প্ৰয়াস অধ্যয়ন চক্ৰৰ উদ্যোগত বোকাখাতত ইলোৰা বিজ্ঞান মঞ্চৰ সমিতি গঠন :

প্ৰয়াস অধ্যয়ন চক্ৰৰ উদ্যোগত বোকাখাতত ইলোৰা বিজ্ঞান মঞ্চৰ সমিতি গঠন  :
Aiidesh Photo
প্ৰয়াস অধ্যয়ন চক্ৰৰ উদ্যোগত বোকাখাতত ইলোৰা বিজ্ঞান মঞ্চৰ সমিতি গঠন  :

প্ৰয়াস অধ্যয়ন চক্ৰৰ উদ্যোগত বোকাখাতত ইলোৰা বিজ্ঞান মঞ্চৰ সমিতি গঠন  :

Aiidesh News  : 29 March 2023 : 

বোকাখাতৰ বৌদ্ধিক , সাংস্কৃতিক আৰু সামাজিক ক্ষেত্ৰৰ আগশাৰীৰ অনুষ্ঠান প্ৰয়াস অধ্যয়ণ চক্ৰৰ উদ্যোগত সোমবাৰে বোকাখাতৰ জাতীয় বিদ্যালয়ত 'ইলোৰা বিজ্ঞান মঞ্চক বোকাখাতলৈ আদৰণী' শীৰ্ষক এক মনোজ্ঞ অনুষ্ঠান অনুষ্ঠিত হয় ।

প্ৰয়াসৰ সম্পাদক সোনেশ্বৰ নৰহৰ আদৰণী ভাষণেৰে আৰম্ভ হোৱা এই অনুষ্ঠানত পৌৰহিত্য কৰে বোকাখাতৰ কমলেশ্বৰ ৰাজখোৱা ফাউণ্ডেশ্যনৰ সভাপতি ডʼ অমূল্য কুমাৰ বৰাই । অনুষ্ঠানত কমলেশ্বৰ ৰাজখোৱা স্মাৰক প্ৰয়াস বিজ্ঞান মনষ্ক যাত্ৰা আৰু ইলোৰা বিজ্ঞান মঞ্চক আনুষ্ঠানিকভাৱে সমবেত কৰি বোকাখাতত ইলোৰা  বিজ্ঞান মঞ্চৰ বোকাখাত শাখা গঠন কৰা হয় ৷

অনুষ্ঠানতে জেষ্ঠ নাগৰিক নীলিমা ৰাজখোৱা, ৰজিত ফুকন, বিবেকানন্দ ধৰ, প্ৰতিমা দে ধৰ আৰু হৰেন্দ্ৰনাথ শৰ্মা ক উপদেষ্টা,  মুকুল ডেকাক সভাপতি, ইঞ্জু আহমেদক সম্পাদক,  পল্লৱ হাজৰিকাক সহ সম্পাদক আৰু ইভান লইং, কৃষ্ণাষ্মা ধৰ, গীতা ৰাজখোৱাক সদস্য হিচাবেলৈ ১১ জনীয়া ইলোৰা বিজ্ঞান মঞ্চ'ৰ বোকাখাত সমিতি গঠন কৰা হয় ।

সভাত ইলোৰা বিজ্ঞান মঞ্চৰ হৈ সম্পাদক কমলেশ্বৰ গুপ্তাই ইলোৰা বিজ্ঞান মঞ্চ'ৰ বিষয়ে ব্যাখ্যা কৰাৰ লগতে এটা মৃতদেহে ৩৪ জন মানুহক জীৱন ঘূৰাই দিয়াৰ বৈজ্ঞানিক ব্যাখ্যাও আগবঢ়াই । একেদৰে ইলোৰা বিজ্ঞান মঞ্চৰ যুটীয়া সম্পাদক অনুপ ৰায় চৌধুৰীয়ে ইলোৰা বিজ্ঞান মঞ্চৰ সদস্য পদ, অংগ আৰু দেহদান প্ৰক্ৰিয়াৰ নিয়মাৱলীৰ কথা উল্লেখ কৰে । ইলোৰা ৰায়চৌধুৰীয়ে ইচ্ছাপত্ৰত স্বাক্ষৰ কৰি নিজৰ মৃতদেহটো চিকিৎসা বিজ্ঞানৰ গবেষণাৰ স্বাৰ্থত আগবঢ়াই যি বিৰল নিদৰ্শন দাঙি ধৰিলে ই উত্তৰ-পুৰ্বাঞ্চলত প্ৰথমবাৰৰ বাবে এক মাইলৰ খুঁটি হিচাবে পৰিগনিত হোৱা বুলিও তেওঁ মন্তব্য কৰে ।

অনুষ্ঠানত মৰোনোত্তৰ দেহদানেৰে বিজ্ঞানমনষ্ক চিন্তাৰ প্ৰসাৰৰ বাবে কাম কৰি যোৱা বোকাখাত ৰজাবাৰীৰ হৰেন্দ্ৰ নাথ শৰ্মা, কুৰুৱাবাহীৰ বিবেকানন্দ ধৰৰ পৰিয়ালৰ হৈ প্ৰতিমা ধৰ আৰু প্ৰয়াত কমলেশ্বৰ ৰাজখোৱাৰ পত্নী নীলিমা ৰাজখোৱাক ইলোৰা বিজ্ঞান মঞ্চ, প্ৰয়াস বিজ্ঞান মনষ্ক যাত্ৰাৰ তৰফৰ পৰা সম্বৰ্ধনা জ্ঞাপন কৰা হয় ।

অনুষ্ঠানত বোকাখাত জাতীয় বিদ্যালয়, মহুৰামুখ জাতীয় বিদ্যালয়, ব্ৰহ্মপুত্ৰ জাতীয় বিদ্যালয় আৰু দিচৈপৰীয়া জাতীয় বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী, শিক্ষক-শিক্ষয়িত্ৰী আৰু স্থানীয় সংবাদিক ভবানন্দ কলিতা, বুবুল দত্ত, নীলু অচাৰ্য, দিব্যজ্যোতি হাজৰিকা, নাট্যকৰ্মী মনো বৰাকে আদি কৰি  কেইবাগৰাকীও বিশিষ্ট ব্যক্তি উপস্থিত থাকে ৷ অনুষ্ঠানটোত মুক্ত চিন্তাৰ গীতৰ উপৰিও ইমণ কল্যানে 'বিজ্ঞানত মই দহ পাইছো'- শীৰ্ষক কবিতা আবৃত্তি কৰে ৷ 

*********