ঘৰতে বহি ল’ব পাৰিব আপোনাৰ পছন্দৰ খাদ্যৰ জুতি

ঘৰতে বহি ল’ব পাৰিব আপোনাৰ পছন্দৰ খাদ্যৰ জুতি

১৪ এপ্ৰিলত অন্ত পৰিব দেশত চলি থকা লকডাউনৰ সময়সীমা।বহুতৰে মনত প্ৰশ্ন উদয় হৈছে বৃদ্ধি হ’ব নেকি লক ডাউন? ইতিমধ্যে ওড়িশা, উত্তৰ প্ৰদেশকে ধৰি বহু ৰাজ্যই বৃদ্ধি কৰিছে লক ডাউনৰ সময়সীমা। কিন্ত, অসম চৰকাৰে এই মুহূৰ্তলৈ লকডাউন বৃদ্ধিৰ কোনো সিদ্ধান্ত লোৱা নাই। যদি ৰাজ্য চৰকাৰে লকডাউন বৃদ্ধিৰ সিদ্ধান্ত গ্ৰহণ কৰে, তথাপি আপুনি সুস্বাদু খাদ্যৰ জুতি লোৱাৰ পৰা বঞ্চিত হ’ব নালাগে। কিয়নো লকডাউন বৃদ্ধি হ’লেও ঘৰতে বহি মহানগৰবাসীয়ে অনলাইনৰ জৰিয়তে ল’ব পৰিব চিকেন বিৰিয়ানি, চাহী পনীৰ, চিকেন তন্দুৰী আদি খাদ্যৰ সোৱাদ।

১৪ এপ্ৰিলৰ পিছত গ্ৰাহকসকলে অনলাইনৰ জৰিয়তে অৰ্ডাৰ কৰিব পাৰিব নিজৰ পছন্দৰ খাদ্য। News18ৰ সৈতে হোৱা আছুতীয়া সাক্ষাৎকাৰত স্বাস্থ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এই সম্পৰ্কত কয়, 'কেন্দ্ৰীয় চৰকাৰে লকডাউনৰ সময়সীমা বৃদ্ধি কৰিলে হোটেল বা ৰেস্তোঁৰা খোলা নাথাকে। কিন্ত অনলাইন সেৱাসমূহ যেনে ছুইগী বা জমেটো আদি খোলাৰ সম্ভাৱনা আছে। এই সেৱাসমূহৰ লগত জড়িত যুৱকসকলে অসুবিধাৰ সন্মুখীন হ’বলগীয়া হৈছে। হোম কোৱাৰেণ্টাইন হৈ থাকিলেও লনআইন সেৱাৰ লগত জড়িত লোকসকলে বিভিন্ন ধৰণৰ খাদ্যৰ সোৱাদৰ সম্ভাৰ ঘৰতে দি আহিব পাৰিব। কিন্তু ১৪ এপ্ৰিলৰ পিছতহে আমি এই বিষয়ে চূড়ান্ত সিদ্ধান্ত ল’ব পাৰিম।