বোকাখাতৰ অজন্তা তালুকদাৰলৈ 'সংবাদ সাহিত্য সংস্কৃতি সৌৰভ' বঁটা :

বোকাখাতৰ অজন্তা তালুকদাৰলৈ 'সংবাদ সাহিত্য সংস্কৃতি সৌৰভ' বঁটা :

Aiidesh News  : 3 March 2024 : 

জনগোষ্ঠীয় সাংস্কৃতিক ঐক্য মঞ্চ, অসমে বোকাখাতৰ কবি- সাংবাদিক-নাট্যকর্মী অজন্তা তালুকদাৰলৈ ২০২৪ বৰ্ষৰ 'সংবাদ সাহিত্য সংস্কৃতি সৌৰভ বঁটা' আগবঢ়াইছে ৷ জনগোষ্ঠীয় সাংস্কৃতিক ঐক্য মঞ্চ, অসমে প্ৰতি বছৰে প্ৰতিষ্ঠা দিৱসৰ সৈতে সংগতি ৰাখি বিভিন্ন শিতানত এই বঁটা প্ৰদান কৰি আহিছে । জনগোষ্ঠীয় সাংস্কৃতিক ঐক্য মঞ্চ, অসমৰ কেন্দ্ৰীয় সমিতিৰ সৌজন্যত আৰু মাজুলী জিলা সমিতিৰ উদ্যোগত, লোহিত খাবলু আঞ্চলিক সমিতি, নামনি ডাম্বুকিয়াল ৰংগমঞ্চ আৰু একাধিক স্বেচ্ছাসেৱী সংগঠনৰ সহযোগত অলপতে মাজুলীৰ নামনি ডাম্বুকিয়ালত সংগঠনটোৰ ২০২৪ বৰ্ষৰ প্ৰতিষ্ঠা দিৱস উদ্যাপনত আজন্তা তালুকদাৰক এই বঁটা প্ৰদান কৰে । অসমৰ সংবাদ, সাহিত্য আৰু সংস্কৃতিৰ জগতখনলৈ আগবঢ়োৱা সেৱাৰ বাবে তালুকদাৰলৈ ২০২৪ বৰ্ষৰ 'সংবাদ সাহিত্য সংস্কৃতি সৌৰভ বঁটা' প্রদান কৰা হয় । অজন্তা তালুকদাৰ 'দৈনন্দিন বার্তা' কাকতৰ বোকাখাতৰ সংবাদদাতা আৰু 'অসম আদিত্য'কাকতৰ বোকাখাতৰ বিশেষ প্রতিবেদক, পষেকীয়া 'গণবার্তা'ৰ গোলাঘাট জিলাৰ ষ্টাফ ৰিপ'ৰ্টাৰ, সাপ্তাহিক 'আধুনিক অসম'ৰ বোকাখাতৰ প্রতিবেদক আৰু আছাম টাইমছ প'ৰ্টেল বাতৰি প্ৰতিষ্ঠানৰ বোকাখাতৰ সংবাদদাতা ৷ বোকাখাতৰ পৰা প্ৰকাশিত সাপ্তাহিক 'ৰাইজৰ খবৰ' আৰু এইদেশ নিউজতো বাতৰি পৰিবেশন কৰে অজন্তা নেওঁগে ৷ বোকাখাত মহকুমা কবি সম্মিলনৰ বৰ্তমানৰ সম্পাদক অজন্তা নেওঁগ । 

অজন্তা তালুকদাৰ গোলাঘাট জিলা কবি সম্মিলনৰ প্ৰাক্তন (দুবাৰকৈ) যুটীয়া পত্রিকা সম্পাদক, বোকাখাত মহকুমা কবি সম্মিলনৰ প্ৰতিষ্ঠাপক সমিতিৰ সাংগঠনিক সম্পাদক, সংগঠনটোৰ প্ৰাক্তন পত্রিকা সম্পাদক হোৱাৰ লগতে সদৌ অসম কবি সম্মিলনৰ আজীৱন সভ্য, বোকাখাত মহকুমা সাংবাদিক সংস্থাৰ সদস্য আৰু জিলা শাখাৰ প্ৰাক্তন সম্পাদক তালুকদাৰ এগৰাকী নাট্যকর্মীও । এই বঁটাৰ বাবে তালুকদাৰে জনগোষ্ঠীয় সাংস্কৃতিক ঐক্য মঞ্চ, অসমলৈ ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছে । আনহাতে, উক্ত বঁটা লাভৰ বাবে অসম ৰাজ্যিক সাংবাদিক সন্থা, সদৌ অসম লেখিকা সমাৰোহ সমিতি, বোকাখাত মহকুমা সাংবাদিক সংস্থা, কাজিৰঙা নিউজ নেটৱর্ক, কে এন এন বোকাখাত, বোকাখাত প্রেছ ক্লাব, বোকাখাত নাট্য মন্দিৰ বোকাখাত মহকুমা কবি সন্মিলন, বোকাখাত পুৱতি সাহিত্য সভা, বোকাখাত সন্ধানী লেখিকা সমাৰোহ সমিতি, বোকাখাত জ্যেষ্ঠ নাগৰিক সন্মিলনৰ উপৰিও এইদেশ নিউজৰ তৰফৰ পৰাও অজন্তা তালুকদাৰক অভিনন্দন আৰু শুভেচ্ছা জ্ঞাপন কৰিছে ।

**********