কভিড-১৯ত প্রাণ গ’ল অলিম্পিক ফাইনেলিষ্টৰ

কভিড-১৯ত প্রাণ গ’ল অলিম্পিক ফাইনেলিষ্টৰ
অলিম্পিক ফাইনেলিষ্ট

আঠশ মিটাৰ দৌৰত দুবাৰকৈ অলিম্পিকৰ ফাইনেলত প্রৱেশ কৰা ইটালিৰ দৌৰবিদ ডোনাটো ছাবিয়া কৰ’না ভাইৰাছত আক্রান্ত হৈ মৃত্যুমুখত পৰিছে৷ দক্ষিণ ইটালিৰ পোটেনজা নগৰৰ এখন চিকিৎসালয়ত তেওঁ বিগত কিছুদিন ধৰি চিকিৎসা গ্রহণ কৰি আছিল৷

মৃত্যুৰ সময়ত তেওঁৰ বয়স ৫৬ বছৰ আছিল৷ কভিড-১৯ত পৰলোকপ্রাপ্তি ঘটা ছার্বিয়াই হ’ল বিশ্বৰ প্রথমগৰাকী অলিম্পিক ফাইনেলিষ্ট৷ ছার্বিয়াই ১৯৮৪ চনৰ লছ এঞ্জেলছ অলিম্পিকত ৮০০ মিটাৰ দৌৰত পঞ্চম আৰু চাৰি বছৰৰ পিছৰ ছিউল অলিম্পিকত পাইছিল সপ্তম স্থান৷ ১৯৮৪ চনৰ ইউৰোপীয়ান ইনড’ৰ চেম্পিয়নশ্বিপত তেওঁ লাভ কৰিছিল সোণৰ পদক