কৰোনাৰ টিকা মানবদেহত প্রয়োগৰ অনুমতি দিলে চীনে

কৰোনাৰ টিকা মানবদেহত প্রয়োগৰ অনুমতি দিলে চীনে
কৰোনাৰ টিকা

এই দেশৰ বিশেষ প্ৰতিবেদনঃকৰোনা ভাইৰাছৰ দুটা টিকা পৰীক্ষামূলকভাবে মানবদেহত প্রয়োগৰ অনুমতি দিছে চীনে। দেশখনত বিদেশ পৰা উভতি অহা  ব্যক্তিসকলৰ কাৰণে দ্বিতীয় পৰ্যায়ত সংক্রমণৰ চিকাৰ হৈছে। এই পৰিস্থিতিত বেইজিংয়ে কৰোনাৰ টিকা মানবদেহত প্রয়োগৰ অনুমতি দিলে। আল জাজিৰাৰ প্রতিবেদনত উল্লেখ কৰিছে যে, বেইজিংৰ ছিনোভেক বায়োটেক আৰু উহানৰ ইনস্টিটিউট অব বায়োলজিকেল প্রডাক্টছৰ পৰীক্ষামূলক টিকা দুটাৰ উন্নয়ন ঘটাইছে। চীনৰ নেছনেল হেলথ কমিছনে বিষয়টো নিশ্চিত কৰিছে। ইয়াৰ আগতে গত মার্চত বেইজিং ক্লিনিকেল ট্রাইলৰ বাবে এটা টিকাৰ অনুমোদন দিছিল। সেই টিকা তৈয়াৰ কৰিছিল দেশখনৰ সেনা একাডেমিৰ পৰিচালিত মিলিটাৰি মেডিকেল চায়েন্সেছ আৰু জৈবপ্রযুক্তি বিষয়ক প্রতিষ্ঠান কেনছিনো বায়োয়ে। এই হিচাপে কব পাৰি যে , চীনে ভিন্ন ভিন্ন তিনিটা টিকা কৰোনাভাইৰাছ প্রতিৰোধত পৰীক্ষণ কৰিছে। দেশখনৰ ৰাষ্ট্ৰীয় হেলথ কমিছনে এ-ও বুলি কৰিছে, যদি এই টিকাৰ কার্যকাৰিতা সফল হয় তেনেহলে তেওঁলোকে বিশ্বব্যাপী ব্যাপক উৎপাদন কৰিব পাৰিব। মানবশৰীপত পৰীক্ষণৰ অনুমতিৰ বিষয়টোক সাহসী সিদ্ধান্ত বুলি ভাবিছে  হংকং ইউনিভার্ছিটিৰ পেথলজিৰ ক্লিনিকেল প্রফেছৰ জন নিকলছই।