৩৩ বছৰৰ পিছত পুনৰ দূৰদৰ্শনত ৰামায়ণ, ২০ মিলিয়ন দৰ্শকৰ উপভোগ

৩৩ বছৰৰ পিছত পুনৰ দূৰদৰ্শনত ৰামায়ণ, ২০ মিলিয়ন দৰ্শকৰ উপভোগ

ৰামানন্দ সাগৰে প্ৰস্তুতি কৰি উলিওৱা জনপ্ৰিয় ধাৰাবাহিক ৰামায়ণ পুনৰযোৱা শনিবাৰৰ পৰা দূৰদৰ্শনত সম্প্ৰচাৰ হৈছে। । পুৱা ৯ বজাৰ পৰা ১০ বজালৈ ৰামায়ণৰ প্ৰথম খণ্ড সম্প্ৰচাৰ হোৱাৰ বিপৰীতে নিশা ৯ বজাৰ পৰা ১০বজালৈ দ্বিতীয়খণ্ড সম্প্ৰচাৰ হ’ব।

সুদীৰ্ঘ ৩৩বছৰৰ পিছত ৰামায়ণ পুনৰ দূৰদৰ্শনত সম্প্ৰচাৰ হ’ব। প্ৰথমবাৰ দূৰদৰ্শনত ৰামায়ণ সম্প্ৰচাৰ হৈছিল ১৯৮৭চনত। ১৯৮৭ ৰ ২৫ জানুৱাৰীত ৰামায়ণ প্ৰথমখণ্ড সম্প্ৰচাৰ হৈছিল। ১৯৮৮চনৰ ৩১ জুলাইত ৰামায়ণৰ অন্তিমখণ্ড সম্প্ৰচাৰ হৈছিল দূৰদৰ্শনত। মুঠ ৭৮টা খণ্ড এই ধাৰাবাহিক সম্প্ৰচাৰ হৈছিল দূৰদৰ্শনত। উল্লেখ্য যে এই ধাৰাবাহিক প্ৰতি সপ্তাহৰ দেওবাৰে সম্প্ৰচাৰ হৈছিল। সেই সময়ছোৱাত ৰামায়ণ হৈ পৰিছিল এখন জনপ্ৰিয় ধাৰাবাহিক।

দেশত তলাবন্ধ কাৰ্যসূচী ঘোষণাৰ পিছতেই ছ’চিয়েল মিডিয়াত ৰামায়ণ পুনৰ সম্প্ৰচাৰ কৰাৰ দাবী জনোৱা হৈছিল। সেই দাবীৰ প্ৰতি লক্ষ্য ৰাখি কেন্দ্ৰীয় তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰী ৰামায়ণ পুনৰ দূৰদৰ্শনত সম্প্ৰচাৰ কৰা বুলি ঘোষণা কৰিছে। ইতিমধ্যে ২০ মিলিয়ন দৰ্শকে উপভোগ কৰিছে