গোলাঘাট গড়কাপ্তানী বিভাগৰ নগ্ন স্বৰূপ

গোলাঘাট গড়কাপ্তানী বিভাগৰ নগ্ন স্বৰূপ

ৰাজ্যৰ গড়কাপ্তানী  বিভাগৰ উন্নয়নৰ নগ্ন স্বৰূপ ।গোলাঘাটত  বিভাগটোৰ উন্নয়ন মূলক কামৰ নগ্ন স্বৰূপ   । গোলাঘাট নগৰৰ মাজেৰে যোৱা ঐতিহাসিক ধোদৰ আলিয়েই হৈছে  জ্বলন্ত উদাহৰণ। আহোম স্বৰ্গদেউ গদাধৰ সিংহৰ দিনতে নিৰ্মাণ কৰা গোলাঘাট জিলাৰ কমাৰগাৱৰ পৰা  জয়পুৰ লৈকে অৱস্থিত পথ । ৰাজ্য চৰকাৰৰ গড়কাপ্তনী বিভাগৰ জৰাজীৰ্ণ পথটো গোলাঘাট কছাৰীহাটৰ পৰা যোৰহাট জিলাৰ সীমান্ত কাকডোঙা লৈকে ঠায়ে ঠায়ে পুখুৰী সদৃশ পৰিবেশ । দ দ গাঁতৰ সৃষ্টি হোৱাত বহু সময়ত বহু দুৰ্ঘটনাও সংঘটিত হৈছে । দ গাঁতত পৰি  পথাচাৰী মৃত্যু মুখতো পৰিছে । বিজেপি নেতৃত্বাধীন চৰকাৰ আৰু প্ৰশাসনক কমাৰবন্ধা অঞ্চলৰ স্থানীয় দল, সংগঠনে প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ ,  আবেদন নিবেদন কৰাৰ পিছতো যোৱা এবছৰ ধৰি কোনো সুফল নধৰিল। এবছৰ পুৰ্বে গোলাঘাট জিলা উপায়ুক্তই পথ নিৰ্মাণ আশ্বাস দিছিল যদিও অলপ শিলগুটি  পেলাই গড়কাপ্তনী বিভাগে দায়িত্ব সামৰে । পথটোৰ বৰ্তমান পৰিবেশে সকলোকে যন্ত্ৰণা ভোগাই আহিছে । বাৰিষা কালত দ দ গাঁতত পানী জমা হৈ যোৱাত পথাচাৰী প্ৰায় দুৰ্ঘটনাৰ সন্মুখীন হয় । বৰ্তমান গড়কাপ্তনী মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মালৈ  ৰাইজৰ আহ্বান  শীঘ্ৰে পথটো মেৰামতি কৰি যাতায়তৰ বাবে উপযোগী কৰি তোলক ।।              এই দেশ ,গোলাঘাট