দ্বিতীয় অসম বন সুৰক্ষা বাহিনীৰ শিৱিৰত কাজিৰঙাৰ ২৯৯ গৰাকী বনকৰ্মীক অস্ত্ৰৰ প্ৰশিক্ষণ :

দ্বিতীয় অসম বন সুৰক্ষা বাহিনীৰ শিৱিৰত কাজিৰঙাৰ ২৯৯ গৰাকী বনকৰ্মীক অস্ত্ৰৰ প্ৰশিক্ষণ  :
Aiidesh photo
দ্বিতীয় অসম বন সুৰক্ষা বাহিনীৰ শিৱিৰত কাজিৰঙাৰ ২৯৯ গৰাকী বনকৰ্মীক অস্ত্ৰৰ প্ৰশিক্ষণ  :

দ্বিতীয় অসম বন সুৰক্ষা বাহিনীৰ শিৱিৰত কাজিৰঙাৰ ২৯৯ গৰাকী বনকৰ্মীক অস্ত্ৰৰ প্ৰশিক্ষণ  :

Aiidesh News  :  21 June  :


কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ উদ্যোগত উদ্যানৰ বন কৰ্মী সকলক মৰণাস্ত্ৰ চলোৱা আৰু পৰিচালনা কৰাৰ এক সপ্তাহ জোৰা প্ৰশিক্ষণ প্ৰদান কৰা হয় ৷  ৰাষ্ট্ৰীয় উদ্যানখনৰ গাতে লাগি থকা কলিয়াবৰ মহকুমাৰ চেকনিৰ দ্বিতীয় অসম বন সুৰক্ষা বাহিনীৰ কামাণ্ডেন্টৰ নেতৃত্বত এই শিৱিৰতে বনকৰ্মী সকলক অস্ত্ৰ  প্ৰশিক্ষন প্ৰদান কৰা হয় ৷ এসপ্তাহৰ এই প্ৰশিক্ষনত বনকৰ্মী সকলক অস্ত্ৰ-শস্ত্ৰ আৰু গুলী বাৰুদ ৰক্ষণাবেক্ষণৰ আৰু পৰিচালনাৰ ওপৰত এক প্ৰশিক্ষণ প্ৰদান কৰা হয় ৷ দ্বিতীয় বন সুৰক্ষা বাহিনীৰ কামাণ্ডেন্টৰ তত্বাৱধানত আয়োজিত এই প্ৰশিক্ষণত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ ১৭৯   গৰাকী সাধাৰণ বন কৰ্মী, ৭৮ গৰাকী গড় সুৰক্ষাৰ বিশেষ বাহিনীৰ জোৱান আৰু ৪২ গৰাকী  নিয়মীয়া বন কৰ্মীক অস্ত্ৰ চালনা আৰু পৰিচালনাৰ প্ৰশিক্ষণ প্ৰাদান কৰা হয় ৷  


এই প্ৰশিক্ষণত বনকৰ্মী সকলক অস্ত্ৰ চালনাৰ লগতে অস্ত্ৰ-শস্ত্ৰ ৰক্ষণাবেক্ষণ,তত্বাৱধান, নিয়মীয়া পেৰেড আৰু গুলীচালনাৰ পদ্ধতি বিষয়ে প্ৰশিক্ষণ প্ৰদান কৰা হয় ।

******