নুমলীগড়ৰ ৩৭নং ৰাষ্ট্ৰীয় ঘাইপথত পথ দুৰ্ঘটনা : এজন চালকৰ মৃত্যু :

নুমলীগড়ৰ ৩৭নং ৰাষ্ট্ৰীয় ঘাইপথত পথ দুৰ্ঘটনা  : এজন চালকৰ মৃত্যু :

নুমলীগড়ৰ ৩৭নং ৰাষ্ট্ৰীয় ঘাইপথত পথ দুৰ্ঘটনা  : এজন চালকৰ মৃত্যু : 

 Aiidesh News : 18 June 2023 : 

দেওবাৰৰ পুৱাতে হোৱা নেৰানেপেৰা বৰষুণৰ মাজতে নুমলীগড়ত ৩৭ নং ৰাষ্ট্ৰীয় পথতে সংঘটিত হয় এক পথ দূৰ্ঘটনা  । নুমলীগড়ৰ ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথত  এখন মালবাহী ট্ৰাক আৰু টাটা মালবাহী ইনট্ৰাৰ গাড়ীৰ মাজত মুখামুখি সংঘৰ্ষ সমঘৰ্টিত হয় ৷  ঘটনাত টাটা মালবাহী ইনট্ৰাখনৰ চালক গৰাকী থিতাতে নিহত হোৱাৰ লগতে দুয়োখন বাহনৰ হেণ্ডিমেন দুজন গুৰুত্বৰভাৱে আহত হয় ।

ঘটনাস্থলীত উপস্থিত হৈ কমাৰগাঁও আৰক্ষীয়ে আহত দুয়ো গৰাকীকে বোকাখাতৰ শ্বহীদ কমলামিৰি অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰে । দুৰ্ঘটনাত পতিত হোৱা টাটা ইনট্ৰাখনৰ চালক গৰাকীক প্ৰায় ঘন্টা জোৰা  প্ৰচেষ্টাৰে কমাৰগাওঁ আৰক্ষীয়ে এখন ক্ৰেনৰ সহায়ত উদ্ধাৰ কৰে যদিও চালক গৰাকী ঘটনাস্থলীতেই মৃত্যু হয় । চালক গৰাকীক মৃত দেহ পিচত গোলাঘাটৰ শ্বহীদ কুশল কোঁৱৰ অসামৰিক  চিকিৎসালয়লৈ মৰোনোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰা হয় ।

********