কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ উদ্যোগত ব্ৰহ্মপুত্ৰৰ চাপৰিৰ পশুধনক প্ৰতিষেধক প্ৰদান অভিযানৰ সামৰণী :

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ উদ্যোগত ব্ৰহ্মপুত্ৰৰ চাপৰিৰ পশুধনক প্ৰতিষেধক প্ৰদান অভিযানৰ সামৰণী  :
Aiidesh Photo

Aiidesh News :  2 March 2024  :

কাজিৰঙাৰ বন্যপ্ৰাণীৰ সুৰক্ষা আৰু পশু কল্যানৰ প্ৰতি লক্ষ্যৰাখি কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ পুৱ অসম বন্যপ্ৰাণী সংমণ্ডলৰ বোকাখাত বনাঞ্চলৰ চাপৰি অঞ্চলত চলোৱা পশুধনক প্ৰতিষেধক প্ৰদানৰ অভিযান সামৰণী আজি পৰে ৷ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান কৰ্তৃপক্ষ আৰু গোলাঘাট জিলা পুশ চিকিৎসা আৰু পশু পালন বিভাগৰ যৌথ উদ্যোগত চলোৱা এই অভিযানত ব্ৰহ্মপুত্ৰৰ ভক্তে, গাভৰু, লালুং আৰু বিলতীয়া চাপৰিৰ মুঠ ৩৫৩০ টা পোহনীয়া গৰু আৰু ম'হক প্ৰতিষেধক প্ৰদান কৰা হয় ৷ যোৱা ২০ ফেব্ৰুৱাৰী পৰা চলা এই বিশেষ অভিযান পৰিচালনা কৰিছিল বোকাখাত বনাঞ্চলৰ বনাঞ্চলিক বিষয়া মনজিত সোনোৱাল, কাজিৰঙাৰ বিভাগীয় পশু চিকিৎসক ডা৹ কৰুণা ডেকা আৰু পৰিৱেশকৰ্মী, সাংবাদিক উত্তম শইকীয়াই ৷

চাপৰি অঞ্চলৰ গৰু ম'হক প্ৰতিষেক প্ৰদান এই অভিযানত পশু চিকিৎসা বিভাগৰ ৰাষ্ট্ৰীয় প্ৰতিষেধক প্ৰদান কাৰ্যসুচীকো সামৰি লোৱা হয় ৷ এই লানি অভিযানত ভক্তে চাপৰিত ৩৫ টা খুটিৰ ৪৯৬ টা, গাভৰু চাপৰিত ৪৫ টা খুটিৰ ১৬২৪ টা, লালুং চাপৰিত ২০ টা খুটিৰ ৭৩৯ টা আৰু বিলতীয়া চাপৰিত ৮১ টা খুটিৰ ৬৭১ টা পশুধনক প্ৰতিষেধক প্ৰদান কৰা হয় ৷ এই সংখ্যাৰ মুঠ ৩০০২ টা গৰু আৰু ৫২৮ টা পোহনীয়া ম'হ ৷ এই অভিযানত কেউটা চাপৰিত থকা বন শিৱিৰৰ বনকৰ্মীৰ উপৰিও বোকাখাতৰ পশু চিকিৎসা আৰু পশুপালন বিভাগৰ ক্ষেত্ৰ সহায়ক আৰু পশুচিকিৎসা ক্ষেত্ৰ সহায়ক প্ৰশিক্ষণ বিদ্যালয়ৰ প্ৰশিক্ষাৰ্থী সকলে সহায় কৰে ৷ অভিযান কালত দলটোয়ে নাৱেৰে নদী পাৰ হৈ চাপৰিত নিশা বাহৰ পাতি পশুধনক প্ৰতিষেধক প্ৰদান কৰে ৷

প্ৰতিষেধ প্ৰদানৰ এই অভিযান কালত চলোৱা সমীক্ষা মতে চাৰিওটা চাপৰিতেই পোহনীয়া গৰু ম'হৰ সংখ্যা ঈৰ্ষৎ হ্ৰাস পাইছে ৷ যাৰ বাবে গাখীৰৰ উৎপাদনো হ্ৰাস পাইছে ৷ উল্লেখ্য যে চাপৰিবোৰত থকা পোহনীয়া গৰু ম'হৰ পৰা কোনো ধৰণৰ সংক্ৰমন যাতে কাজিৰঙাৰ বন্যপ্ৰাণীৰ শৰীৰলৈ যাব নোৱাৰে তাৰ বাবেই প্ৰতিবছৰেই বনবিভাগৰ উদ্যোগত চাপৰিবোৰত এই প্ৰতিষেধক প্ৰদানৰ অভিযান চলোৱা হয় ৷

*********