বোকাখাতৰ ১নং পৰঙণীয়া জ্যোতি প্ৰাথমিক বিদ্যালয়ত প্ৰধান শিক্ষক নবীন চন্দ্ৰ দাসৰ 'চন্দ্ৰযান -৩, এক বৰ্ণিল যাত্ৰা' উন্মোচন :

বোকাখাতৰ ১নং পৰঙণীয়া জ্যোতি প্ৰাথমিক বিদ্যালয়ত প্ৰধান শিক্ষক নবীন চন্দ্ৰ দাসৰ 'চন্দ্ৰযান -৩, এক বৰ্ণিল যাত্ৰা' উন্মোচন :
Aiidesh Photo

Aiidesh News : 14 November  2023  : 

নতুন চিন্তা-চৰ্চাৰে কেইবাখনো গ্ৰন্থ প্ৰকাশ কৰা বোকাখাতৰ ১নং পৰঙণীয়া জ্যোতি প্ৰাথমিক বিদ্যালয়ৰ ভাৰপ্ৰাপ্ত প্ৰধান শিক্ষক নবীন চন্দ্ৰ দাসৰ "চন্দ্ৰযান - ৩, এক বৰ্ণিল যাত্ৰা" শীৰ্ষক এখন গ্ৰন্থ ১৪ নৱেম্বৰত উন্মোচন কৰা হয় । চন্দ্ৰযান- ৩ ৰ সফল উৎক্ষেপণৰ পিচত এই ৰোমাঞ্চকৰ সফলতাৰ সবিশেষেৰে প্ৰকাশিত এইখনেই অসমীয়া ভাষাৰ প্ৰথম গ্ৰন্থ । ১৪ নবেম্বৰৰ শিশু দিৱসৰ দিনী ১নং পৰঙণীয়া জ্যোতি প্ৰাথমিক বিদ্যালয়ত এক বিশেষ অনুষ্ঠানত গ্ৰন্থখনি উন্মোচন কৰে বোকাখাত মহকুমা সাংবাদিক সংস্থাৰ সভাপতি বুবুল দত্তই । এতিয়ালৈকে পাঁচ খন গ্ৰন্থ প্ৰকাশেৰে সাহিত্য ক্ষেত্ৰলৈ অৱদান আগ বঢ়োৱা নবীন দাসৰ ব্যতিক্ৰমী প্ৰচেষ্টাৰ শলাগ লয় উন্মোচক বুবুল দত্তই । 

অনুষ্ঠানত শিশু দিৱসৰ সৈতে সংগতি ৰাখি বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী সকলে পৰিৱেশন কৰা গীত, নাট, নৃত্যই সন্মোহিত কৰিলে উপস্থিত সকলোকে । নাটকৰ পাণ্ডুলিপি নোহোৱাকৈয়ে বিশিষ্ট অভিনেতা, সংগঠক, সমাজকৰ্মী বলো বৰাৰ সম্পূৰ্ণ তদাৰকত মঞ্চস্থ হোৱা "ল'ৰালিৰ ধেমালি" শিশু নাটে প্ৰায় কুৰি মিনিট সময় সন্মোহিত কৰিলে সকলোকে । অনুষ্ঠানত কবিতা আবৃত্তি, ঝুমুৰ, আধুনিক সৃষ্টিশীল নৃত্যই আদিও পৰিৱেশন কৰে বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰী সকলে ৷ 

শিক্ষক নবীন চন্দ্ৰ দাসে আঁত ধৰা অনুষ্ঠানত অৱসৰ প্ৰাপ্ত শিক্ষয়িত্ৰী নীলিমা ৰাজখোৱা, আৰু বিদ্যালয় পৰিচালনা সমিতিৰ সভাপতি বুবুল শইকীয়াও উপস্থিত থাকে । ইফালে জিলা শিক্ষা বিষয়া আৰু খণ্ড প্ৰাথমিক শিক্ষা বিষয়া সভাত উপস্থিত থকাৰ কথা দিও উপস্থিত নোহোৱাত ক্ষোভিত হয় স্থানীয় ৰাইজ । অনুষ্ঠানত কুৰুৱাবাহীৰ বিশিষ্ট সমাজ কৰ্মী বলো বৰাই গ্ৰামাঞ্চলৰ বিদ্যালয় সমূহত ৰাইজৰ সহযোগত হৈ থকা ভাল কাম সমূহক উৎসাহ দিবলৈকে আহিম বুলি কথা দিয়া বিষয়া সকল আহিব লাগে বুলি মন্তব্য কৰে । 

********