প্ৰতিকুল বতৰৰ বাবে বোকাখাতত বিজয় সংকল্প সমাৰোহত বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি নিতিন নবীনৰ কাৰ্যসুচী বাতিল : দুৰভাষযোগে ৰাইজক সম্বোধন নিতিন নবীনৰ :

প্ৰতিকুল বতৰৰ বাবে বোকাখাতত বিজয় সংকল্প সমাৰোহত বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি নিতিন নবীনৰ কাৰ্যসুচী বাতিল : দুৰভাষযোগে ৰাইজক সম্বোধন নিতিন নবীনৰ :
Aiidesh photo
প্ৰতিকুল বতৰৰ বাবে বোকাখাতত বিজয় সংকল্প সমাৰোহত বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি নিতিন নবীনৰ কাৰ্যসুচী বাতিল : দুৰভাষযোগে ৰাইজক সম্বোধন নিতিন নবীনৰ :
প্ৰতিকুল বতৰৰ বাবে বোকাখাতত বিজয় সংকল্প সমাৰোহত বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি নিতিন নবীনৰ কাৰ্যসুচী বাতিল : দুৰভাষযোগে ৰাইজক সম্বোধন নিতিন নবীনৰ :
প্ৰতিকুল বতৰৰ বাবে বোকাখাতত বিজয় সংকল্প সমাৰোহত বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি নিতিন নবীনৰ কাৰ্যসুচী বাতিল : দুৰভাষযোগে ৰাইজক সম্বোধন নিতিন নবীনৰ :

Aiidesh News : 31 March - 2026 :

প্ৰতিকুল বতৰৰ বাবে ৩০ মাৰ্চত বিজেপি,  গন পৰিষদৰ  আৰু এন ডি এৰ সমৰ্থিত প্ৰাৰ্থি অতুল বৰাৰ নিৰ্বাচনী প্ৰচাৰ বিজয় সংকল্প সমাৰোহত অংশ গ্ৰহন কৰিবলৈ বোকাখাতলৈ আহিব লগা বি জে পি ৰ কেন্দ্ৰীয় সভাপতি নিতিন নবীনৰ কাৰ্যসুচী বাতিল হয় । অৱশ্যে দলৰ সভাপতিৰ আগমনৰ বাবেই বিজেপি দলৰ কেন্দ্ৰীয় উপ সভাপতি বৈজয়ন্ত পান্ডা, শীৰ্ষনেতা সন্তোষ ওজা, ছটিচগড়ৰ বিত্তীয় মন্ত্ৰী অ,পি চৌধুৰী, অসম গন পৰিষদৰ কেশৱ মহন্ত, বিজেপিৰ সাংসদ কামাখ্যা প্ৰসাদ তাছাকে ধৰি, বহু নেতা সমবেত হয় বোকাখাতৰ ৰাজহুৱা খেল পথাৰত । ৰাষ্ট্ৰীয় নেতা গৰাকীৰ আগমনৰ বাবে আজি পুৱাৰে পৰাই বিৰ দি বাট পাবলৈ নোহোৱাৰ পৰিৱেশ সৃষ্টি হয় বোকাখাত নগৰত । বিভিন্ন প্ৰান্তৰৰ পৰা অহা অসংখ্য গাড়ীৰ বাবে পুৱাৰে পৰা জন জঁটৰো সৃষ্টি হয়। স্থানীয় হোটেল বোৰৰত পুৱাৰে পৰাই মানুহৰ ভীৰ। বিভিন্ন প্ৰান্তৰ পৰা অহা মানুহৰ মাজত নগৰখনৰ বিভিন্ন স্থানত ধনৰ লেনদেনকলৈও বাক বিতণ্ডা সৃষ্টি হোৱাও দেখা যায় । দলৰ ৰাষ্ট্ৰীয় নেতা গৰাকীৰ আগমনকলৈ পুৱাৰে পৰাই উৎফুল্লিত হৈ আছিল বোকাখাতৰ বুন্দিয়া ভুজিয়া । বোকাখাত সমষ্টিত মিত্ৰ জোঁটৰ প্ৰাৰ্থিক সমিল মিলেৰে জয়যুক্ত কৰিবৰ বাবে ড০ হিমন্ত বিশ্ব শৰ্মাই অগপ আৰু বিজেপি দলৰ কৰ্মী সকলক একেলগে বুন্দিয়া ভুজিয়া বুলি অভিহিত কৰাৰ পিচৰে পৰা বুন্দিয়া ভুজিয়া নামটো সমষ্টিত জনপ্ৰিয় হৈ পৰে । 

মনকৰিব লগীয়া যে নিতিন নবীনৰ আগমনৰ বাবে ৩০ মাৰ্চত বিৰাট আয়োজন কৰা হৈছিল বোকাখাতৰ ৰাজহুৱা খেল পথাৰত । অৱশেষত সকলো উৎসাহত চেঁচা পানী ঢালি প্ৰতিকুল বতৰৰ বাবে বাতিল কৰা হ’ল নিতিন নবীনৰ কাৰ্যসুচী | যাৰ বাবে তিতি বুৰি বিফল মনোৰথে ঘৰলৈ ওভতে সকলো । পুৱাৰে পৰা চলি থকা নেৰানেপেৰা বৰষুণৰ মাজতো নিতিন নবীনৰ প্ৰচাৰ সভাৰ বাবে বোকাখাতৰ ৰাজহুৱা খেলপথাৰত অসম গন পৰিষদ, ভাৰতীয় জনতা পাৰ্টী আৰু সন্মিলিত গন শক্তি দলৰ সমবেত হোৱা কেইবা হেজাৰো লোকে তিতি বুৰি মুৰত প্লাষ্টিকৰ চকী লৈ অপেক্ষা কৰিছিল বিজেপিৰ নেতা নিতিন নবীনলৈ । চাজন নায়কৰ গীত আৰু বোকাখাতৰ প্ৰাৰ্থি অতুল বৰাৰ মাদলৰ চেওঁত নাছি বাগি সময় কটাইছিল । অৱশেষত নিতিন নবীনৰ আগমন বাতিল হোৱাত হতাশ হয় সকলো ।

৩০ মাৰ্চৰ অনুষ্ঠানলৈ অহা সমৰ্থকে হাতে হাতে অতুল বৰাৰ ছবি সম্বলিত হৰ্ডিং লৈ অতুল বৰা জিন্দাবাদ, ডঃ হিমন্ত বিশ্ব শৰ্মা জিন্দাবাদ, ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী, অমিত শ্বাহ, নীতিন নবিন, দিলীপ শইকীয়া জিন্দাবাদ ধ্বনি দি বোকাখাত নগৰ উত্তাল কৰি তোলে । নিতিন নবীনৰ অনুস্থিতিত হোৱা প্ৰচাৰ সভাত ভাৰতীয় জনতা পাৰ্টিৰ গোলাঘাট জিলাৰ সভাপতি চন্দ্ৰজিৎ ঠাকুৰ, অসম গণ পৰিষদৰ গোলাঘাট জিলাৰ সভাপতি নৃপেন বৰুৱা , কাজিৰঙা লোকসভা সমষ্টিৰ সাংসদ কামাখ্যা প্ৰসাদ তাছা ই বক্তব্য ৰাখে । নিজৰ ভাষণ অতুল বৰাই কয় যে ২০১৬ ৰ পৰা বোকাখাতত বহু কাম কৰিলোঁ সেয়া সকলোৱে দেখিছে, ২০২৬ ত আমি নিৰ্বাচিত হ'লে আমাৰ লক্ষ্য এটাই হ'ব - বিকশিত বোকাখাত, সমৃদ্ধিশালী বোকাখাত । প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ মাৰ্গদৰ্শন আৰু মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ সবল তথা দূৰদৰ্শী নেতৃত্বৰ শলাগ লৈ মন্ত্ৰী বৰাই কয় যে ৰাজ্যখনৰ উন্নয়ন দ্ৰুতগতিত হৈছে। স্বাধীনতাৰ পাছৰ পৰা প্ৰতিখন চৰকাৰে এনেদৰে কাম কৰা হ'লে দেশৰ ভিতৰতে আমাৰ ৰাজ্যখন সৰ্বশ্ৰেষ্ঠ হ'ল হেতেন। বৰ্তমান চৰকাৰৰ উন্নয়নৰ কাম কাজত ৰাইজ সন্তুষ্ট হৈছে আৰু সেইবাবেই এইবাৰো মিত্ৰজোঁটৰ প্ৰাৰ্থী সকলক বিপুল ভোটত জয়ী কৰিব ৰাইজে আৰু মিত্ৰজোঁটে পূৰ্বতকৈও অধিক আসন লাভ কৰিবলৈ সক্ষম হ'ব বুলিও দাবী কৰে। প্ৰতিকুল বতৰ স্বত্বেও নিজে হেলিকপ্টাৰ চলাই আহি ইয়াত উপস্থিত হোৱা বিজেপিৰ কেন্দ্ৰীয় উপ সভাপতি বৈজয়ন্ত পাণ্ডাক প্ৰশংসা কৰে অতুল বৰাই। 

উল্লেখ্য যে প্ৰতিকুল বতৰৰ বাবে প্ৰচাৰ সভাত উপস্থিত থাকিব নোৱাৰিলেও বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি নীতিন নবীন দুৰভাষেৰে উপস্থিত ৰাইজক সমভাষণ জনায় । নীতিন নবীনে কয় যে বিজেপি নেতৃত্বাধীন চৰকাৰৰ প্ৰচেষ্টাত বিকশিত অসমে নতুন ৰূপেৰে উন্নয়নৰ দিশে আগবাঢ়ি যাব । অসমক সুৰক্ষিত অসম, নিচিন্ত অসম হিচাবে গঢ় দিয়াৰ প্ৰধানমন্ত্ৰীৰ সপোন আমাৰ সংকল্প আৰু নিশ্চিত ৰূপত অসমৰ ৰাইজ সুৰক্ষিত হ'ব বুলি আশ্বাস আৰু প্ৰতিশ্ৰুতি প্ৰদান কৰে ৰাষ্ট্ৰীয় সভাপতি গৰাকীয়ে । ফোন যোগে দিয়া ভাষণত অতুল বৰাৰ নেতৃত্বত বোকাখাতৰ সামগ্ৰিক উন্নয়নৰ শলাগ লয় আৰু ভৱিষ্যতেও বিজেপি তথা মিত্ৰজোঁটৰ চৰকাৰে বোকাখাতৰ সামগ্ৰিক উন্নয়ন, বিকাশৰ বাবে কাম কৰি যোৱাৰ প্ৰতিশ্ৰুতি দিয়ে লগতে ৰাষ্ট্ৰীয় সভাপতি গৰাকীয়ে বোকাখাত বিধানসভা সমষ্টিৰ পৰা মিত্ৰজোঁটৰ হৈ প্ৰতিদ্বন্দ্বিতা কৰা প্ৰাৰ্থী অতুল বৰাক বিপুল ভোটত জয়ী কৰিবলৈ ৰাইজক আহ্বান জনায় । লগতে তেওঁ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ শক্তিশালী নেতৃত্বৰ শলাগ লৈ কয় যে এইবাৰো বিপুল ভোটত জয়যুক্ত হৈ শক্তিশালী চৰকাৰ গঠন হ'ব। এই চৰকাৰৰ পৰা যুৱ প্ৰজন্মৰ বাবে নতুন আঁচনিৰ আশ্বাস প্ৰদান কৰি অসমৰ যুৱ প্ৰজন্মই কৰ্ম সংস্থাপন পাব বুলি আশ্বাস দিয়ে, লগতে মহিলা সকলে সন্মান লাভ কৰাল লগতে ন ন সুবিধাৰ আঁচনি লাভ কৰাৰ কথা দোহাৰে। তদুপৰি প্ৰতি গৰাকী মহিলাক স্বাৱলম্বী কৰাৰ উদ্দেশ্যে লাখপতি বাইদেউ হিচাবে প্ৰতিষ্ঠা কৰাৰ প্ৰধানমন্ত্ৰীৰ সংকল্পক মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই অসমৰ লাখ লাখ মহিলাক এই আঁচনিত অন্তৰ্ভুক্ত কৰি লাভৱান কৰাৰ প্ৰচেষ্টা চলাই নিছে বুলি নিজৰ বক্তব্যত শলাগ লয়। 

*********