লেবাননত অনুষ্ঠিত হ'ব লগা ৫ সংখ্যক এছিয়া কেডেট টাইকোৱাণ্ডো প্ৰতিযোগিতাত ভাৰতক প্ৰতিনিধিত্ব কৰিব তিতাবৰৰ সূৰ্য্যকান্ত বাক্তিয়ে :

Aiidesh Photo

Aiidesh News  : Bokakhat  : 3 September 2023  :

৬ ছেপ্টেম্বৰৰ পৰা ৮ ছেপ্টেম্বৰল লৈকে লেবাননৰ বেইৰুট চহৰত আয়োজন হ'ব লগা পঞ্চম এছিয়া কেডেট টাইকোৱাণ্ডো প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিবলৈ তিতাবৰৰ সূৰ্য্যকান্ত বাক্তি নামৰ টাইকোৱাণ্ডো খেলুৱৈ জন আজি যোৰহাট বিমান বন্দৰৰ পৰা মুম্বাইলৈ উৰা মাৰিছে । ইণ্ডিয়া টাইকোৱাণ্ডো অসম শাখাৰ সম্পাদক মাষ্টাৰ ৰাজুকোঁৱৰৰ লগতে যোৰহাট আৰু তিতাবৰৰ টাইকোৱাণ্ডো সন্থাই বিমান বন্দৰত উপস্থিত হৈ সূৰ্য্যকান্ত বাক্তি আৰু তেওঁৰ প্ৰশিক্ষক গোপাল কছাৰীক ওলগ জনায় । 

টাইকোৱাণ্ডো খেলুৱৈ সূৰ্যকান্ত বাক্তিয়ে ৪ ছেপ্টেম্বৰত ভাৰতীয় দলৰ সৈতে মুম্বাইৰ পৰা লেবাননলৈ যাত্ৰা কৰিব । অলপতে হৈ যোৱা বিশ্ব টাইকোৱাণ্ডো প্ৰতিযোগিতা আৰু এছিয়ান টাইকোৱাণ্ডো প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিবলৈ যোগ‍্যতা অৰ্জন লাভ কৰা সূৰ্য্যকান্ত বাক্তিয়ে উত্তৰ পূৰ্বাঞ্চলৰ একমাত্ৰ খেলুৱৈ ৷ কিন্তু উপযুক্ত সময়ত প্ৰয়োজনীয় নথিপত্ৰ সংগ্ৰহ নোহোৱাৰ বাবে ইউৰোপত হোৱা বিশ্ব টাইকোৱাণ্ডো প্ৰতিযোগিতাত অংশগ্ৰহণ কৰাৰ পৰা বঞ্চিত হ'ব লগা হ'ল সুৰ্য্যকান্ত বাক্তি ৷  সুৰ্য্যকান্ত বাক্তিৰ ঘৰ তিতাবৰৰ মাধৱপুৰত ৷

*******