আৰু নিয়মিত ভাৱে পাঠদান কৰাবলৈ নাহিলে ইয়াত কৰ্মৰত শিক্ষয়িত্ৰীৰৰো দৰমহা কৰ্তন কৰাৰ গুৰুতৰ অভিযোগ উত্থাপন হৈছে"" মন ইণ্টাৰনেচনেল নামৰ ব্যক্তিগত স্কুল খনৰ।এতিয়া লক্ষ্যনীয় হব বিদ্যালয় কৰ্তৃপক্ষৰ  বিৰুদ্ধে বিভাগীয় তৰফৰ পৰা কি ব্যৱস্থা গ্ৰহণ কৰে৷