পশ্চিম গাৰোপাহাৰ জিলাত হাতী মানুহৰ সংঘাত প্ৰশমনৰ বাবে আৰণ্য়কৰ সজাগতা কৰ্মশালা :

পশ্চিম গাৰোপাহাৰ জিলাত হাতী মানুহৰ সংঘাত প্ৰশমনৰ বাবে আৰণ্য়কৰ সজাগতা কৰ্মশালা :
পশ্চিম গাৰোপাহাৰ জিলাত হাতী মানুহৰ সংঘাত প্ৰশমনৰ বাবে আৰণ্য়কৰ সজাগতা কৰ্মশালা :
পশ্চিম গাৰোপাহাৰ জিলাত হাতী মানুহৰ সংঘাত প্ৰশমনৰ বাবে আৰণ্য়কৰ সজাগতা কৰ্মশালা :

 

পশ্চিম গাৰোপাহাৰ জিলাত হাতী মানুহৰ সংঘাত প্ৰশমনৰ বাবে আৰণ্য়কৰ সজাগতা কৰ্মশালা : 

Aiidesh News : 17 June 2023  

উত্তৰ পূৰ্বাঞ্চলৰ অগ্ৰণী জৈৱ বৈচিত্ৰ্য সংৰক্ষণ সংস্থা আৰণ্যকে মেঘালয়ৰ পশ্চিম গাৰো পাহাৰ জিলাৰ বন্দুকমালি গাৱঁত বুধবাৰে অনুষ্ঠিত কৰা এক প্ৰশিক্ষণ কৰ্মশালাত জিলাখনৰ “গাওঁ চেম্পিয়ন” আৰু স্থানীয় নোকমা সকলৰ মাজত হাতী মানুহৰ সহাৱস্থানৰ প্ৰয়োজনীয়তা আৰু সংঘাতৰ সাম্প্ৰতিক পৰিস্থিতিৰ বিষয়ে সজাগতাৰ প্ৰশিক্ষণ প্ৰদান কৰে ।

ডাৰউইন ইনিচিয়েটিভৰ পৃষ্ঠপোষকতাত আৰণ্যকে ব্ৰিটিছ এছিয়ান ট্ৰাষ্টৰ সহযোগিতাত অসম আৰু পশ্চিম গাৰো পাহাৰ জিলাৰ ফোটামাটি, বন্দুকমালি, বড়োগোবাল আৰু জামডাংৰেৰ গাঁওসমূহক সামৰি মানৱ আৰু হাতী সহাৱস্থান বিষয়ক এটা প্ৰকল্প ৰূপায়ণ কৰি আছে । এই সহযোগিতামূলক প্ৰকল্পৰ অধীনত অঞ্চলটোত আৰণ্য়কে গাওঁ চেম্পিয়ন নামৰ কিছু লোকক নিয়োজিত কৰিছে । এই গাওঁ চেম্পিয়ন সকলে  আৰণ্য়কৰ সহযোগিতামূলক প্ৰকল্পৰ অধীনত গাঁও পৰ্যায়ত এলেকাত হাতী - মানুহৰ সহাৱস্থানক নিশ্চিত কৰি স্থানীয়  লোকৰ সহযোগিতাৰ বৃদ্ধি কৰাৰ কামত নিয়োজিত ।  

আৰণ্যকৰ উদ্য়োগত পশ্চিম গাৰো পাহাৰ জিলাৰ বন্দুকমালি গাঁৱৰ সংহত গাঁও সমবায় সমিতিৰ কাৰ্যালয় চৌহদত অনুষ্ঠিত এই প্ৰশিক্ষণ কৰ্মশালাত প্ৰায় ১৫ জন গাওঁ চেম্পিয়নে অংশগ্ৰহণ কৰে । উলেখ্য় যে পশ্চিম গাৰো পাহাৰ জিলাৰ এই গাঁওবোৰত গাৰো, ৰাভা, বড়োসকলকে ধৰি খিলঞ্জীয়া জনগোষ্ঠীৰ লোকে বসবাস কৰে । ২০১৩ চনৰ পৰা এই অঞ্চলত মানুহ-হাতীৰ সংঘাত বৃদ্ধি পাই আহিছে ।

প্ৰকল্প ৰূপায়িত গাঁওসমূহৰ গাঁও চেম্পিয়ন সকলৰ উপৰিও বিভিন্ন গাৱঁৰ নোকমা সকল আৰু স্থানীয় গাওঁবাসীয়ে এই কৰ্মশালাত অংশগ্ৰহণকৰি মত বিনিময় কৰে । কৰ্মশালাত আৰণ্যকৰ জ্যেষ্ঠ সমন্বয়ক জয়ন্ত পাঠক, অঞ্জন বৰুৱা আৰু প্ৰকল্প কৰ্মী ভেণ্ডো থিয়ডৰ, সুভাষ ৰাভা আৰু বিজয় কলিতাৰ লগতে আজিম প্ৰেমজী বিশ্ববিদ্যালয়ৰ এগৰাকী শিক্ষা নৱিচৰ উপৰিও অসমৰ এগৰাকী তথ্য় চিত্ৰ নিৰ্মাতা চম্পক ডেকায়ো উপস্থিত থকে ।

জয়ন্ত পাঠকে হাতীৰ বিভিন্ন চৰিত্ৰ আৰু বৈশিষ্ট্যৰ বিষয়ে উপস্থাপন কৰাৰ লগতে অঞ্জন বৰুৱাই মানৱ-হাতী সংঘাতৰ বিভিন্ন কাৰক আৰু নেমু গছৰ জৈৱ-বেৰাকে ধৰি সংঘাত প্ৰশমনৰ বিভিন্ন ব্যৱস্থাৰ ওপৰত আলোকপাত কৰে । ভেণ্ডো থিয়ডৰে হাতী মানুহৰ সংঘাতৰ ক্ষতিগ্ৰস্ত লোক সকলক কৰ্তৃপক্ষই ক্ষতিপূৰণ প্ৰদানৰ প্ৰক্ৰিয়াৰ বিষয়ে ব্যাখ্যা কৰে ।

*************