কাজিৰঙাত পলিমা বি চেতিয়াৰ কাব্যগ্ৰন্থ 'বঙহৰ দেও'ৰ শুভ উন্মোচন :

কাজিৰঙাত পলিমা বি চেতিয়াৰ কাব্যগ্ৰন্থ 'বঙহৰ দেও'ৰ শুভ উন্মোচন :
Photo : Uttam Saikia

কাজিৰঙাত পলিমা বি চেতিয়াৰ কাব্যগ্ৰন্থ 'বঙহৰ দেও'ৰ শুভ উন্মোচন : 


AIIDESK NEWS. 12 August :


আজি কাজিৰঙাৰ কহঁৰাত থকা বন বিভবাগৰ শতবৰ্ষ উদযাপন কেন্দ্ৰৰ  পৰমানন্দ লাহন প্ৰেক্ষাগৃহত কবি, লেখিকা তথা সাংবাদিক পলিমা বি চেতিয়াৰ কাব্য সংকলন 'বঙহৰ দেও'ৰ উন্মোচন কৰা হয় । কাজিৰঙা আঞ্চলিক সাংবাদিক সন্থাৰ উদ্যোগত অনুষ্ঠিত অনুষ্ঠানটিত বন্তি প্ৰজ্বলন কৰে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ সঞ্চালক পি শিৱকুমাৰে । অনুষ্ঠানৰ আৰম্ভণিতে সদ্যপ্ৰয়াত সাংবাদিক বিজেন দ্বীপ আৰু মৃদুল বৰুৱালৈ শ্ৰদ্ধাঞ্জলি জনাই এক মিনিট সময় মৌন প্ৰাৰ্থনা কৰা হয় । কাজিৰঙাক সাংবাদিক ধ্ৰুৱজ্যোতি সাহাই আঁত ধৰা অনুষ্ঠানত পলিমা বি চেতিয়াৰ কাব্যগ্ৰন্থ 'বঙহৰ দেও'ৰ উন্মোচন কৰে বোকাখাত মহকুমাৰ মহকুমাধিপতি বিবেক শ্যামে ৷ গ্ৰন্থখন উন্মোচন কৰি দিয়া ভাষণত বোকাখাতৰ মহকুমাধিপতি বিবেক শ্যামে সাংবাদিকতাৰ দৰে বৃত্তিৰ সৈতে জড়িত হোৱাৰ পাছতো একেৰাহে কাব্য চৰ্চাত মনোনিবেশ কৰা চেতিয়াৰ নিষ্ঠা আৰু দক্ষতাক প্ৰশংসা কৰে । অনুষ্ঠানত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ সঞ্চালক পি শিৱকুমাৰে পলিমা বি চেতিয়াৰ কাব্যযাত্ৰ বাবে শুভেচ্ছা জনোৱাৰ লগতে  কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানকো কবিতাৰ মাধ্যমেৰে সামৰি লৈ আগুৱাই নিবৰ বাবে আহ্বান জনায় ৷ অনুষ্ঠানত অসম ৰাজ্যিক সাংবাদিক সন্থাৰ সভাপতি জিতু শৰ্মা ৰাজখোৱা, বোকাখাত প্ৰেছ ক্লাৱৰ সভাপতি ভৱানন্দ কলিতা, কাজিৰঙা আঞ্চলিক সাংবাদিক সন্থাৰ সভাপতি স্বপন নাথ, কবি-নাট্যকাৰ-সাংবাদিক অমৰ শৰ্মা, জ্যেষ্ঠ সাংবাদিক ক্ৰমে বুবুল দত্ত, নীলপদ্ম শৰ্মা, উত্তম শইকীয়া, ৰঞ্জিত ৰজক, কবি সাংবাদিক অজন্তা তালুকদাৰ আৰু যুৱ কবি জয়ন্ত মাধৱ মৰাঙে উপস্থিত থাকি বক্তব্য আগবঢ়ায় ৷  বঙহৰ দেও নামৰ কাব্য গ্ৰন্থৰ উপৰিও  'নাৰী যেতিয়া নিঃসংগ হয়', 'কাব্যশিল্প' (যুটীয়া), 'চম্পাৱতী নেখেদিবি তই বটা চৰাই' (যুটীয়া) পলিমা বি চেতিয়া ইতিপূৰ্বে প্ৰকাশিত কাব্যগ্ৰন্থ । গ্ৰন্থ উন্মোচৰ আজিৰ অনুষ্ঠানত বোকাখাত মহকুমা সাংবাদিক সন্থা আৰু কাজিৰঙা আঞ্চলিক সাংবাদিক সন্থাৰ বিষয় ববীয়া আৰু সদস্য সকলৰ লগতে সাংবাদিক দেৱাশীষ বৰুৱা, পৱন কামান, বিতোপন বৰা, মনোজ প্ৰতিম শইকীয়া, চন্দন ধৰ, অলকজ্যোতি শইকীয়া, কিষণ চেত্ৰী, ৰাজেশ বেলৱাৰ, হোমেন গগৈ, কৈলাস পাটোৱাৰীকে , কাব্যগ্ৰন্থখনৰ প্ৰচ্ছদ শিল্পী পল্লৱী দলেৰ লগতে কৰি প্ৰায় ৫০ গৰাকী আমন্ত্ৰিত অতিথি উপস্থিত আছিল ।