বোকাখাতত সাংবাদিকৰ প্ৰীতি ক্ৰিকেট খেল : বোকাখাত-কাজিৰঙা আৰু খুমটাই-কমাৰগাঁৱ দলৰ মাজত অনুষ্ঠিত খেলত বোকাখাত-কাজিৰঙা দল বিজয়ী :

বোকাখাতত সাংবাদিকৰ প্ৰীতি ক্ৰিকেট খেল  : বোকাখাত-কাজিৰঙা আৰু খুমটাই-কমাৰগাঁৱ দলৰ মাজত অনুষ্ঠিত খেলত বোকাখাত-কাজিৰঙা দল  বিজয়ী  :
Aiidesh Photo

Ajanta Talukdar : Aiidesh News :  17 February 2024 :

বোকাখাতৰ উন্নয়ন খণ্ডৰ খেল পথাৰত  আজি খুমটাই-কমাৰগাঁৱৰ যুৱ সাংবাদিক সকলৰ সৈতে বোকাখাত-কাজিৰঙাৰ যুৱ সাংবাদিক সকলৰ  মাজত এখন প্ৰীতি ক্ৰিকেট খেল অনুষ্ঠিত হয় ৷ খেলখনত বোকাখাত-কাজিৰঙা দলে খুমটাই-কমাৰগাঁৱ দলক সাত অ'ভাৰত পৰাজিত কৰি চূড়ান্ত বিজয়ী হ’বলৈ সক্ষম হয় । ১২ অ'ভাৰৰ  খেলখনৰ উদ্বোধনী অনুষ্ঠানত অসম ৰাজ্যিক সাংবাদিক সন্থাৰ সভাপতি জিতু শৰ্মা ৰাজখোৱা, বোকাখাতৰ মহকুমা আৰক্ষী বিষয়া অতুল কুমাৰ, আপকুৰ কেন্দ্ৰীয় সিমিতৰ কোষাধ্যক্ষ নবীন গোহাঁই, বোকাখাত মহকুমা সাংবাদিক সংস্থাৰ সভাপতি বুবুল দত্ত, জ্যেষ্ঠ সাংবাদিক তথা বিশিষ্ট কবি-নাট্যকাৰ অমৰ শৰ্মা, বিশিষ্ট সমাজকৰ্মী ভাস্কৰ কালিন্দী, ইমজা বোকাখাতৰ সম্পাদক সুদীপ্ত তামুলী আৰু কবি-সাংবাদিক অজন্তা তালুকদাৰ উপস্থিত থাকে । অনুষ্ঠানত অতিথি সকলক চেলেং চাদৰেৰে আদৰণি জনোৱা হয় ৷

সাংবাদিকৰ এই প্ৰীতি ক্ৰিকেট খেল খন আম্পায়াৰ হিচাবে পৰিচালনা কৰে বিশিষ্ট ক্ৰিকেট খেলুৱৈ বিনয় কালোৱাৰ আৰু অভিষেক কুমাৰে । খেলৰ আৰম্ভনীতে টচত বোকাখাত-কাজিৰঙা দলে জয় লাভ কৰি খুমটাই-কমাৰগাঁৱক বেটিং কৰিবলৈ আমন্ত্ৰন জনায় । খেলৰ প্ৰথম ইনিংছত খুমটাই-কমাৰগাঁৱে ১২ অ'ভাৰ খেলি মুঠ ১৩২ ৰাণ কৰাৰ বিপৰীতে বোকাখাত-কাজিৰঙাই দ্বিতীয় ইনিংছত ছয় অ'ভাৰ আৰু চাৰিটা বলতে ১৩২ ৰাণ সংগ্ৰহ কৰি খুমটাই-কমাৰগাঁৱক পৰাজিত কৰি চূড়ান্ত বিজয়ী হয় । বোকাখাত-কাজিৰঙা দলৰ উপ অধিনায়ক চন্দন হাজৰিকাই ১৩ টা ছয় আৰু তিনিটা চাৰি মাৰি মুঠ ৯৬ ৰাণ কৰি অপৰাজিত হৈ শ্ৰেষ্ঠ খেলুৱৈৰ খিতাপ লাভ কৰে । খেল খনত বোকাখাত-কাজিৰঙাৰ অধিনায়ক আছিল সাংবাদিক ৰাজীৱ বৰা আৰু খুমটাই-কমাৰগাঁৱৰ অধিনায়ক সাংবাদিক চন্দন বৰা । শেষত বোকাখাত-কাজিৰঙা দলে খুমটাই-কমাৰগাঁৱ দলক সাত অ'ভাৰত পৰাজিত কৰি চূড়ান্ত বিজয়ী হ’বলৈ সক্ষম হয় ৷

**********