বোকাখাতৰ বৰভেটা গাওঁত মেট্ৰিক্স ফাৰ্টিলাইজাৰ আৰু কেমিকেলচ লিমিটেডৰ উদ্যোগত বিনামুলীয়া স্বাস্থ্য পৰীক্ষা শিৱিৰ :

বোকাখাতৰ বৰভেটা গাওঁত মেট্ৰিক্স ফাৰ্টিলাইজাৰ আৰু কেমিকেলচ লিমিটেডৰ উদ্যোগত বিনামুলীয়া স্বাস্থ্য পৰীক্ষা শিৱিৰ  :
Aiidesh Photo

Aiidesh News  : 10th March  :

আজি বোকাখাতৰ বৰভেটা গাওঁত কৃষিজাত সাৰ উৎপাদনৰ আগশাৰীৰ প্ৰতিষ্ঠা মেট্ৰিক্স ফাৰ্টিলাইজাৰ আৰু কেমিকেলচ লিমিটেড ৰ উদ্যোগত আৰু ডিফলু চাহ বাগিচাৰ সহযোগত কৃষকৰ স্বাস্থ্য পৰীক্ষা শিৱিৰ অনুষ্ঠিত হয় । বৰভেটাৰ ৰাজহুৱা ৰঙ্গমঞ্চৰ প্ৰাংগনত অনুষ্ঠিত এই শিৱিৰত অঞ্চলটোৰ প্ৰায় দুই শতাধিক কৃষক আৰু শ্ৰমিকৰ উপৰিও স্থানীয় ব্যক্তিয়ে স্বাস্থ্য পৰীক্ষা কৰাই প্ৰতিষ্ঠানটোয়ে প্ৰদান কৰা বিনামুলীয়া ঔষধো গ্ৰহণ কৰে ।

স্বাস্থ্য পৰীক্ষাৰ এই বিশেষ শিৱিৰত মেট্ৰিক্স ফাৰ্টিলাইজাৰ আৰু কেমিকেলচ লিমিটেডৰ পৰিচালন সঞ্চালক মনোজ মিশ্ৰ, প্ৰতিষ্ঠানটোৰ উত্তৰ পূৰ্বাঞ্চলৰ ক্ষেত্ৰীয় পৰিচালক সীমান্ত ফুকন , সহ পৰিচালক শ্ৰক্তিম ভাগৱতী , ৰোস্তম তিৱাৰীৰ লগতে ডিফলু বাগিচাৰ কল্যাণ বিষয়া গীতাঞ্জলি চৰকাৰ উপস্থিত থাকে ৷ শিৱিৰত চিকিৎসা বিশেষজ্ঞ ডা৹ পৰাগ মেধি, ডা৹ ঋষিকেশ মহন্ত, ডা৹ বোধেশ্বৰ গগৈ আৰু ডা৹ ৰোস্তম ৰংফাৰে উপস্থিত লোকৰ স্বাস্থ্য পৰীক্ষা কৰি ঔষধৰ লগতে স্বাস্থ্য সংক্ৰান্ত পৰামৰ্শও প্ৰদান কৰে ৷ মেট্ৰিক্স ফাৰ্টিলাইজাৰ আৰু কেমিকেলচ লিমিটেডৰ দ্বাৰা আয়োজিত এই স্বাস্থ্য পৰীক্ষা শিৱিৰৰ দ্বাৰা বৰভেটা আৰু ইয়াৰ কাষৰীয় অঞ্চলৰ বহু লোক উপকৃত হয় ৷ বৰভেটাৰ দৰে পিচপৰা অঞ্চলত এনে শিৱিৰ আয়োজন কৰাৰ বাবে মেট্ৰিক্স ফাৰ্টিলাইজাৰ আৰু কেমিকেলচ লিমিটেডক স্থানীয় লোকে ধন্যবাদ জনায় ৷

******