বোকাখাতৰ যুৱ নেতা আকাশ ফুকন অসম মল্লযুঁজ সন্থাৰ উপ সভাপতি নিৰ্বাচিত :

বোকাখাতৰ যুৱ নেতা আকাশ ফুকন অসম মল্লযুঁজ সন্থাৰ উপ সভাপতি নিৰ্বাচিত  :
Aiidesh Photo

বোকাখাতৰ জনপ্ৰিয় যুৱনেতা আকাশ ফুকন অসম মল্লযুঁজ সন্থাৰ উপ সভাপতি নিৰ্বাচিত :

Aiidesh News  : 4 June 2023  :

গুৱাহাটীৰ হোটেল গেটৱে গ্ৰেন্দিউৰত দেওবাৰঅনুষ্ঠিত হৈ যোৱা অসম মল্লযুঁজ সন্থাৰ কেন্দ্ৰীয় অধিৱেশনত অসম ক্ৰীড়া আয়োগৰ উপাধ্যক্ষ,বোকাখাতৰ যুৱ নেতা তথা ভাৰতীয় জনতা পাৰ্টীৰ কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক সদস্য আকাশ ফুকনক সৰ্ব সন্মতিক্ৰমে সন্থাৰ উপ-সভাপতি  হিচাবে নিৰ্বাচন কৰা হয় ৷ নিৰ্বাচনৰ সময়ত বিভিন্ন প্ৰতিশ্ৰুতিৰে বোকাখাত সমষ্টিৰ জনসাধাৰণৰ কাষ চপা নেতা পালি নেতাৰ বিপৰীতে নিৰৱিচিন্ন ভাৱে সমষ্টিৰ দুৰ্গত লোকৰ কাষত ত্ৰান কৰ্তা ৰূপত সদায় থিয় হোৱা আকাশ ফুকন অসম মল্লযুঁজ সন্থাৰ উপ সভাপতি হিচাবে নিৰ্বাচিত হোৱাত আজি উৎফুল্লিত হৈ পৰে বোকাখাত ৷ ইয়াৰ পূৰ্বে আকাশ ফুকন অসম ফুটবল সন্থাৰো যুটীয়া সম্পাদক হিচাবে নিৰ্বাচিত হৈছিল ৷ উল্লেখ্য যে ৰাজনৈতিক প্ৰেক্ষাপটত নেতৃত্বহীনতাত ভোগা বোকাখাত বিধানসভা সমষ্টিত বলিষ্ঠ জনসম্পৰ্কৰে জনপ্ৰিয় হৈ উঠা আকাশ ফুকন এতিয়া সমষ্টিতোৰ দুৰ্গত জনৰ ত্ৰানকৰ্তা, যুৱপ্ৰজন্মৰ পথ প্ৰদৰ্শক হিচাবে পৰিগণিত হোৱাৰ লগতে বৌধিক সমাজৰো সাধুবাদ পাবলৈ সক্ষম হৈছে  ৷

ৰাজ্যৰ ক্ৰীড়া ক্ষেত্ৰত বলিষ্ঠ পদক্ষেপ ৰাখিবলৈ সক্ষম হোৱা আকাশ ফুকন অসম মল্লযুঁজ সন্থাৰ উপ সভাপতি হিচাবে নিৰ্বাচিত হোৱাৰ বাবে বোকাখাতৰ বিভিন্ন দল সংগঠনে তেওঁ শুভেচ্ছা জ্ঞাপন কৰে ৷

********