জুবিন গাৰ্গৰ ন্যায়ৰ দাবীত ৰজাবাৰী নাট্যগোষ্ঠীৰ ৰাস উৎসৱ বাতিল : বিপৰীতে জুবিন গাৰ্গ আৰু ভুপেন হাজৰিকা নামত শ্ৰদ্ধাঞ্জলি অনুষ্ঠান :

জুবিন গাৰ্গৰ ন্যায়ৰ দাবীত ৰজাবাৰী নাট্যগোষ্ঠীৰ ৰাস উৎসৱ বাতিল  : বিপৰীতে জুবিন গাৰ্গ আৰু ভুপেন হাজৰিকা নামত শ্ৰদ্ধাঞ্জলি অনুষ্ঠান  :
Aiidesh Photo

Aiidesh News : 20 October - 2025

২০১৬ চনত স্থাপিত হোৱা বোকাথাত সমজিলাৰ ৰজাবাৰী নাট্যগোষ্ঠীৰ উদ্যোগত ৰজাবাৰী সৰ্বজনীন মন্দিৰ প্ৰাংগনত ১৯ অক্টোবৰত এক সংবাদ মেল অনুষ্ঠিত হয় ৷ সংবাদ মেলত নাট্যগোষ্ঠীটোয়ে পূৰ্বে ঘোষণা কৰা আৰু ১৫ আৰু ১৬ নৱেম্বৰ আয়োজন কৰা ৰাস উৎসৱৰ কাৰ্যসুচী প্ৰয়াত শিল্পী জুবিন গাৰ্গৰ মৃত্যুৰ ন্যায় দাবী বাতিল কৰিছে বুলি অৱগত কৰে ৷ সংবাদ মেলত উপস্থিত থাকি ৰজাবাৰী নাট্যগোষ্ঠীৰ সভাপতি হেমন্ত দাস, সম্পাদক  ৰ অজন্ত পুজাৰী আৰু সামগ্ৰীক পৰিকল্পক অপূৰ্ব বৰঠাকুৰে জানিবলৈ দিয়ে যে বিগত বছৰৰ পৰা ৰূপায়ন কৰি অহা ৰজাবাৰীৰ ৰাস উৎসৱ এই বাৰ জুবিন গাৰ্গৰ মৃত্যৰ তদন্ত আৰু ন্যায়ৰ দাবীৰে স্থগিত ৰাখি তাৰ পৰিৱৰ্তে ১৮ নবেম্বৰত জুবিন গাৰ্গ জন্মদিন আৰু ৫ নৱেম্বৰত সুধাকণ্ঠ ভুপেন হাজৰিকাৰ মৃত্যু তিথিৰ লগত সংগতি ৰাখি অহা ১৮ নবেম্বৰত একেলগে এক বিশেষ শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰহে আয়োজন কৰিছে ৷ এই অনুষ্ঠানত সুধাকন্ঠৰ বিশেষ সান্নিধ্য লাভ কৰা বিশেষ ব্যক্তি আৰু জুবিন গাৰ্গৰ নিকত আত্মীয়ৰ সৈতে আলাপ কৰাৰ লগতে দুয়োগৰাকী যশস্বী শিল্পীৰ নিৰ্বাচিত গীত পৰিৱেশন ব্যৱাস্থা কৰা হ'ব।ৰজাবাৰী নাট্যমন্দিৰত ১৮ নবেম্বৰত অনুষ্ঠিত হ’ব লগা এই অনুষ্ঠানত গীতে মাতে গনশিল্পী জুবিন গাৰ্গ আৰু সুধাকণ্ঠ ভুপেন হাজৰিকাক শ্ৰাদ্ধাঞ্জলি জনোৱা হ’ব বুলিও সমবাদ মেলত জানিবলৈ দিয়ে ৷ ৰাস উৎসৱক বাতিল কৰি ১৬ নবেম্বৰত ৰজাবাৰীৰ শংকৰদেৱ শিশু নিকেতনত জনসাধাৰণৰ বাবে বিনামুলীয়া চকু চিকিৎসা শিবিৰ অনুষ্ঠিত হ’ব বুলিও সংবাদ মেলত বিয় ববীয়া সকলে অৱগত কৰে ৷ উল্লেখ্য যে ৰজাবাৰী নাট্যগোষ্ঠীয়ে বিগত বৰ্ষত  ৰাস উৎসৱত মূৰ্তি প্ৰতিষ্ঠা কৰি মাংগলিক পূজা অৰ্চনাৰে ৰাস উদযাপন কৰি উজনি অসমতে জনপ্ৰিয়তা লাভ কৰিছিল ৷

**********