পশু পালন আৰু পশু চিকিৎসা বিভাগৰ উদ্যোগত বোকাখাতত বিশ্ব জলাতংক দিৱস উদযাপন : শতাধিক কুকুৰক জলাতংক ৰোগৰ বিনামুলীয়া প্ৰতিষেধক প্ৰদান :

পশু পালন আৰু পশু চিকিৎসা বিভাগৰ উদ্যোগত বোকাখাতত বিশ্ব জলাতংক দিৱস উদযাপন  : শতাধিক কুকুৰক জলাতংক ৰোগৰ বিনামুলীয়া প্ৰতিষেধক প্ৰদান  :
Aiidesh Photo

Aiidesh News :  28th September  :

বিশ্বৰ বিভিন্ন প্ৰান্তৰৰ লগতে আজি বোকাখাতত থকা ৰাজ্যিক পশু চিকিৎসালয়তো বিশ্ব জলাতংক দিৱস পালন কৰা হয় ৷ ১৬ সংখ্যক বিশ্ব জলাতংক দিৱসৰ লগত সংগতি ৰাখি পশু পালন আৰু পশু চিকিৎসা বিভাগৰ উদ্যোগত চিকিৎসালয় খনৰ প্ৰাংগনত আয়োজিত এই দিৱসত বোকাখাতৰ শতাধিক পোহনীয়া কুকুৰক বিনামুলীয়াকৈ জলাতংক ৰোগৰ প্ৰতিষেধক প্ৰদান কৰাৰ উপৰিও কুকুৰবোৰৰ স্বাস্থ্যও পৰীক্ষা কৰা হয় ৷ বোকাখাত ৰাজ্যিক পশু চিকিৎসালয়ৰ জেষ্ঠ পশু চিকিৎসক ডা৹ দেবব্ৰত ফুকনে আঁত ধৰা অনুষ্ঠানত গোলাঘাট জিলা পশু চিকিৎসা বিষয়া সত্যদত্ত চৌধুৰী, বোকাখাত প্ৰেছ ক্লাবৰ সম্পাদক উত্তম শইকীয়া, কঁহৰা ৰাজ্যিক পশু চিকিৎসালয়ৰ জেষ্ঠ পশু চিকিৎসক ডা৹ বিশ্বজিত বৰুৱা, বোকাখাত খণ্ড পশু চিকিৎসালয়ৰ জেষ্ঠ পশু চিকিৎসক ডা৹ চৈয়দ মেহতাজ, কিনিষ্ঠ পশু চিকিৎসক ডা৹ অনিন্দিতা শইকীয়া, ডা৹ প্ৰতীক্ষা মেচ আৰু ডা৹ মুৰ্চনা গগৈৰ লগতে বোকাখাতৰ সমুহ ক্ষেত্ৰ সহায়ক, মৈত্ৰী আৰু গোপাল মিত্ৰৰ উপৰিও স্থানীয় লোক উপস্থিত থাকে ৷ 

অনুস্থানত জিলা বিষয়া ডা৹সত্যদত্ত চৌধুৰীয়ে কুকুৰক জলাতংকৰ প্ৰতিষেধক প্ৰদান কৰি আনুষ্ঠানিক ভাৱে আজি কাৰ্যসুচীৰ শুভাৰম্ভ কৰে ৷ অনুষ্ঠানতে জনসাধাৰণৰ মাজত জলাতংক ৰোগৰ প্ৰতিৰোধৰ বাবে সজাগতা সৃষ্টিৰ বাবে ডা৹ সত্যদত্ত চোধুৰীয়ে সকলোকে পোহনীয়া কুকুৰ মেকুৰীক জলাতংক ৰোগৰ প্ৰতিষেধ প্ৰদান কৰাবৰ আহ্বান জনায় ৷ লগতে বোকাখাত পৌৰসভাৰ সহযোগত সকলোকে পোহনীয়া কুকুৰৰ পঞ্জীয়ন আৰু নগৰাঞ্চলত বিচৰণ কৰি ফুৰা গৰাকী বিহীন গৰুৰ ডিঙিত লাইট পৰি উজ্বলি উঠা বেল্টৰ ব্যৱস্থা কৰাৰ বাবেও আহ্বান জনায় ৷ অনুষ্ঠানত ডা৹ বিশ্বজিত বৰুৱা,  জেষ্ঠ সাংবাদিক উত্তম শইকীয়া বক্তব্য ৰখাৰ উপৰিও কনিষ্ঠ চিকিৎসক ডাা৹ অনিন্দিতা শইকীয়াই জলাতংক ৰোগ আৰু ইয়া প্ৰতিৰোধৰ ওপৰত বিস্তৃতভাৱে বৰ্ণনা কৰে ৷

বোকাখাতত আয়োজিত বিশ্ব জলাতংক দিৱসৰ সফলতাৰ বাবে বোকাখাতৰ বিশিষ্ট সমাজ সেৱক মহাবীৰ প্ৰসাদ আগ্ৰৱলা, ৰক্তিম শইকীয়া আৰু মধুস্মিতা গগৈক ৰাজ্যিক পশু চিকিৎসালয়ৰ তৰফৰ পৰা কৃতজ্ঞা জনোৱা হয় ৷