বোকাখাতৰ বৰজুৰি বস্তিত বিদ্যুত প্ৰবাহিত তাঁৰৰ সহায়ত হাতীৰ হত্যা : এজনক আটক :

বোকাখাতৰ বৰজুৰি বস্তিত বিদ্যুত প্ৰবাহিত তাঁৰৰ সহায়ত হাতীৰ হত্যা : এজনক আটক :
Aiidesh Photo

 

বোকাখাতৰ বৰজুৰি বস্তিত বিদ্যুত প্ৰবাহিত তাঁৰৰ সহায়ত হাতীৰ হত্যা : এজনক আটক :

Aiidesh News : 22 July 2023  :

বোকাখাতৰ বৰজুৰি বস্তিত ২১ জুলাইৰ নিশা এজনী সাত বছৰীয়া মাইকী হাতী পোৱালী বিদ্যুতপৃষ্ঠ হৈ মৃত্যু মুখত পৰে ৷ বিদ্যুত পৃষ্ঠহৈ হাতীৰ মৃত্যু হোৱা এই ঘটনাতো কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ তৃতীয় সংযোজনৰ পানবাৰী এনিমেল কৰিডৰ সমীপতে সংঘৰটিত হয় । অঞ্চলটো কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ কহঁৰা বনাঞ্চলৰ ভেৰনি বন শিৱিৰৰ  সমীপৰ ।

২১ জুলাই নিশা অঞ্চলটোৰ বাসিন্দা চুনকো মুণ্ডা নামৰ লোক জনে নিজৰ বাসগৃহৰ পৰা নি সংস্থাপিত কৰা এডাল বিদ্যুত প্ৰবাহিত তাঁৰত বিদ্যুপৃষ্ঠ হৈ হাতীটোয়ে কৰুণ ভাৱে মৃত্যুক সাৱতি লয় ৷ ২২ জুলাইৰ পুৱা মৃত হাতীটোৰ খবৰ চুনকো মুণ্ডা নামৰ মানুহজনে নিজেই গৈ ভেৰনি বন শিৱিৰক অৱগত কৰে ৷ ভেৰণি বন শিৱিৰৰ বনকৰ্মীয়ে গৈ এখন কঠিয়াতলিৰ মাজত মৃত হাতীটো প্ৰত্যক্ষ কৰি বনাঞ্চলিক বিষয়াক জনাই ৷ 

বোকাখাতৰ বৰজুৰিত থকা বন্যপ্ৰাণী পুনৰ সংস্থাপন আৰু সংৰক্ষণ কেন্দ্ৰৰ জেষ্ঠ পশু চিকিৎসক ডা৹ চামচুল আলীক লগত লৈ বনাঞ্চলিক বিষয়া বিভূতি ৰঞ্জন গগৈয়ে বৰজুৰি বস্তিত উপস্থিত হৈ ঘটনাৰ তদন্ত কৰাৰ লগতে বিদ্যুত প্ৰবাহিত তাঁৰেৰে হাতী হত্যা কৰাৰ অপৰাধত চুনকো মুণ্ডা নামৰ লোক জনক আটক কৰে ৷ চুনকো মুণ্ডাৰ বাসগৃহৰ পৰা বিদ্যুতৰ তাঁৰৰ লগতে যাৱতীয় সামগ্ৰীও জব্দ কৰিছে বন বিভাগে । সম্প্ৰতি বন বিভাগৰ জিম্মাত থকা চুনকো মুণ্ডা নামৰ লোক জনে বিদ্যুত প্ৰবাহিত তাঁৰ হাতীৰ দণ্ডিত সংস্থাপিত কৰাৰ কথা স্বীকাৰ কৰিছে ৷

**********