বানপানীৰ দুৰ্গত দিনত কাজিৰঙালৈ ইংলণ্ডৰ যুৱৰাজ উইলিয়ামচৰ সমবেদনা পত্ৰ :

বানপানীৰ দুৰ্গত দিনত কাজিৰঙালৈ ইংলণ্ডৰ যুৱৰাজ উইলিয়ামচৰ সমবেদনা পত্ৰ :
Photo : Uttam Saikia
বানপানীৰ দুৰ্গত দিনত কাজিৰঙালৈ ইংলণ্ডৰ যুৱৰাজ উইলিয়ামচৰ সমবেদনা পত্ৰ :

বানপানীৰ দুৰ্গত দিনত কাজিৰঙালৈ ইংলণ্ডৰ যুৱৰাজ উইলিয়ামচৰ সমবেদনা পত্ৰ : 


AIIDESH NEWS. 24 July : 


ইংলণ্ডৰ যুৱৰাজ , কেম্ৰিজৰ ডিউক যুৱৰাজ উইলিয়ামচে বানাক্ৰান্ত কাজিৰঙা আৰু ইয়াৰ বন্যপ্ৰাণীয়ে সন্মুখীন হোৱা দুৰ্যোগৰ বাবে দুখ প্ৰকাশ কৰি এখন পত্ৰ প্ৰেৰণ কৰিছে ৷ কাজিৰঙাৰ সঞ্চালকলৈ প্ৰেৰণ কৰা এই পত্ৰত ইংলণ্ডৰ যুৱৰাজ গৰাকীয়ে বানপানীৰ বাবে ৰাষ্ট্ৰীয় উদ্যান আৰু ইয়াৰ বন্যপ্ৰাণীয়ে সন্মুখীন হোৱা দুৰ্যোগৰ সমভাগী হোৱাৰ কথা প্ৰকাশ কৰিছে ৷ এই ক্ষেত্ৰত যুৱৰাজ গৰাকীয়ে তেওঁ পৰিবাৰ কেথেৰিণৰো নাম উল্লেখ কৰিছে ৷ ২০১৬ চনৰ এপ্ৰিলত আমি কাজিৰঙালৈ যোৱা স্মৃতি এতিয়াও সজীৱ হৈয়ে আছে যদিও শেহতীয়া বানত এশিঙীয়া গঁড়ৰ লগতে বহু বন্যপ্ৰাণীৰ মৃত্যু সঁচাকৈয়ে দুখদায়ক বুলি যুৱৰাজ গৰাকীয়ে পত্ৰত উল্লেখ কৰিছে ৷ কভিড ১৯ ৰ সংক্ৰমনৰ মাজত বানপানী দৰে দুৰ্যোগৰ মাজত কাজিৰঙাৰ বনকৰ্মীয় বন্যপ্ৰাণীৰ সুৰক্ষাৰ বাবে কৰা সেৱা সঁচাকৈয়ে অতুলণীয় ৷ আপোনালোকৰ এই সেৱাক কেথেৰিণ আৰু মই সন্মন জনাইছো বুলিও তেওঁ উল্লেখ কৰে ৷ ২১ জুলাইত ইংলণ্ডৰ কেনচিংটন প্ৰসাদৰ পৰা প্ৰেৰণ কৰা যুৱৰাজ উইলিয়ামচৰ এই পত্ৰই কাজিৰঙাৰ বনকৰ্মীসকলক উৎসাহিত কৰিছে ৷ যুৱৰাজ উইলিয়ামৰ এই পত্ৰ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ সকলোৰে কাৰণে এক মানসিক শক্তিৰ যেন অন্যতম উৎস বুলি মন্তব্য কৰিছে কাজিৰঙাৰ সঞ্চালক পি শিৱকুমাৰে ৷