বোকাখাতৰ কৈলাখাতৰ পহু হত্যাৰ ঘটনাত জড়িত তিনি জনৰ আত্মসমৰ্পণ :

বোকাখাতৰ কৈলাখাতৰ পহু হত্যাৰ ঘটনাত জড়িত তিনি জনৰ আত্মসমৰ্পণ  :
Aiidesh Photo

Aiidesh News  : 3 January 2024  :

বোকাখাত নগৰৰ ৭ নং ৱাৰ্ডৰ কৈলাখাত অঞ্চলত ২ জানুৱাৰীৰ দিনা পহু হত্যা ঘটনাৰ পিচত উক্ত দিনাই পিয়লি খেৰিয়া নামৰ লোকজনক আটক কৰিছিল বোকাখাত বনাঞ্চলৰ অভিযানকাৰী দলে ৷ ইয়াৰ পিচতেই আজি এই ঘটনাত জড়িত অন্য তিনি গৰাকী লোকে বোকাখাত বনাঞ্চলিক বিষয়াৰ কাৰ্যালয়ত আত্মসমৰ্পন কৰে ৷ বোকাখাত নগৰৰ ৭ নং ৱাৰ্ড কৈলাখাত অঞ্চলৰ প্ৰয়াত ধনীৰাম শইকীয়াৰ বাৰীতে নৃসংশভাৱে শেল মাৰি এজনী খুটীয়া পহুক হত্যা কৰা ঘটনাত জড়িত থকা বোকাখাত খেৰিয়া গাওঁৰ শ্ৰৱণ গড়, মাইনা মুড়া আৰু শঙ্কৰ খোডাল ওৰফে ভোলা উৰিয়াই বোকাখাতৰ বনাঞ্চলিক বিষয়াৰ কাৰ্যালয়ত আজি আত্মসমৰ্পণ কৰে ৷ সম্প্ৰতি বন বিভাগৰ জিম্মাত থকা তিনিও আত্ম সমৰ্পণকাৰীক ৪ জানুৱাৰীত আদালতত হাজিৰ কৰা হ'ব ৷

*******