এজাক প্ৰচণ্ড ধুমুহাত বিধ্বস্ত গুৱাহাটী মহানগৰ,চাৰিওফালে অন্ধকাৰ
                        এই দেশৰ বিশেষঃ কৰোণাৰ আতংকৰ বাবে ৰাইজ বিহু বতৰত ঘৰত সোমাই থকাৰ অৱস্থাতে এজাক ধূলি আৰু বালিৰ ধুমুহাই বিধ্বস্ত কৰি তুলিলে গোটেই গুৱাহাটী মহানগৰৰ জন-জীৱন দুপৰীয়াতেই মহানগৰী হৈ পৰিছে ঘোৰ অন্ধাকাৰ। বাতৰি লিখাৰ সময়ৰ লৈকে গুৱাহাটীকে ধৰি ইয়াৰ উপকণ্ঠ অঞ্চলটোত ব্যাপক ক্ষয়-ক্ষতি কৰা পৰিলক্ষিত হৈছে। অৱশ্যে, বৰষুণ এতিয়াও অহা নাই। দিনৰ এক বজাতেই জৰুৰীকালীন বাহনসমূহে হেডলাইট জ্বলাই যাৱ লগা হৈছে।
                        


                
                
                
                
                
                
                

        
        
        
        
        
        
        
        
        
        
        
        
        
        
        
        
        
        
        
        
        
        
        
								
								
								
								
								
								
								
								
								
								
