নাগৰিকত্ব সংশোধনী আইন বাতিলৰ দাবীত বোকাখাতত দল সংগঠনৰ প্ৰতিবাদ : কা ৰ প্ৰতিলিপি দাহ :

Aiidesh News:  12 March -2024 :

নাগৰিকত্ব সংশোধনী আইন গৃহীত হোৱাৰ পিচৰে পৰাই ৰাজ্যৰ লগতে বোকাখাততো বিভিন্ন দল সংগঠনে প্ৰতিবাদ সাব্যস্ত কৰিছে ৷ যোৱা নিশা বোকাখাত নগৰত অসম জাতিয়তাবাদী যুৱ ছাত্ৰ পৰিসষদৰ সদস্য সকলে কেন্দ্ৰীয় সমিতিৰ উপ সভাপতি বিপুল বৰাৰ নেতৃত্বত প্ৰতিবাদ সাব্ব্যস্ত কৰি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী, গৃহমন্ত্ৰী অমিত শ্বাহৰ উপৰিও মুখ্যমন্ত্ৰীৰ প্ৰতিকৃতি দাহ কৰে ৷ একেদৰে আজি সদৌ অসম চাহ জনজাতি ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় সমিতিৰ সভাপতি ধীৰাজ গোৱালাৰ নেতৃত্বত নাগৰিকত্ব সংশোধনী আইন বাতিলৰ দাবীৰে বোকাখাতত প্ৰতিবাদ ছাত্ৰ সংগঠনটোৰ সদস্য সকলে ৷ বোকাখাতৰ নাট্যমন্দিৰৰ প্ৰাংগনত ছাত্ৰ সংগঠনৰ সদস্য সকলে নাগৰিকত্ব সংশোধনী আইনৰ প্ৰতিলিপি দাহ কৰি । কা আমি নামানো, কা আমাক নালাগে, প্ৰধানমন্ত্ৰী, গৃহমন্ত্ৰী, মুখ্যমন্ত্ৰী মূৰ্দাবাদ ধ্বনিৰে বোকাখাতৰ ৰাষ্ট্ৰীয় পথ  উত্তাল কৰি তোলে ৷ কা আন্দোলনৰ ৫ জন শ্বহীদৰ মৃত্যুৰ কাৰণ অসম আৰক্ষী বুলি মন্তব্য কৰি ধীৰাজ গোৱলাই শিৱসাগৰত মূখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এই ৫ গৰাকী শ্বহীদ সম্পৰ্কত কৰা মন্তব্যৰ  প্ৰতিক্ৰিয়া প্ৰকাশ কৰে ৷ প্ৰতিবাদী কাৰ্যসুচীত আটছাৰ গোলাঘাট জিলা সমিতিৰ সভাপতি সুশীল কালিন্দীও উপস্থিত থাকে ৷

ইফালে কৃষক শ্ৰমিক সংঘ, ই ৰিক্সা আৰু মেজিক সন্থাৰ উদ্যোগত নাগৰিকত্ব সংশোধনী আইনৰ বাতিলৰ দাবীত আজি বোকাখাতত প্ৰতিবাদী কাৰ্যসুচী ৰূপায়ন কৰে ৷ যুৱ নেতা নেতা প্ৰণৱ দলেৰ নেতৃত্বত বোকাখাত নগৰৰ মাজেৰে প্ৰতিবাদী সমদল হাহিৰ কৰে প্ৰতিবাদকাৰী সকলে ৷ এই প্ৰতিবাদী কাৰ্যসুচীত বোকাখাতৰ প্ৰাক্তন বিধায়ক অৰুণ ফুকনেও অংশ গ্ৰহন কৰে ৷ কা আমি নামানো, কা আমাক নালাগে, প্ৰধানমন্ত্ৰী মুৰ্দাবাদ, গৃহমন্ত্ৰী মুৰ্দাবাদ, মুখ্যমন্ত্ৰী মূৰ্দাবাদ আদি ধ্বনিৰে প্ৰতিবাদকাৰী সকলে বোকাখাতৰ ৰাজপথত প্ৰতিবাদ সাব্যস্ত কৰে ৷

*********