কেন্দ্ৰীয় পৰ্যটন মন্ত্ৰালয়ৰ উদ্যোগত ২৬ ৰ পৰা ২৯ নৱেম্বৰলৈকে কাজিৰঙাত অনুষ্ঠিত হ’ব আন্তঃৰাষ্ট্ৰীয় পৰ্যটন মেলা ⦂

কেন্দ্ৰীয় পৰ্যটন মন্ত্ৰালয়ৰ উদ্যোগত ২৬ ৰ পৰা ২৯ নৱেম্বৰলৈকে কাজিৰঙাত অনুষ্ঠিত হ’ব আন্তঃৰাষ্ট্ৰীয় পৰ্যটন মেলা ⦂
Collected
কেন্দ্ৰীয় পৰ্যটন মন্ত্ৰালয়ৰ উদ্যোগত ২৬ ৰ পৰা ২৯ নৱেম্বৰলৈকে কাজিৰঙাত অনুষ্ঠিত হ’ব আন্তঃৰাষ্ট্ৰীয় পৰ্যটন মেলা ⦂

Aiidesh News ⦂ 24 November - 2024 ⦂

দ্বাদশ আন্তৰ্জাতিক পৰ্যটন মেলাৰ  অহা ২৬ নবেম্বৰৰ পৰা ২৯ নৱেম্বৰলৈকে কাজিৰঙাৰ কঁহৰাত অনুষ্ঠিত হ'ব । ভাৰত চৰকাৰৰ পৰ্যটন মন্ত্ৰালয়ৰ দ্বাৰা আয়োজিত এই বাৰ্ষিক আন্তৰ্জাতিক পৰ্যটন মেলাত দেশীয় আৰু আন্তঃৰাষ্ট্ৰীয় পৰ্যটকৰ বাবে উত্তৰ-পূৰ্বাঞ্চলৰ পৰ্যটনৰ সম্ভাৱনাৰ ওপৰত আলোকপাত কৰা হ’ব বুলি পৰ্যটনৰ সুত্ৰত প্ৰকাশ ৷ দ্বাদশ আন্তৰ্জাতিক পৰ্যটন মেলাত অসম, অৰুণাচল প্ৰদেশ, মণিপুৰ, মেঘালয়, মিজোৰাম, নাগালেণ্ড, ত্ৰিপুৰা আৰু ছিকিমকে ধৰি উত্তৰ-পূবৰ আঠখন ৰাজ্য পৰা পৰ্যটন ব্যৱসায় আৰু উদ্যোগীসকলক অংশগ্ৰহন কৰিব ৷ এই মেলাই পৰ্যটনত জড়িত ব্যৱসায়ী , সংবাদ মাধ্যম  চৰকাৰী সংস্থা আৰু অন্যান্য অংশীদাৰ সকলৰ মাজত সহযোগিতা আৰু বাৰ্তালাপ বৃদ্ধি কৰাৰ বাবে এক গুৰুত্বপূৰ্ণ মঞ্চ হিচাপে কাম কৰিব বুলি সুত্ৰটোত প্ৰকাশ ।

আন্তঃৰাষ্ট্ৰীয় পৰ্যটন মেলা প্ৰতি বছৰেই দেশৰ বিচিত্ৰ ভূ বৈচিত্ৰতা, জৈৱ বৈচিত্ৰতা, বিভিন্ন জনগোষ্ঠীয় সমন্বয় , প্ৰাচীন পৰম্পৰা, উৎসৱ, কলা আৰু কাৰুশিল্পৰ বাবে বিখ্যাত অঞ্চলত অনুষ্ঠিত হ'য় । বিশ্বৰ ঐতিহ্যৰ ক্ষেত্ৰ কাজিৰঙাৰ জৈৱ বৈচিত্ৰ, এশিঙীয়া গঁড় আৰু সমৃদ্ধশীল জন গাঠনি আৰু সংস্কৃতি এই বাৰ দ্বাদশ আন্তঃৰাষ্ট্ৰীয় পৰ্যটন মেলাৰ আকৰ্ষণ বুলি পৰ্যটন বিভাগে জানিবলৈ দিছে ৷ কেন্দ্ৰীয় পৰ্যটন বিভাগৰ জেষ্ঠ বিষয়া মুগ্ধা সিনহাই জনাৱা মতে কাজিৰঙাত অনুষ্ঠিত হ’ব লগা দ্বাদশ আন্তঃৰাষ্ট্ৰীয় পৰ্যটন মেলাত প্ৰায় ৪০০ জন দেশী বিদেশ টুৰ অপাৰেটৰ, হোটেল ব্যৱসায়ী, পৰ্যটন ব্যৱসায়ী, সংবাদ সেৱী, আন্তঃৰাষ্ট্ৰীয় শিক্ষাৰ্থীৰ উপৰিও কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰৰ জ্যেষ্ঠ বিষয়াসকলে অংশ গ্ৰহন কৰিব । বিষয়া গৰাকীয়ে জনোৱা মতে তিনিদিনীয়া এই পৰ্যটন মেলাত ৰাজ্য চৰকাৰৰ পৰ্যটন আঁচনিৰ উপস্থাপন, বিভিন্ন বৈঠক, আলোচনা, খাদ্য প্ৰদৰ্শন, সাংস্কৃতিক সন্ধিয়া, লাইভ সংগীত, উত্তৰ-পূব বজাৰৰ উপৰিও ভাৰতৰ নৱতম আৰু ৪৩ সংখ্যক ইউনেস্কো বিশ্ব ঐতিহ্য ক্ষেত্ৰ চৰাইদেউ মৈদাম, কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ ভ্ৰমণকে ধৰি বিভিন্ন কাৰ্যসুচী অন্তৰ্ভূক্ত হ'ব ।  মেলাত অংশগ্ৰহনকাৰী সকলক কাজিৰঙাৰ হাতীখুলি চাহ বাগিছা আৰু অৰ্কিড আৰু জৈৱ বৈচিত্ৰ্য উদ্যানো দেখুৱা হ’ব ৷ 

জেষ্ঠ বিষয়া মুগ্ধা সিনহাই জনোৱা মতে কাজিৰঙাৰ দ্বাদশ আন্তঃৰাষ্ট্ৰীয় পৰ্যটন মেলাত প্ৰযটনত পৰিৱেশ সংৰক্ষণ, উচ্চ প্ৰযুক্তিৰ ব্যৱহাৰ, প্লাষ্টিকৰ ব্যৱহাৰ নিয়ন্ত্ৰন কৰা আদি বিষয়ৰ ওপৰত গুৰুত্ব প্ৰদান কৰা হ’ব ৷ এই পৰ্যটন মেলাত যাতায়তৰ বাবে উচ্চ প্ৰযুক্তিৰ শ্বাটল সেৱাৰ ব্যৱহাৰ কৰি প্ৰকৃতিৰ সৈতে পৰ্যটনৰ সামঞ্জস্য ৰখাৰ বাবে চেষ্টা কৰা হ’ব বুলিও তেওঁ অৱগত কৰে ৷

***************