ৰঙিয়াত ১৮জন হকাৰক সম্বর্ধনা

ৰঙিয়াত ১৮জন হকাৰক সম্বর্ধনা
হকাৰক সম্বর্ধনা

বাতৰি কাকতৰ যোগেদি কৰ’না ভাইৰাছ বিয়পে বুলি এটা স্বার্থান্বেষী চক্রই চলাই থকা ব্যাপক অপপ্রচাৰ আৰু ভ্রান্ত ধাৰণাৰ বিৰুদ্ধে ৰাজ্যত বিজ্ঞানমনস্কতা সৃষ্টিৰ আন্দোলনৰ অগ্রণী অনুষ্ঠান ইলোৰা বিজ্ঞান মঞ্চই আজি ৰঙিয়াত এটা ব্যতিক্রমী কার্যসূচী গ্রহণ কৰি সকলোৰে দৃষ্টি আকর্ষণ কৰে৷

ইলোৰা বিজ্ঞান মঞ্চৰ ৰঙিয়া শাখাই আজি মহকুমাটোত বাতৰি কাকত বিতৰণ কৰা ১৮জন হকাৰক সম্বর্ধনা জনোৱাৰ লগতে ৰাজ্যবাসীক কাকতৰ বিৰুদ্ধে চলা অপপ্রচাৰৰ বিৰুদ্ধে সজাগ হ’বলৈ আহবান জনায়৷

অনুষ্ঠানটোৱে ৰঙিয়া প্রেছ ক্লাব প্রাংগণত ফুলাম গামোচাৰে সম্বর্ধনা জনোৱা হকাৰসকল হ’ল অমৃত কলিতা, গণেশ কলিতা, ৰাতুল দাস, নাৰায়ণ কলিতা, অজিত শীল, তাজনুৰ আলী, প্রাঞ্জল শালৈ, সমীন লহকৰ, ধ্রুৱজ্যোতি বেজবৰুৱা, ৰমেন ডেকা, দ্বীপেন দাস, গুণীন শর্মা, নিপজ্যোতি দাস, অমৰেন্দ্র দাস, অৰূপ কলিতা, দীপাংকৰ কুমাৰ, ভৱজিত বেজবৰুৱা আৰু নলিনী শর্মা৷

কার্যসূচী সন্দর্ভত ইলোৰা বিজ্ঞান মঞ্চৰ ৰঙিয়া শাখাৰ সভাপতি মিৰাজুল ইছলামে কয় যে যি সময়ত মাৰাত্মাক কৰ’নাৰ সংহাৰত সমগ্র বিশ্ববাসী ত্রস্তমান হৈ উঠিছে, সেই সময়ত বাতৰি কাকতৰ হকাৰসকলে নানা অপপ্রচাৰকো উলাই কৰি নিতৌ কাকতসমূহৰ বিতৰণ অব্যাহত ৰাখি আচলতে সমাজত কর্তব্যপৰায়ণতা, নিষ্ঠা আৰু দায়বদ্ধতাৰ এক অনুপম নিদর্শন প্রতিষ্ঠা কৰিছে৷

এটা স্বার্থান্বেষী চক্রই বাতৰি কাকতৰ যোগেদিও কৰ’না ভাইৰাছ বিয়পে বুলি দেশত যি অপপ্রচাৰ চলাইছিল তাৰ বিপৰীতে অসমত অধিকাংশ হকাৰে বিজ্ঞানমনস্ক দৃষ্টিভংগীৰে সকলো দিশ বিচাৰ-বিবেচনা কৰি বাতৰি কাকতৰ বিতৰণ অব্যাহত ৰখাটোৱে প্রমাণ কৰি দিছে যে বৃত্তিত সৰু হ’লেও কাকতৰ হকাৰসকলৰ দৃষ্টিভংগী উদাৰ আৰু যুক্তিবাদী৷

ৰঙিয়াত হকাৰসকলে লকডাউনৰ প্রথম দিনটোৰ পৰাই কাকতৰ বিতৰণ পূণোর্দ্যমে চলাই নিয়া কার্যক ভূয়সী প্রশংসা কৰি ইছলামে কয় যে কুসংস্কাৰ, অন্ধবিশ্বাস আৰু অপপ্রচাৰৰ বিৰুদ্ধে অব্যাহত থকা যুঁজখনত কাকতৰ হকাৰসকলো আজি একো একোজন সৈনিক হৈ থিয় দিছে৷

ইলোৰা বিজ্ঞান মঞ্চৰ এই অনুষ্ঠানত মঞ্চৰ ৰঙিয়া শাখাৰ উপ-সভাপতিদ্বয় তাপস সমাদ্দাৰ আৰু মুস্তাফা কামাল আহমেদ, সম্পাদক প্রণৱজ্যোতি ডেকা আৰু সদস্যদ্বয় নয়নজ্যোতি কলিতা, আলতাফ হুছেইন উপস্থিত থাকে৷ অনুষ্ঠানত কাকতৰ হকাৰসকলে প্রতিক্রিয়া ব্যক্ত কৰি কয় যে এটা স্বার্থান্বেষী চক্রই কাকতৰ যোগেদি যি কৰ’না ভাইৰাছ বিয়পে বুলি পৰিকল্পিত প্রচাৰ চলাই আছে তাত তেওঁলোকে কোনোমতে ভোল যোৱা নাই৷

এনেধৰণৰ অপপ্রচাৰে সমাজৰ কোনো উপকাৰ নকৰে৷ সম্বর্ধনা অনুষ্ঠানত শেষত ইলোৰা বিজ্ঞান মঞ্চৰ তৰফৰ পৰা আটাইকেইজন হকাৰকে একোটাকৈ খাদ্য সামগ্রীৰ টোপোলা অর্পণ কৰা হয়৷ প্রণিধানযোগ্য যে সমগ্র দেশতে কৰ’নাৰ বিৰুদ্ধে যুঁজ অব্যাহত থকাৰ সময়তে বাতৰি কাকতৰ বিৰুদ্ধে এক ষড়যন্ত্রৰ সূত্রপাত ঘটিছিল৷

এই ষড়যন্ত্র নেওচি ৰঙিয়াত হকাৰসকলে নিৰৱচিছন্নভাৱে কাকত বিতৰণ কৰি আছে৷ আজিৰ এই অনুষ্ঠানত সমান্তৰালকৈ ইলোৰা বিজ্ঞান মঞ্চই ৰঙিয়াত আজি দ্বিতীয় দিনাৰ বাবেও দৰিদ্র লোকসকলৰ মাজত খাদ্য সামগ্রী বিতৰণ কৰে৷ আজি ৰঙিয়াৰ দহৰা, জয়ন্তীপুৰ, মূৰাৰা, বনগাঁও আদিত খাদ্য সামগ্রী বিতৰণ কৰা হয়৷