চি কুৱেষ্ট ফাউণ্ডেচনৰ উদ্যোগত কাজিৰঙাৰ বৰবিল মিচিং গাওঁত ইন্ধনৰহিত চৌকাৰ বিতৰণ :

চি কুৱেষ্ট ফাউণ্ডেচনৰ উদ্যোগত কাজিৰঙাৰ বৰবিল মিচিং গাওঁত ইন্ধনৰহিত চৌকাৰ বিতৰণ  :
Aiidesh Photo

Aiidesh News : 27 June 2023 :

চি কুৱেষ্ট ফাউণ্ডেচনৰ উদ্যোগত বোকাখাত মহকুমাৰ পশ্চিম কাজিৰঙা পঞ্চায়তৰ অন্তৰ্গত শিলডুবি বৰবিল মিছিং গাঁৱত মংগল বাৰৰ দিনা ২০০ পৰিয়ালক পৰিৱেশ অনুকুল ইন্ধনৰহিত চৌকা বিতৰণ কৰা হ’য় ৷ বানপানী আক্ৰান্ত দুখীয়া পৰিয়াল সকলে এই চৌকাৰ জৰিয়তে পৰিবৱেশ ৰক্ষা কৰাত সহায় কৰাৰ লগতে ইন্ধনৰ ব্যয়ো ৰাহি কৰিব পাৰিব ৷ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ সীমাতে থকা গাওঁখনৰ জনসাধাৰণক ইন্ধনৰ বাবে পৰিৱেশৰ ওপৰত নিৰ্ভৰ কৰিব লগা সমস্যাৰ পৰাও মুক্ত কৰিব বুলি চি কুৱেষ্ট ফাউণ্ডেচনৰ কৰ্মকৰ্তাই অৱগত কৰে ৷

চি কুৱেষ্ট ফাউণ্ডেচনৰ উদ্যোগত আয়োজিত এই কাৰ্য্যসূচীৰ শুভাৰম্ভ কৰে গোলাঘাট জিলা কংগ্ৰেছৰ সভাপতি সমাজকৰ্মী দাদু টায়েই ৷ অনুষ্ঠানত চি কুৱেষ্ট ফাউণ্ডেচনৰ আঞ্চলিক প্ৰৱন্ধক  কল্যাণ দাস, প্ৰকল্প সঞ্চালক হাৰবম ইংতিৰ উপৰিও স্থানীয় গাওঁবাসীয়ে অংশগ্ৰহন কৰে ৷ উল্লেখযোগ্য যে ইতিমধ্যে ১২০০ এনে চৌকা বোকাখাত সমষ্টিৰ অন্তৰ্গত বানপীঢ়িত অঞ্চলত বিতৰণ কৰা হৈছে বুলি চি কুৱেষ্ট ফাউণ্ডেচনৰ তৰফৰ পৰা জনোৱা হৈছে ৷

**********