পূৰ্ব অভিলেখ ভাঙি সৰ্বোচ্চ উচ্চতাত উপনীত হোৱা নিমাতীঘাটৰ জলপৃষ্ঠ নিম্নগামী :

পূৰ্ব অভিলেখ ভাঙি সৰ্বোচ্চ উচ্চতাত উপনীত হোৱা নিমাতীঘাটৰ জলপৃষ্ঠ নিম্নগামী  :
Source - CWC.India

 

Aiidesh Exlusive  : 1 July - 2024  :

যোৰহাটত পুৰ্বৰ উচ্চ সীমা অতিক্ৰম কৰা ব্ৰহ্মপুত্ৰৰ জলপৃষ্ঠ আজি বিয়লিৰে পৰা নিম্নগামী হোৱা দেখা গৈছে ৷ ইফালে বোকাখাতত বংকোৱালৰ মথাউৰি চিঙাৰ পিচত নামনি অঞ্চলৰ জলপৃষ্ঠ বৃদ্ধিৰ গতি হ্ৰাস হোৱাও দেখা গৈছে ৷ 

কেন্দ্ৰীয় জল আয়োগৰ তথ্য মতে আজি দিনটোৰ ১২ ঘন্টাত উজনিৰ অৰুণাচলৰ টুটিং,  ইংকিয়ং আৰু পাচিঘাটত চিয়াং নদী জলপৃষ্ঠ পূৰ্বতকৈ নিম্নগামী হৈছে ৷ যোৱা ১২ ঘনেটাত টুটিংত চিয়াংৰ জলপৃষ্ঠ ০.১০ মিটাৰ,  ইংকিয়ংত ০৫০ মিটাৰ আৰু পাচিঘাটত জলপৃষ্ঠ ০.৪১ মিটাৰ হ্ৰাস পাইছে ৷ পুৰ্বানুমান মতে অহা ১২ সকলো স্থানতে জলপৃষ্ঠ নিম্নগামী হোৱাৰ সম্ভাৱনা ৷

যাৰ পটভুমিত ডিব্ৰুগড়ত যোৱা ১২ ঘন্টাত ব্ৰহ্মপুত্ৰ নদীৰ জলপৃষ্ঠ স্থবিৰ হৈ ক্ৰমাত নিম্নগামী হৈছে ৷ একেদৰে পুৰ্ব উচ্চসীমা অতিক্ৰম কৰি  ৮৭.৪৫ মিটাৰ উচ্চতা পোৱা নিমাতীঘাটৰ জলপৃষ্ঠ আজি বিয়লিৰ পৰা নিম্নগামী হৈছে ৷ যোৱা ১২ ঘন্টাত নিমাতীঘাটৰ জলপৃষ্ঠ ০.০২ মিটাৰ নিম্নগামী হৈছে আৰু পানী কমিছে ৷

ইফালে স্থানীয় জল সম্পদ বিভাগৰ তথ্য মতে বোকাখাতৰ ধনশিৰিমুখত স্থবিৰ হৈছে ব্ৰহ্মপুত্ৰৰ জলপৃষ্ঠ ৷ দিনটোৰ ১২ ঘন্টাত ০.২৪ মিটাৰ বৃদ্ধি পাইছিল জলপৃষ্ঠ ৷ পুৰ্বানুমান মতে আগত ১২ ঘন্টাত ধনশিৰিমুখৰ জলপৃষ্ঠ নিম্নগামী হোৱাৰ সম্ভাৱনা আছে ৷

********