গুজৰাটী ব্যক্তিগতখণ্ডৰ কোম্পানীয়ে বাঘজানৰ অগ্নিকাণ্ড সংঘটিত হোৱা স্থানত চলাইছিল খনন কাৰ্য

গুজৰাটী ব্যক্তিগতখণ্ডৰ কোম্পানীয়ে বাঘজানৰ অগ্নিকাণ্ড সংঘটিত হোৱা স্থানত চলাইছিল খনন কাৰ্য

বাঘজানৰ যিটো অইল খাদত অগ্নিকাণ্ড সংঘটিত হৈছে সেই অইল খাদটো অইল ইণ্ডিয়া কোম্পানীৰ যদিও তাত তেল খননৰ কাম কৰিছিল এটা ব্যক্তিগত কোম্পানীয়ে। গুজৰাটৰ johm energy নামৰ ব্যক্তিগত খণ্ডৰ কোম্পানীটোৱে সেই খাদটোৰ তেলখনন অব্যাহত ৰাখিছিল। এই পৰ্যন্তলৈকে অগ্নিনিৰ্বাপন কৰিবলৈ কোনো কাৰ্যকৰী ব্যৱস্থা গ্ৰহণ কৰা নাই যদিও চিংগাপুৰৰ পৰা অহা বিশেষ ৩ জনীয়া বিশেষজ্ঞ দলে এই সন্দৰ্ভত কাৰ্যপন্থা গ্ৰহণ কৰাৰ বাবে পৰিকল্পনা অব্যাহত ৰাখিছে।অইল খাদটোৰ সন্মুখভাগত কেপিং ষ্টেকৰ জৰিয়তে বন্ধ কৰি দি সেই জুই নিপ্বাপনৰ চেষ্টা কৰিব। ইতিমধ্যে সমগ্ৰ পৰিস্থিতি সন্দৰ্ভত ৰাজ্য চৰকাৰে অইল কৰ্তৃপক্ষৰ সৈতে যোগাযোগ ৰক্ষা কৰাৰ লগতে পৰিস্থিতি সন্দৰ্ভতো চোকা নজৰ ৰাখিছে। চিংগাপুৰৰ পৰা অহা এমএছ এলাৰ্ট ডাইজেষ্টাৰ কনট্ৰল নামৰ ফাৰ্মখনৰ বিশেষজ্ঞসকলৰ সৈতেও এই জুই কিদৰে নিৰ্বাপন কৰিব পৰা যায় সেই সন্দৰ্ভতো আলোচনা অব্যাহত ৰাখিছে।

জুই লগা স্থানলৈ কেপিং ষ্টেক কঢ়িয়াই নিবলৈ পথ নিৰ্মাণ আৰু তাৰ চাৰিওফালে ৱাটাৰ আম্বেলাৰে নতুবা কাৰ্বন ডাই অক্সাইড নিক্ষেপ কৰি জুই কমাৰ পাছতহে অইল খাদটোৰ মুখ বন্ধ কৰিব পৰা যাব পাৰি বিশোেষজ্ঞসকলে মতপোষণ কৰিছে। উক্ত অঞ্চলটোৰ সমীপত থকা শ শ বিঘা কৃষি ভূমি বা মাগুৰী বিলত থকা পশু-পক্ষী কীট পতংগৰো যথেষ্ট ক্ষতি হৈছে। অসম কৃষি বিশ্ববিদ্যালয়ৰ এটা দলে আহি এই অগ্নি কাণ্ডৰ সমীপৱৰ্তী স্থান পৰিযবেক্ষণ কৰিছে। ইফালে ৰাইজে অভিযোগ কৰিছে যে, অইল ইণ্ডিয়া তথা বিশেষ ব্যক্তিগত কোম্পানীটোৱে মানুহ, জীৱ জন্তুৰ জীৱনৰ প্ৰতি কোনো গুৰুত্ব নিদিয়াকৈ চলাইছিল এই খনন কাৰ্য।