বলিউডৰ চিনেমাৰ মুক্তিৰ সম্ভাৱনা কম দুমাহলৈকে নাই
                            কৰ’না ভাইৰাছৰ সংক্রমণৰ বাবে অক্ষয় কুমাৰৰ সূর্যবংশী আৰু ৰণবীৰ সিঙৰ এইটি থ্রীৰ মুক্তি স্থগিত ৰখা হয়৷ কিন্তু ভাৰতীয় চিনেমা উদ্যোগত এইবাৰ সুদূৰপ্রসাৰী প্রভাৱ পৰাৰ সম্ভাৱনা আছে৷ আনকি এইবাৰ ঈদতো নতুন চিনেমাই মুক্তি পোৱাৰ সম্ভাৱনা প্রায় নাই বুলিহে কোৱা হৈছে৷
বিতৰক ৰাজ বানছালে অলপতে এই বুলি মন্তব্য কৰে যে এইবাৰ ঈদত এখনেই চিনেমাই মুক্তি লাভ কৰিব, সেইখন হ’ল ‘কৰ’না ভাইৰাছৰ ইন্তু ইণ্ডিয়া’৷ তেওঁৰ এই মন্তব্যত বিভিন্নজনে প্রতিক্রিয়া প্রকাশ কৰিছে৷ এইবাৰ ঈদৰ সময়ত চলমান খান আৰু অক্ষয় কুমাৰৰ দুখন চিনেমা মুক্তি পোৱাৰ কথা আছিল৷ চিনেমা উদ্যোগৰ লগত জড়িত বিশেষজ্ঞসকলৰ মতে, এইবাৰ চিনেমা হল খোলাৰ পাছতো নতুন চিনেমাই মুক্তি লাভ কৰাৰ সম্ভাৱনা কম৷
এনে অৱস্থাত দুখনমান চিনেমাকে পুনৰ মুক্তি দিয়াৰ সম্ভাৱনা আছে৷ উল্লেখযোগ্যক্ত যে প্রথম অৱস্থাত দেশত ৩১ মার্চলৈকে চিনেমা হল বন্ধ কৰাৰ কথা আছিল৷ কিন্তু প্রধানমন্ত্রীয়ে ১৪ এপ্রিললৈকে লকডাউন ঘোষণা কৰে৷ এনে অৱস্থাত একাংশ চিনেমা হলৰ কর্তৃপক্ষই এই বুলি প্রকাশ কৰিছে যে তেওঁলোকে চৰকাৰৰ নির্দেশ মানি কর্মচাৰীক প্রথম মাহৰ দৰমহা দিব, কিন্তু পৰিস্থিতি একে ধৰণেৰে থাকিলে পাছলৈ কিছুমান কঠোৰ সিদ্ধান্ত ল’বলগীয়া হ’ব পাৰে৷
মিৰাজ চিনেমাৰ পৰিচালন সঞ্চালক অমিত শর্মাই প্রকাশ কৰা অনুসৰি চিনেমা উদ্যোগৰ সৈতে প্রায় আঢ়ৈ লাখ লোক প্রত্যক্ষ বা পৰোক্ষভাৱে জড়িত হৈ আছে৷ যদিহে দীর্ঘ দিনলৈ পৰিস্থিতি একেদৰে থাকে তেতিয়া সমস্যা বৃদ্ধি পোৱাৰ সম্ভাৱনা আছে৷ সমগ্র দেশতে চিনেমা উদ্যোগৰ পৰা প্রায় ২০ হাজাৰ কোটি টকা উপার্জন হয়৷
এনে অৱস্থাত এদিন চিনেমা হল বন্ধ হোৱা মানে বৃহৎ লোকচান হোৱা৷ মুম্বাইৰ চিনেমা উদ্যোগৰ সৈতে জড়িত বিশেষজ্ঞৰ মতে বর্তমানলৈকে ৪০০-৫০০ কোটি টকা লোকচান হৈছে৷ কিন্তু এনে ধৰণৰ পৰিস্থিতি অধিক দীঘলীয়া হোৱা মানে অধিক লোকচান হোৱা৷
                        


                
                
                
                
                
                
                

        
        
        
        
        
        
        
        
        
        
        
        
        
        
        
        
        
        
        
        
        
        
        
        
								
								
								
								
								
								
								
								
								
								
