১০৯ নং বিহপুৰীয়া বিধানসভা সমষ্টিত এইবাৰ বিপিএফ দলৰ প্ৰাৰ্থীৰ কুছকাৱাজ

এইবাৰ অসম বিধান সভাৰ ২০২১বৰ্ষৰ নিৰ্বাচনত ১০৯ নং বিহপুৰীয়া সমষ্টিত বিপিএফ দলৰ পৰা  নতুনকৈ প্ৰতিদ্বন্দিতা বাবে সাজু হৈছে এগৰাকী খিলঞ্জীয়া জনগোষ্ঠীৰ নেতাই । সুদীৰ্ঘ ১২ বছৰে আঞ্চলিক দল বিপিএফ দলৰ লখিমপুৰ জিলাৰ সভাপতি পদৰ দায়িত্ব পালন কৰি অহা ৰাজু দলেয়ে এইবাৰ বিহপুৰীয়া সমষ্টিৰ পৰা প্ৰতিদ্বন্দিতা কৰা কুছকাৱাজ ইতিমধ্যে আৰম্ভ কৰিছে । যদিও বৰ্তমান দলটোৱে বিজেপি দলৰ লগত মিত্ৰতা সাপেক্ষে চৰকাৰ চলি আছে, তথাপি বিহপুৰীয়া সমষ্টিৰ বিজেপি দলৰ বিধায়ক দেবানন্দ হাজৰিকাৰ একনায়ত্ববাদৰ প্ৰতি অসন্তুষ্ট হৈ নিজাববীয়াকৈ প্ৰাৰ্থীত্ব আগবঢ়াব  সাংবাদিকৰ আগত প্ৰকাশ কৰে ।