জে ডি এছ জি মহাবিদ্যালয়ৰ ৰাষ্ট্ৰীয় সেৱা যোজনাৰ বিশেষ শিৱিৰ : বোকাখাতৰ কলাখোৱা গাওঁত ছাত্ৰ ছাত্ৰীৰ দ্বাৰা পথ মেৰামতি :

Aiidesh Photo

Aiidesh News : 30 December :

বোকাখাতৰ আগশাৰীৰ শিক্ষানুষ্ঠান জে ডি এছ জি মহাবিদ্যালয়ৰ ৰাষ্ট্ৰীয় সেৱা যোজনাৰ এক বিশেষ সেৱা শিৱিৰ যোৱা ২৪ ডিচেম্বৰৰ পৰা বোকাখাত মহকুমাৰ কলাখোৱা গাওঁত অনুষ্ঠিত হয় ৷ এই বিশেষ সেৱা শিৱিৰত মহাবিদ্যালয় খনৰ মুঠ ৩৫ গৰাকী ছাত্ৰ ছাত্ৰীয়ে অংশ গ্ৰহন কৰি বিগত ৭ টা দিনত গাওঁৰ ৰাষ্টা পদুলি নিৰ্মান , ক্ষেত্ৰ অধ্যয়ন, গাওঁখনত থকা পশ্চিম কলাখোৱা অনুসুচীত জাতি প্ৰাথমিক বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীক শিক্ষা দানো কৰো ৷  সপ্তাহ জোৰা সেৱা দানৰ শেষত আজি গাওঁৰ প্ৰাথমিক বিদ্যালয়ত বিশেষ শিৱিৰৰ সামৰনি অনুষ্ঠান অনুষ্ঠিত হয় ৷ অনুষ্ঠানত জে ডি এছ জি মহাবিদ্যালয়ৰ অধ্যক্ষ ড৹ জয়ন্ত গগৈ,  অধ্যাপক ড৹ অৰুণ বৰা, ৰুলী খনিকৰ, নিভাননী বৰুৱা, অৱসৰ প্ৰাপ্ত অধ্যাপক প্ৰশান্ত ফুকনৰ উপৰিও প্ৰাথমিক বিদ্যালয় খনৰ প্ৰধান শিক্ষয়িত্ৰী পুন্যপ্ৰভা গগৈ, সোমেশ্বৰ দাস, ভাগৱতী প্ৰসাদ দাস উপস্থিত থাকি কলাখোৱা গাওঁত মহাবিদ্যালয় খনৰ ছাত্ৰ ছাত্ৰী সকলে আগবঢ়োৱা সেৱাৰ বাবে কৃতজ্ঞতা জনায় ৷ অনুষ্ঠানত প্ৰাথমিক বিদ্যালয় খনৰ লগতে মহাবিদ্যালয়ৰ ছাত্ৰ ছাত্ৰী সকলে গীত নৃত্য আদি পৰিবেশন কৰে ৷ উল্লেখ্য যে কলাখোৱা গাওঁত জে ডি এছ জি মহাবিদ্যালয়ৰ ৰাষ্ট্ৰীয় সেৱা যোজনাৰ সপ্তাহজোৰা কাৰ্যসুচী আৰু শিৱিৰ পৰিচালনা কৰে মহাবিদ্যালয় খনৰ ৰাষ্ট্ৰীয় সেৱা যোজনাৰ তত্বাৱধায়ক অধ্যাপক প্ৰশান্ত শইকীয়া আৰু অধ্যাপক মতিৰাম দাসে  ৷

*******